“তোমালোকৰ গাঁৱৰ মনোৰম দৃশ্যবোৰ চকুৰ আগত ভাহি থাকে(Anupom Anurag)৷ জিৰ্ জিৰ্ কৈ বৈ থকা জুৰি,ঘন অৰণ্য আৰু উজনিমুৱা ৰে’লা ঝক্ ঝক্ শব্দবোৰে মনত ঢৌ তুলি যায়(Kanan Pegu)৷
তাতে তোমাৰ মিঠা মিঠা মাত, অস্পষ্টভাৱে গুণগুণোৱা গীতৰ কলিবোৰে দেহ-মন ৰোমাঞ্চিত কৰি তোলে৷”এনেদৰে প্ৰেমৰ মিঠা মিঠা গুণ থকা ৬৮খন প্ৰেম পত্ৰ অন্তভূক্তিৰে অসমীয়া পত্ৰোপন্যাসত নতুনকৈ সংযোজন হ’ল কানন পেগুৰ “অনুপম অনুৰাগ”(Unique Passion)৷ পত্ৰ মানে চিঠিৰ গুৰুত্ব অপৰিসীম। অতীতত যোগাযোগৰ মুখ্যমাধ্যম পত্ৰ আছিল(Bipul Sarma)৷
সেইদৰে প্ৰেম প্ৰকাশৰ বাবে প্ৰেমিক-প্ৰেমিকাৰ সহজ পথ আছিল চিঠি বা পত্ৰ।বৰ বেছি দুৰলৈ নগৈ ঊষা-অনিৰুদ্ধ প্ৰেম কাহিনীত পত্ৰৰ সুন্দৰ উদাৰহণ আছে(New Books)৷ ম’ৱাইল প্ৰচলনৰ আগলৈকে মনৰ ভাব প্ৰকাশৰ সহজ মাধ্যম এই পত্ৰ৷ প্ৰেমিক-প্ৰেমিকাৰ প্ৰেম পত্ৰসমূহ সাহিত্য সৃষ্টিৰ এক প্ৰথম আৰু উৎকৃষ্টতম সম্পদ বুলি ক’ব পাৰোঁ৷
“তোমাৰ চিঠিয়ে প্ৰিয়ে জানে কি মোহিনী/নিতৌ নোহোৱা বাহী ন ন ফুল মেলে৷/যত শুঙো, চুমা খাওঁ, নালাগে আমনি/হৃদয়ত হেঁপাহৰ ভোটাতৰা জ্বলে৷”—(হেমচন্দ্ৰ গোস্বামী)৷অসমীয়া কাব্যসাহিত্যৰ হেমচন্দ্ৰ গোস্বামীৰ “প্ৰিয়তমা চিঠি”কবিতাটিয়ে বুজাই দিয়ে প্ৰেমিক-প্ৰেমিকাৰ বাবে প্ৰেম পত্ৰৰ গুৰুত্ব কিমান৷
এই প্ৰেম পত্ৰ বা অন্য বিষয় লৈ বিভিন্ন জনে বিভিন্ন জনলৈ লিখা পত্ৰ বা চিঠিৰ বহু বিখ্যাত সংকলন বিশ্বৰ সাহিত্যৰ বিখ্যাত গ্ৰন্থ ৷পত্ৰ সাহিত্যৰ ইতিহাস পুৰণি৷ সেইদৰে পত্ৰোপন্যাস বহুত আছে বিশ্ব সাহিত্যত৷ অসমীয়া সাহিত্যৰ কেইখন মান পত্ৰ উপন্যাস হৈছে-বিষ্ণু কিংকৰ কলিতাৰ “চিন্তা”, হলিৰাম ডেকাৰ “অলকালৈ চিঠি”, “অৰুণালৈ চিঠি”, প্ৰসন্ন কুমাৰ ডেকাৰ “প্ৰিয়ত্তমাসু” আদি৷
শেহতীয়াকৈ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী তথা লেখিকা কানন পেগুৰ “অনুপম অনুৰাগ” নামৰ পত্ৰোপন্যাস খন পঢ়াৰ সুযোগ লাভ কৰিছিলো৷ প্ৰায় ১১২ পৃষ্ঠাৰ গ্ৰন্থ খনৰ বাট চ’ৰাত কানন পেগুৱে লেখিছে —“ইয়াত সন্নিবিষ্ট কাহিনী আৰু পত্ৰবোৰ সঁচা৷ পত্ৰবোৰ প্ৰকাশ কৰোতে ইফাল-সিফাল কৰা নাই৷
ঠাই নামবোৰ একে ৰাখি নায়ক-নায়িকাৰ নামবোৰ মাত্ৰ সলনি কৰি দিয়া হৈছে৷” অৰ্থাৎ পত্ৰোপন্যাসখন সঁচা আৰু বাস্তৱ৷ গতিকে ১৯৭৩ চনত ধেমাজিৰ এজন মিছিং যুৱক অনুপমে অসম চিকিৎসা মহাবিদ্যালয়ত এমবিবিএছ পঢ়িছিল আৰু তেতিয়াই ধেমাজি সদৰৰ পৰা ৬০কিলোমিটাৰ দূৰৰ জামজিং জাঁজি গাৱঁৰ অৰণ্যা নামৰ এগৰাকী মিছিং যুৱতীৰ প্ৰেমত পৰে যদিও অৰণ্যাই অনুপমক এৰি অন্য এজন যুৱকৰ লগত পলাই যায়৷
অৰণ্যাৰ এই প্ৰতাৰণা সহ্য কৰিব নোৱাৰি ভাগি পৰা অনুপমক প্ৰেৰণা দিয়াৰ বাবে বনানীয়ে সৰু চিঠি দিছিল৷ এইয়া আৰম্ভনি ,তাৰ পিছত বনানীৰ লগত প্ৰেম হয় অনুপমৰ৷ এই অনুপমে বনানীলৈ লেখা প্ৰেম পত্ৰসমূহক কানন পেগুৱে মালা গাঁঠি উপন্যাস ৰূপত প্ৰকাশ কৰিছে৷ “অনুপম অনুৰাগ”ৰ নায়ক অনুপমে নায়িকা বনানীলৈ লেখা ৬৮খন পত্ৰ আৰু ইয়াৰ লগতে প্ৰতিখন পত্ৰৰ আৰম্ভনিতে বনানীয়ে কৌশলেৰে এক সংযোগ স্থাপন কৰিছে যাতে চিঠি সমূহ পঢ়ি পাঠকৰ খেলিমেলি নহয় ৷
এই ৬৮খন চিঠিৰ লগত বনানীৰ মোমায়েকৰ এখন চিঠি সংযোগ কৰিছে,যিখন চিঠিয়ে বনানী আৰু অনুপমৰ মিলনত মুখ্য ভুমিকা গ্ৰহণ কৰিছে। “ডাক ঘৰত টিকট,এনভেলভ,ইনলেণ্ড কাৰ্ড নোপোৱাৰ বাবে চিঠি লিখিম বুলি ভাবিও লিখিব পৰা নাই৷ মোৰ ৰিজাল্ট ভাল হ’ল৷” এনেদৰে ১৯৭৩-১৯৭৫ চনৰ সময়ৰ বৰ্ণনা থকা “অনুপম অনুৰাগ”ত অনুপমৰ প্ৰথম বনানীলৈ চিঠি লেখিছিল ১৯৭৩ চনৰ ১২ মাৰ্চত আৰু শেষৰ খন চিঠি আছিল ১৯৭৫ চনৰ ১৯ নবেম্বৰ তাৰিখে৷
সেই সময়ত ডাকঘৰ,পিয়ন,ডাক টিকট,ইনলেণ্ড কাৰ্ড আদিৰ গুৰুত্ব কিমান সেই সময়ৰ বহুতে জানে ৷অনুপমে দিয়া ৬৮ খন পত্ৰত প্ৰেমিকাৰ পঢ়িবলৈ উৎসাহ দিয়াৰ লগতে চিঠিৰ মাজত সেই সময়ৰ ৰাজনৈতিক যাতায়তৰ কথা পোৱা যায় মাজে মাজে ৷অনুপমৰ চিঠি সমূহ পঢ়িলে ধাৰণা হয় যেন— “বনানীৰ প্ৰেম ফুলু নুফুলুকৈ থকা গোলাপৰ কলি আছিল ৷
”সেইবাবে বনানীয়ে ১৯৭৩চনত মেট্ৰিক পৰীক্ষাত (মাথোঁ ১নম্বৰ বাবে দ্বিতীয় বিভাগ নাপাল) উৰ্ত্তীণ হৈছিল। একেদৰে প্ৰেমিক অনুুপমে ডিব্ৰুগড়ত পঢ়িবলৈ অনুৰোধ জনোৱাৰ পিছটো লখিমপুৰ ছোৱালী মহাবিদ্যালয়ত পঢ়িছিল ৷মেট্ৰিক পৰীক্ষা সময়ত বনানীক উইনচাং(সেই সময়ত বহুত দামী আৰু ভাল) কলম উপহাৰ দিছিল। যদিও উপন্যাসত এই কথা উল্লেখ নাই৷
কানন পেগুৰ অন্য এক লেখাত এইয়া উল্লেখ আছে৷ কাৰণ উপন্যাসখন নায়ক নায়িকাৰ নামৰ বাদে সকলো সঁচা বুলি লেখিকাই উল্লেখ কৰিছে৷ সেইদৰে ১৯ নবেম্বৰ ১৯৭৫ তাৰিখৰ চিঠিৰ পিছতে নায়ক অনুপমে বনানীক পলুৱাই নি বিয়া পাতে৷ একেদৰে যোগাযোগ ব্যৱস্থাৰ কথা পোৱা যায় অনুপমৰ চিঠিত এনেদৰে, “যোৱা ০৯/০৪/১৯৭৫ তাৰিখে উত্তৰ লক্ষীমপুৰলৈ ওলাইছিলো।
বৰদলনিত গাড়ীখন বেয়া হোৱাৰ কাৰণে ঘূৰি আহিলো৷ উত্তৰ লক্ষীমপুৰলৈ যোৱাটো মোৰ বাবে চন্দ্ৰলৈ যোৱাৰ দৰে হৈছে৷” একেদৰে মাজে মাজে চিঠিত গীতৰ কলি আছে। উদাহৰণ স্বৰূপে —“তোমাৰ মৰমে মোৰ/দেহাত তুলিলে ঢৌ/কিযে মিঠা মিঠা/কিযে ভাল লগা৷”আকৌ কেতিয়াবা বনানীকো পিতৃ-মাতৃয়ে আন কাৰোবালৈ বিয়া দিব বুলি শুনি অনুপমে এনেদৰে লেখিছে— “তাৰোপৰি নৰ্থ বেংক কলেজৰ কোনোবা পেগু অধ্যাপকৰ লগত তোমাক বিয়া দিবলৈ ইচ্ছা কৰাৰ কথাও নোকোৱাকৈ থকা নাই৷
তোমাৰ সুখ-সমৃদ্ধিক হিংসা কৰাটো মোৰ ডাঙৰ পাপ হ’ব। মই ক’লো— বনানী সুখী হ’লে মই নিতান্তই সুখী হ’ম৷ কিন্তু কেনেবাকৈ দুখ দেখিলে সহ্য কৰিব নোৱাৰিম৷” হোমেন শইকীয়াৰ বেটুপাতে পাঠক আকৰ্ষণ কৰিব পৰা গ্ৰন্থ খন প্ৰকাশ কৰিছে চিলাপথাৰ কবি সমাজে৷ প্ৰতিখন চিঠিৰ আৰম্ভনিতে বনানীয়ে এক চমু বৰ্ণনাৰে কাহিনী গতি প্ৰদান কৰিছে৷
এনে ক্ষেত্ৰত বহু সময়ত লেখিকা কানন পেগু যেন অনুপমৰ নায়িকা বনানী বুলি ভাবিলৈ বাধ্য হ’ব৷ এইয়া হৈছে লেখিকাৰ সফলতা ৷আনহাতে গ্ৰন্থ খন পঢ়িলে ৭৩-৭৫ চনৰ এগৰাকী কিশোৰী আৰু এজন যৌৱনপ্ৰাপ্ত যুৱকৰ মানসিকতা তথা সেই সময়ৰ সঁচা প্ৰেমৰ বিষয়ে জানিব পাৰিব৷ একেদৰে ২০০০ চনৰ আগৰ পাঠক নষ্টালজিয়া হৈ পৰিব।
শেষত অনুপম বনানীৰ সফল প্ৰেমত দুয়ো হৃদয়ত গুঞ্জৰিত হৈছিল কিশোৰ কুমাৰৰ সেই বিখ্যাত গীতটি— “হা বাদল বিজুলি চন্দন পানী/যেইছা?আপনা প্যাৰ/ লেনা হোগা জনম হমে/ কৌই কৌই বাৰ/ আ ইতনা মধুৰ ইতনা মধুৰ/ তেৰা মেৰা প্যাৰ/ লেনা হোগা জনম হমে/ কৌই কৌই বাৰ৷”
অনুপম অনুৰাগ
কানন পেগু
মুল্য- ১০০টকা
প্ৰকাশক- চিলাপথাৰ কবি সমাজ
গ্ৰন্থ পৰিচয়াকঃ বিপুল শৰ্মা(Bipul Sarma)