Breaking

সত্ৰীয়া নৃত্যত আৰাধ্যা বি উমাৰ ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰনালয়ৰ বৃত্তি লাভ

0 16

সত্ৰীয়া নৃত্যত আৰাধ্যা বি উমাৰ ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰনালয়ৰ বৃত্তি লাভ

মহানগৰীৰ বেলতলাৰ মনি কাঞ্চন কলা মঞ্জুৰীৰ ছাত্রী আৰাধ্যা বি উমাই সত্ৰীয়া নৃত্যৰ শিতানত ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্রণালয়ৰ অধীনত চলিত বৰ্ষৰ চি চি আৰ টি সাংস্কৃতিক প্রতিভা সন্ধানী বৃত্তি লাভ কৰিছে।

উল্লেখ্য যে ওস্তাদ বিসমিল্লাহ খাঁ বটা লাভ কৰা সত্ৰীয়া নৃত্যৰ সাধক, গুৰু দীপজোতি দাস আৰু দীপাংকৰ আৰান্ধৰাৰ তত্ত্বাৱধানত আৰাধ্যাই বিগত ৮ বছৰে সত্ৰীয়া নৃত্যৰ শিক্ষা গ্রহণ কৰি আহিছে। বেলতলাৰ মিলনপুৰ পথ নিবাসী আৰাধ্যাৰ এই কৃতিত্বৰ বাবে পিতৃ উমাকান্ত লস্কৰ আৰু মাতৃ দীপ্তি বৰা লস্কৰে দুয়োজনা গুৰুকে কৃতজ্ঞতা জ্ঞাপন কৰে।

Leave A Reply