Arjun Kapoor: মানসিক চাপ বৃদ্ধি হ’লেই মোৰ শৰীৰৰ ওজন বাঢ়েঃ অৰ্জুন কাপুৰ, মালাইকাৰ সৈতে বিচ্ছেদৰ পিছত হতাশ হৈ পৰিছিল নেকি অৰ্জুন

শেহতীয়াকৈ শাৰিৰীক অসুস্থতাৰ কথা প্ৰকাশ কৰিছে অভিনেতা অৰ্জুন কাপুৰে। তেওঁ কয় যে তেওঁ যোৱা বছৰ ডিপ্ৰেছনত গৈছিল। ইয়াৰ পিছত তেওঁ থেৰাপীৰ সহায় লৈছিল।(Arjun Kapoor)

‘সিংহাম এগেইন’ ছবিখনত অৰ্জুন কাপুৰে খলনায়ক ডেঞ্জাৰ লংকাৰ চৰিত্ৰত অভিনয় কৰিছে। ছবিখনতৰ বাবে তেওঁক বহুত প্ৰশংসা কৰিছে অনুৰাগীয়ে। ছবিখনে বক্স অফিচতো বিপুল সহাঁৰি লাভ কৰিছে। এনে পৰিস্থিতিত অৰ্জুন কাপুৰে নিজৰ ব্যক্তিগত জীৱনৰ কিছু কথা ক’লে ৰাইজৰ আঘত। ওজন বৃদ্ধিৰ কাৰণো বুজাই দিলে। তেওঁ যি ৰোগক ভুগি আছে সেই ৰোগৰ প্ৰতি প্ৰতিক্ৰিয়াও প্ৰকাশ কৰে। তেওঁ কয় যে তেওঁ হতাশাৰ লগতে এটা ৰোগত আক্ৰান্ত। যাৰ বাবে তেওঁৰ ওজন বৃদ্ধি পায়।(Break up)

লগতে অৰ্জুনে কয় যে তেওঁ যেতিয়া একচন ছবিখনৰ শ্বুটিং কৰিছিল তেতিয়া তেওঁ হতাশাত ভুগিছিল। ইয়াৰ বাবেই তেওঁ থেৰাপীও ল’বলগীয়া হৈছিল। তেওঁ ডাক্তৰৰ ওচৰলৈ গৈ বহুত কষ্ট কৰি হতাশাৰ পৰা মুক্তি লাভ কৰে।(Depression)

এই সময়ত অৰ্জুন কাপুৰে কয় যে তেওঁও হাছিমোটো ৰোগত আক্ৰান্ত। যিটো থাইৰয়ড ৰোগৰ দৰে। ইয়াৰ ফলত ওজনো বৃদ্ধি পায়। ইয়াৰ বাবে মোৰ শৰীৰ বহুতো অসুবিধাৰ সন্মুখীন হয়। অৰ্জুনে কৈছিল যে তেওঁৰ ৩০ বছৰ বয়সত এই ৰোগ হৈছিল। তেওঁ ক’লে যে তেওঁৰ মাতৃ মোনা কাপুৰৰো এই ৰোগ আছিল আৰু তেওঁৰ ভগ্নী অংশুলা কাপুৰৰো এই ৰোগ আছে।

এই ৰোগৰ লক্ষণসমূহ হৈছে-
ভাগৰ
ওজন বৃদ্ধি
ঠাণ্ডা অনুভৱ কৰা
পেশীৰ বিষ
কোষ্ঠকাঠিন্য
চুলি পাতল হোৱা
অনিয়মিত মাহেকীয়া

আনহাতে অৰ্জুন কাপুৰে মালাইকাৰ সৈতে বিচ্ছেদৰ খবৰ নিশ্চিত কৰিছে। কিন্তু যোৱা বছৰৰ পৰাই দুয়োৰে মাজত দূৰত্বৰ খবৰ চৰ্চালৈ আহিছিল। গতিকে অৰ্জুন কাপুৰৰ হতাশা বিষয়টোও ব্ৰেকআপৰ লগত জড়িত বুলি সন্দেহ কৰিছে অনুৰাগীয়ে।(Malaika Arora)

Related Articles