Breaking

উৰিয়ামঘাটত ‘আপলাৰ’ মুখ্যসেনাধ্যক্ষ কৌশলৰে কৰায়ত্ব।

0 2,045

ধনশিৰি মহকুমাৰ অসম নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলৰ উৰিয়ামঘাট থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া, ১৪২ নং চি আৰ পিএফৰ যুটীয়া সহযোগত আদিবাসী পি পুলচ আৰ্মীৰ চমুকৈ ’আপলা’ৰ সয়ম্ভূ মুখ্য সেনাধ্যক্ষ চাহিল মুন্ডা আৰু সদস্য জয়ন্ত হাওক কৌশলৰে কৰায়ত্ব কৰিবলৈ সক্ষম হয় । ধৃত সয়ম্ভু কামান্ডাৰ জনৰ পৰা আৰক্ষীয়ে এটা প‌ইন্ট থ্ৰি টু পিষ্টল কেইবাজাঁৱৰয়ো সজীৱ গুলি উদ্ধাৰ কৰিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে পূৰ্বতে এওঁলোক দুয়োজনে আদিবাসী সংগঠন আনলাৰ লগত জড়িত আছিল। দুয়োজনে বিভিন্ন অপৰাধজনিত কামকাজৰ লগতো জড়িত হৈ আছিল ।এইসম্পৰ্কত আৰক্ষী থানাত দুয়োজনৰ বিৰুদ্ধে আগতেও অপৰাধজনিত গোচৰ ৰুজু হৈ আছিল। ধৃত সদস্যদুজনৰ ঘৰ উৰিয়ামঘাটৰ সোনাৰী বিল আৰু বৰপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত ওপৰলাংঠাৰ বুলি জানিবপৰা গৈছে ।

আৰক্ষীয়ে ’আপলা’ৰ সদস্য দুটাক অধিক শোধা পোছা অব্যাহত ৰাখিছে ৷আজিৰ এই অভিযানত ধনশিৰি মহকুমাৰ মহকুমা আৰক্ষী বিষয়া এিনয়ণ ভূঞাৰ লগত উৰিয়ামঘাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজীৱ ইংতি আৰু চি চেক্টৰৰ শান্তি শৃংখলাৰ দায়িত্বত নিয়োজিত ১৪২ নং চি আৰপি এফ বাহিনীৰ চেক্টৰ কামাণ্ডাৰ পি পি মুকেশে সহযোগ কৰে৷

Leave A Reply

Your email address will not be published.