ছয়দুৱাৰ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক লৈ গঠিত সাহিত্য-সংস্কৃতিৰ একমাত্ৰ অনুষ্ঠান ‘অনুৰাগ’ৰ উদ্যোগত এক বিশেষ অনুষ্ঠান ৰূপায়ণ হয়। ‘এমুঠি সম্ভাৱনাৰে শীতৰ দুপৰীয়া’ শীৰ্ষক অনুষ্ঠানটি কালি দিনৰ ১১ বজাত মহাবিদ্যালয়ৰ পোন্ধৰ নং শ্ৰেণী কোঠাত মহাবিদ্যালয়ৰ একাংশ ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত অনুষ্ঠিত হয়। মহাবিদ্যালয়ৰ অধ্যাপক তথা বিশিষ্ট কবি-লেখক ‘অনুৰাগ’ৰ সভাপতি ড০ ভাস্কৰজ্যোতি গগৈ সভাপতিত্বত অনুষ্ঠিত সভাখনি ছাত্ৰ অবিনাশ বৰুৱাৰ এটি গীতেৰে শুভাৰম্ভ কৰা হয়। এই অনুষ্ঠানত ‘অনুৰাগ’ৰ ন-পুৰণি সদস্য সকলৰ দ্বাৰা গীত-নৃত্য-কবিতা-গল্প-বক্তৃতা আদি পৰিবেশনেৰে সভাখনি উজ্জীৱিত হৈ উঠে। ছাত্ৰ অবিনাশ বৰুৱাই উদ্দেশ্য ব্যাখ্যা কৰা সভাতে গহপুুুৰৰ জ্যেষ্ঠ সাংবাদিক তথা সমাজকৰ্মী ভুৱন শইকীয়া, কবি-সাংবাদিক তথা সমালোচক বিপুল কুমাৰ দিহিঙীয়া, বিশিষ্ট সংগীত শিল্পী নুপূৰ হাজৰিকা আৰু ছাত্ৰ অসীম নাথে বক্তব্য আগবঢ়ায়। বিশেষকৈ ভুৱন শইকীয়াই ভাষণ প্ৰসংগত সাংবাদিকতাৰ মাজেৰে সমাজ সেৱা কৰিব পাৰি বুলি উল্লেখ কৰি ছাত্ৰ-ছাত্ৰী সকলক শৈক্ষিক জীৱনৰ মাজে সমাজৰ ভাল কাম কৰি যাবলৈ পৰামৰ্শ আগবঢ়ায়। কবি বিপুল কুমাৰ দিহিঙীয়াই বক্তব্য আগবঢ়াই কয় যে ছয়দুৱাৰ মহাবিদ্যালয়ৰ সৃষ্টিশীল কৰ্মৰ প্ৰতি ছাত্ৰ-ছাত্ৰীৰ অনুৰাগ আদৰণীয় বুলি উল্লেখ কৰি অধ্যাপক তথা বিশিষ্ট কবি ড০ ভাস্কৰজ্যোতি গগৈয়ে ছাত্ৰ-ছাত্ৰীসকলক লৈ এইদৰে কেতবোৰ উল্লেখনীয় পদক্ষেপ লোৱা কাৰ্যক আদৰণি জনায়। মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ‘অনুৰাগ’ এখন সৃষ্টিশীল মঞ্চ বুলিও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। জনপ্ৰিয় কণ্ঠশিল্পী গীত নিপুৱে গীত পৰিৱেশন কৰা সভাতে সাংবাদিক তথা সাংস্কৃতিক কৰ্মী প্ৰণৱজ্যোতি শইকীয়া, শিক্ষক তথা অনুৰাগৰ সদস্য ৰেৱ বৰা, ছাত্ৰ দীপজ্যোতি নাথ, কৰিস্মা দাস, নমি বেজবৰুৱা, উপাসা হাজৰিকাকে ধৰি ভালেকেইগৰাকীয়ে গীত পৰিৱেশন কৰি অনুষ্ঠান জীপাল কৰি তোলে। ঠিক সেইদৰে ছাত্ৰী ৰশ্মিতা শৰ্মা, ববিতা দাস, গীতিকা বৰা, বিস্মিতাকে ধৰি ভালেকেইগৰাকী ছাত্ৰীয়ে নৃত্য পৰিৱেশন কৰা সভাতে ছাত্ৰ যুগান্ত বৰাই স্ব-ৰচিত নীলা খামৰ চিঠি, মনালিছা নাথ, জোনাক শইকীয়া, পৰাৱৰাণী বৰাই কবিতা আবৃত্তি, অজিত কাকতিয়ে স্ব-ৰচিত কবিতা পাঠ কৰি অনুষ্ঠান সজীৱ কৰি তোলে। সভাৰ মাজতে ছাত্ৰ-ছাত্ৰীৰ উদ্যোগত অধ্যাপক ড০ ভাস্কৰজ্যোতি গগৈৰ জন্মদিন উদযাপন কৰা হয়। ‘এমুঠি সম্ভাৱনাৰে শীতৰ দুপৰীয়া’ অনুষ্ঠানটি মুঠতে গীত-নৃত্য-কথাৰে জীপাল হৈ পৰে। কাৰ্যসূচীৰ মাজে মাজে সভাপতি ড০ গগৈয়ে ছাত্ৰ-ছাত্ৰীৰ সৃষ্টিশীল কৰ্মক শলাগ জনাই উদ্গনিমূলক মন্তব্য আগবঢ়াই যায়। উল্লেখ্য যে ছয়দুৱাৰ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত ‘অনুৰাগ’ৰ উদ্যোগত ভালেসংখ্যক অনুষ্ঠান ইতিমধ্যে ৰূপায়ণ কৰা হয়। বিশেষকৈ অসমৰ ভালেসংখ্যক বিশিষ্ট কবি-সাহিত্যিকক আমন্ত্ৰণ কৰি কেতবোৰ গুৰুত্বপূৰ্ণ কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে ক’ভিডকালিন পৰিস্থিতিৰ অনলাইন যোগেও এই অনুষ্ঠানৰ জৰিয়তে গীত-মাত-কথাৰ ভালেকেইটি অনুষ্ঠান ৰূপায়ণ কৰি ছাত্ৰ-ছাত্ৰীৰ সকলক উৎসাহিত কৰি আহিছে। ছাত্ৰ-ছাত্ৰীৰ সৃষ্টিশীল মনক এইদৰেই উৎসাহিত কৰি অহা কাৰ্য সঁচাকৈয়ে আদৰণীয় বুলিও সভাত উপস্থিত থকা অতিথিসকলে একেমুখে স্বীকাৰ কৰে।