Breaking

উন্মোচন হ’ল অনুপমা দেউৰী ভৰালীৰ উপন্যাস ‘দেৱাশীষা’…

0 14

দেওবাৰে ভেটাপাৰাৰ বনফুল প্ৰকাশনৰ উদ্যোগত কাহিলীপাৰাৰ জ্যোতি চিত্ৰবনৰ ভিডিঅ’ কনফাৰেন্স হলত  দিনৰ ১১ বজাত এখন গ্ৰন্থ উন্মোচনী সভাৰ আয়োজন কৰা হয়৷ উক্ত সভাত  অনুপমা দেউৰী ভৰালী ৰচিত ‘দেৱাশীষা’ শীৰ্ষক  উপন্যাসখন উন্মোচন কৰে বিশিষ্ট লেখক, সাহিত্যিক তথা দেউৰী সাহিত্য সভাৰ সভাপতি ড° ষড়ানন দেউৰীয়ে৷ উক্ত গ্ৰন্থ উন্মোচনী সভাত মুখ্য অতিথি হিচাপে বিশিষ্ট লেখক, দিছপুৰ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক  ড° সঞ্জীৱ শৰ্মা আৰু বিশিষ্ট অতিথি হিচাপে অসম চৰকাৰৰ উদ্যোগ বিভাগৰ প্ৰাক্তন উচ্চপদস্থ বিষয়া লেখক -সমাজকৰ্মী হেমৰঞ্জন দেউৰী,বিশিষ্ট কবি ড° অতুল কুমাৰ দেউৰী ভৰালী,লেখক তথা ভাৰতীয় বন বিভাগৰ প্ৰাক্তন উচ্চপদস্থ বিষয়া ৰমাকান্ত দেউৰী আৰু অসম চৰকাৰৰ  উচ্চ পদস্থ বিষয়া ত্ৰৈলোক্য দেউৰী উপস্থিত থাকে৷

সাংবাদিক-লেখিকা দৰ্শনা বৰুৱাই আঁতধৰা উক্ত গ্ৰন্থ উন্মোচনী সভাৰ উদ্দেশ্য বাখ্যা কৰে  বনফুল প্ৰকাশনৰ হৈ প্ৰকাশক বিনু দেউৰী বৰুৱাই৷ সভাৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে গংগা গোমতী ব্ৰহ্মপুত্ৰ নামৰ লোক -সংস্কৃতিৰ অনুষ্ঠানটিৰ আজীৱন সভাপতি ড° অতুল কুমাৰ দেউৰী ভৰালীয়ে৷সভাত দেৱাশীষা উপন্যাসখনৰ  ঔপন্যাসিক  অনুপমা দেউৰী ভৰালীয়ে নিজৰ মনৰ অনুভৱ ব্যক্ত কৰাৰ লগতে গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত  বনফুল প্ৰকাশনৰ প্ৰকাশন উপদেষ্টা তথা সাহিত্য একাডেমীৰ অনুবাদ বঁটা প্ৰাপক বিশিষ্ট অনুবাদক -লেখক বিপুল দেউৰী উপস্থিত থাকি বক্তব্য  প্ৰদান কৰে৷ সভাখনত সুবন্তি দেউৰী,অৰ্চনা দেউৰী,ফ্ল’ৰিনা দেউৰী,মৃদুস্মিতা দেউৰী আৰু দেৱদৰ্শনা দেউৰীয়ে কবিতা আবৃত্তি কৰি সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে৷সভাখনত ডাঃ আব্দুল দেউৰী,বিজয় দেউৰী আদিকে ধৰি কেইবাগৰাকীও গণ্য মান্য ব্যক্তি উপস্থিত থাকে৷

Leave A Reply