নগাঁও প্ৰতিবেদক: পৃথিবীলৈ ভাবুকি আহিছে ৷ আমি পৰিবেশ সুন্দৰ কৰিবলৈ গছ গছনি ৰোপন কৰিব লাগিব – এই মন্তব্য যাদব পায়েঙৰ ৷আজি নগাঁৱত সামাজিক অনুষ্ঠান “পৰিকল্পনা” উদ্যোগত অনুষ্ঠিত হোৱা ” পৰিকল্পনাৰ” প্ৰতিষ্ঠা দিৱস আৰু শিশু দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি যাদব পায়েঙে পৃথিবী সেউজীকৰণ কৰাৰ এক জাগৰন বিশ্বত আৰম্ভ হোৱা বুলি উল্লেখ কৰি লগতে কয় যে ভাৰতে বিশ্ব সেউজীকৰণৰ কৰাৰ ক্ষেত্ৰত নেত্বত্ব দিব লাগিব ৷ কাৰন ভাৰতৰ আদৰ্শ বিশ্বই গ্ৰহণ কৰিছে ৷ আদিম যুগতে ভাৰতীয় মানুহে গছ ৰোপন কৰিছিল ৷ ভাৰতীয় আদৰ্শ গ্ৰহণ কৰি বিশ্বই পৃথিবী সেউজীকৰণ কৰিবলৈ ওলোৱাটো এক আশা আৰু গৌৰবৰ কথা ৷ বৃক্ষ ৰোপন কৰা লোকক সংবাদ মাধ্যমক উৎসাহিত কৰিবলৈ আহ্বান জনাই যাদব পায়েঙে ৷ লগতে প্ৰকৃতি আৰু পাৰিপাশ্চিকতাৰ ক্ষেত্ৰত দেখা দিয়া ভাবুকিক লৈ উদ্বিগ্ন হৈ পৰে অৰণ্যমানব যাদব পায়েং ৷সামাজিক অনুষ্ঠান “পৰিকল্পনা “ৰ প্ৰথম প্ৰতিষ্ঠা দিবস উপলক্ষে নগাওঁ আৰক্ষী চাউনৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি এই মন্তব্য আগবঢ়াই প্ৰকৃতিবিদ যাদব পায়েং ৷ সন্ধ্যা অনুষ্ঠিত হোৱা সভাখনত অসম সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক পদুম ৰাজখোৱা , পৰিকল্পনাৰ সভানেত্ৰী অৰ্চনা তিৱাৰী ,নয়নজ্যোতি শইকীয়া ,ধ্ৰুব বৰা আদিয়ে অংশ গ্ৰহণ কৰে ৷ শিশু দিবস উপলক্ষে দিনৰ ভাগত সামাজিক অনুষ্ঠান পৰিকল্পনাৰ উদ্যোগত নগাঁও চহৰত সজাগতা উপলক্ষে বাটৰ নাট আদি অনুষ্ঠিত কৰে ৷
Breaking
- Book launch of Digdarshan যোৰহাটত দিগদৰ্শন প্ৰকাশনৰ গ্ৰন্থ উন্মোচন
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- Nazira ONGC employee goes to jail:ইনষ্টাগ্ৰামৰ বাগিৰে লজ্জানত কাণ্ড! ONGCৰ কৰ্মচাৰী গ’ল জে’ল হাজোতলৈ
- Na Lakhimi Scheme:মহিলা হিতাধিকাৰীক ন-লখিমী আঁচনিৰ দ্বাৰা মাহে ৩০০০ টকাকৈ দিয়া হ’বঃ ভূপেন কুমাৰ বৰা
- All Tiwa Students Union: বেদখলকৃত ভূমি উচ্ছেদ কৰি ট্ৰাইবেল বেল্ট-ব্লক সংৰক্ষণৰ দাবী সদৌ তিৱা ছাত্ৰ সন্থাৰ
- Orunodoi 3.0 scheme: ৰাজ্যজুৰি অৰুণোদয় ৩.০ আনুষ্ঠানিকভাৱে শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ
- Sarania-Kachari Tribe in Assam: জনজাতিৰ প্ৰমাণ পত্ৰ এখনৰ বাবেও সংগ্ৰাম কৰিবলগীয়া হৈছে অসমৰ একাংশ আদিপুৰুষে
- Assam Online Trading Scam: প্ৰমাণ হ’ল – চুমি বৰাৰ হাতোৰা প্ৰসাৰিত হৈছিল ন্যায়পালিকাৰ পৰা কাৰ্যপালিকালৈ !
- Tirupati temple: তিৰুপতি মন্দিৰৰ লাডুত গো-মাংসৰ চৰ্বি!
- Delhi Chief Minister : দিল্লীৰ নতুন মুখ্যমন্ত্ৰী কোন হ’ব ?
- Smart Meter:স্মার্ট মিটাৰ এপিডিচিএলক ঘূৰাই দিলে ক্ষোভিত ৰাইজে !
- MISING AUTONOMOUS COUNCIL: মিচিং স্বায়ত্ততশাসিত পৰিষদৰ নতুন পৰিষদীয় সমষ্টি সীমা নির্ধাৰণক লৈ অভিযোগ !