বছৰটো শেষ হ’বলৈ মাজত মাথো কেইটামান দিন বাকী।বছৰটোৰ আন সময়ত সকলো কামত ব্যস্ত থাকিলেও আৰম্ভনি আৰু শেষৰছোৱাত প্ৰায় সকলোয়ে পৰিয়াল,বন্ধু-বান্ধৱীক সময় দিবলৈ বিচাৰে।পুৰনি বছৰক বিদায় আৰু নতুন বছৰক আদৰাৰ প্ৰস্তুতিৰ এই সময়ছোৱাত ভ্ৰমণ কাৰ্যসূচী সকলোৰে পৰিকল্পনাত অন্তৰ্ভূক্ত হয়।চলিত বছৰটোৰ শেষৰ সময়ছোৱাত যদি আপুনি ভ্ৰমণৰ পৰিকল্পনা কৰিছে, তেতিয়া আপুনি ভ্ৰমণৰ তালিকাত অন্তৰ্ভূক্ত কৰিব পাৰে ভাৰতৰ এইকেইখন ‘অন্তিম স্থান’।
১)ভাৰতৰ অন্তিম গাওঁ:মানা হৈছে হিমালয়ৰ ভাৰত আৰু তিব্বত-চীন সীমান্তৰ উত্তৰাখণ্ডৰ অন্তিম খন ভাৰতীয় গাওঁ। গাওঁখন চামোলী জিলাত অৱস্থিত। উত্তৰাখণ্ড চৰকাৰে এই গাঁওখনক ‘পৰ্যটন গাওঁ’ হিচাপে ঘোষণা কৰিছে।মানা গাওঁ বদ্ৰীনাথৰ ওচৰৰ অন্যতম শ্ৰেষ্ঠ পৰ্যটন স্থল।ভাৰতৰ এই অন্তিম গাওঁখন বদ্ৰীনাথ চহৰৰ পৰা মাত্ৰ ৩ কিলোমিটাৰ দূৰত সৰস্বতী নদীৰ পাৰত অৱস্থিত।হিমালয়ৰ পাহাৰেৰে আগুৰি থকা এই গাঁওখন প্ৰায় ৩২১৯ মিটাৰ উচ্চতাত অৱস্থিত।
২)ভাৰতৰ অন্তিম দোকান ‘হিন্দুস্তান কি অণ্টিম দুকান’: ভাৰতৰ অন্তিম খন দোকান হিচাপে জনাজাত ‘হিন্দুস্তান কি অণ্টিম দুকান’ ২৫ বছৰৰ আগতে চন্দ্ৰ সিং বাদৱালে স্থাপন কৰিছিল। ভাৰতৰ এই অন্তিম দোকানখন উত্তৰাখণ্ডৰ চামোলি জিলাৰ হিমালয়ৰ মাজভাগত অৱস্থিত।চীনৰ সীমান্তৱৰ্তী ভাৰতৰ অন্তিমখন গাঁও মানা গাঁৱত খোলা এইখন প্ৰথম দোকান আছিল। পৰ্যটকসকলে এই দোকানখনত একাপ গৰম চাহ আৰু সোৱাদযুক্ত মেগীৰ বাবে ভিৰ কৰে।
৩)ভাৰতৰ অন্তিম সমুদ্ৰতীৰ: তামিলনাডুৰ কন্যাকুমাৰী সমুদ্ৰতীৰ ভাৰতৰ আটাইতকৈ ধুনীয়া আৰু অন্তিম সমুদ্ৰতীৰ।এই সমুদ্ৰ তীৰত স্থানীয় খাদ্যৰ লগতে ইয়াৰ মনোৰম দৃশ্যও উপভোগ কৰিব পাৰি।এই ঠাইখন আৰৱ সাগৰ, বংগোপসাগৰ আৰু ভাৰত মহাসাগৰৰ তিনিওটা সাগৰৰ সংযোগস্থল। ই ভাৰতীয় ইতিহাসৰ এক গুৰুত্বপূৰ্ণ স্থান আৰু ই তীৰ্থযাত্ৰাৰ এক সুপৰিচিত স্থান।
৪)ভাৰতৰ অন্তিম পথ বা ভাৰতৰ অন্তিম ভূমি: ধনুষকোডিক ভাৰতৰ অন্তিম ভূমি বুলি জনা যায়।ইয়াত এনে এটা পথ আছে, যাক ভাৰতৰ অন্তিম পথ বুলি কোৱা হয়। ধনুষকোডি হৈছে তামিলনাডু ৰাজ্যৰ পাম্বান দ্বীপৰ দক্ষিণ-পূৱৰ এখন পৰিত্যক্ত চহৰ। শ্ৰীলংকা ধনুষকোডিলৈ যোৱা এই পথৰ পৰা মাত্ৰ ৩১ কিলোমিটাৰ দূৰত। চহৰখন ১৯৬৪ চনৰ ৰামেশ্বৰম ঘূৰ্ণীবতাহৰ সময়ত ধ্বংস হোৱাৰ পৰা জনবসতিহীন হৈ পৰে।
৫)ভাৰতৰ অন্তিম ৰেল ষ্টেছন: বাংলাদেশৰ সীমান্তৱৰ্তী পশ্চিম বংগৰ মালদা জিলাৰ হাবিবপুৰ অৱস্থানৰ সিংহাবাদ ৰেল ষ্টেছনক দেশৰ অন্তিম ৰে’ল ষ্টেছন বুলি গণ্য কৰা হয়। সিংহাবাদ পাৰ হোৱাৰ পিছত আৰু কোনো ৰেল ষ্টেচন নাই । এই ৰে’ল ষ্টেছনটো স্বাধীনতাৰ আগতে নিৰ্মাণ কৰা হৈছিল আৰু বৰ্তমানেও একেই আছে।