Breaking

চাৰি বছৰ বয়সৰ পৰা সংগীতৰ যাত্ৰা আৰম্ভ কৰা আৰমান মালিকৰ আজি ওপজা দিন…

0 65

চাৰি বছৰ বয়সৰ পৰাই সংগীতৰ যাত্ৰা আৰম্ভ কৰা আৰমান মালিকৰ আজি ওপজা দিন। তেওঁৰ কণ্ঠৰ যাদুৰে সকলোকে আকৰ্ষণ কৰিব পাৰে। ১৯৯৫ চনৰ ২২ জুলাইত মুম্বাইত জন্মগ্ৰহণ কৰা আৰমান মালিকৰ প্ৰেমৰ ৰোমান্টিক গীতৰ বাবে বিখ্যাত। তেওঁ সংগীতজ্ঞ পৰিয়ালৰ। আচলতে আৰমানৰ ককাক চৰ্দাৰ মালিক বলীউডৰ এজন বিখ্যাত গায়ক আছিল, আনহাতে অনু মালিকৰ সৈতেও আৰমানৰ সম্পৰ্ক আছে। আজি আমি আৰমান মালিকৰ কিছু নজনা কথা আপোনালোকক জনাম। সংগীতজ্ঞ পৰিয়ালৰ আৰমানে সৰুৰে পৰাই সংগীতৰ দক্ষতা লাভ কৰিছিল। যদিও বলীউডতভৰি দিয়াৰ সময়ত বহুতে কঠোৰ পৰিশ্ৰম কৰিবলগীয়া হয়, কিন্তু আৰমান মালিকৰ ক্ষেত্ৰত এনে হোৱা নাছিল। আৰমানৰ প্ৰথম গীতটো তেওঁ অমিতাভ বচ্চনৰ সৈতে ভূতনাথ ছবিৰ বাবে ৰেকৰ্ডিং কৰিছিল।

ইয়াৰ পিছত আৰমানে কেতিয়াও থমকিব লগা নাই। ১৮ বছৰ বয়সতে তেওঁ প্ৰথম একক এলবাম মুকলি কৰে। অৱশ্যে ‘মেইন ৰাহুন ইয়া না ৰহুন’ গীতটোৰ পৰাই আৰমানে প্ৰকৃত স্বীকৃতি লাভ কৰিছিল। আৰমান মালিকো এজন ভাল ডাবিং শিল্পী। তেওঁ ‘স্লামডগ মিলিয়নাৰ’ৰ ৰেডিঅ’ সংস্কৰণত চেলিমৰ চৰিত্ৰটোৰ কণ্ঠদান কৰিছিল। একে সময়তে ‘মাই নেম ইজ খান’ ছবিখনত তেওঁ এজন ইংৰাজ শিশুৰ কণ্ঠক হিন্দীত ডাব কৰিছিল।

Leave A Reply

Your email address will not be published.