Breaking

দেওপানীত সেনা-আৰক্ষীৰ অভিযানঃ গেলেকী আৰক্ষীৰ ম’ষ্ট ওৱান্টেদ দূধৰ্ষ মোহন মেচক তিনিদিনৰ আৰক্ষীৰ জিম্মাত।

0 52

 দিলীপ হাজৰিকা : নাজিৰা

পৰহি নিশা নাজিৰা মহকুমাৰ অসম-নাগালেণ্ড সীমান্তবৰ্তী গেলেকী দেওপানীত সেনা-আৰক্ষীৰ যুটীয়া অভিযানত আটক হোৱা গেলেকী আৰক্ষীৰ মষ্ট ওৱান্টেড দূধৰ্ষ অপৰাধী মোহন মেচ আৰু নাচিৰ আলিক আজি গেলেকী আৰক্ষী য়ে তিনিদিনৰ বাবে নিজৰ জীম্মাত লয়।উল্লেখ্য যে চুৰি-ডকাইতি, মাৰ-পিট আদি বিভিন্ন অসমাজিক কৰ্ম কাণ্ডৰে গেলেকী,দেওপানী আদি অঞ্চলত ত্ৰাসৰ সৃষ্টি কৰা গেলেকী দেওপানী চাহ বাগিচাৰ এক নং লাইনৰ বাসিন্দা ভূবন মেছৰ পুত্ৰ মোহন মেচে মাৰপিট,চুৰি ডকাইতি আদি সংঘটিত কৰি দেওপনী বৰচিলা হৈ নাগালেণ্ড ৰ টুলীত আত্মগোপন কৰে।ইয়াৰ পাছত নাগালেণ্ডৰ পৰা সীমান্ত অঞ্চলটোলৈ অস্ত্ৰ সৰবৰাহত জড়িত হৈ পৰে।এইজন দূধৰ্ষ অপৰাধীক গেলেকী আৰক্ষীয়ে দীৰ্ঘদিনধৰি সন্ধানত নামি পৰিছিল যদিও নাগালেণ্ড ত আত্মগোপন কৰি থকাৰ বাবে কৰায়ত্ত কৰিব পৰা নাছিল। পৰহি মোহনে দেওপানীলৈ আহি নাচিৰ আলি(২০)নামৰ একেখন বাগিচাৰ এজন যুৱকৰ ঘৰত আশ্ৰয় লয়।অস্ত্ৰ সৰবৰাহত জড়িত হৈ পৰা মোহন মেচে দেওপানীত আশ্ৰয় লোৱাৰ খবৰ মাইবেলাস্হিত সেনাৰ আৰ্টিলেৰী ৰেজিমেন্টে গোপন সুত্ৰে জানিব পাৰি সন্ধিয়া সেনাৰ এটা দল গেলেকী আৰক্ষী থানাত উপস্হিত হয়।পাছত সেনা আৰু গেলেকী আৰক্ষী থানাৰ দ্বিতীয় আৰক্ষী বিষয়া সুনীল দাসৰ নেতৃত্ব ত যোৱা সেনা- আৰক্ষীৰ এটা দলে দেওপানীস্হিত চাহ বাগিচাৰ ১নং লাইনত থকা মোহন মেচ আৰু নাচিৰ আলিৰ বাসভৱন ঘেৰাও কৰি নাচিৰ আলিৰ ঘৰত আশ্ৰয় লৈ থকা অৱস্হাত মোহন মেচ ক আটক কৰাৰ লগতে ইংলেণ্ডত নিৰ্মিত 0.22এম এম পিষ্টলসহ ৬ৰাউণ্ড সজীৱ গুলি উদ্ধাৰ কৰে।সেনা আৰক্ষীৰ দলটোৱে মুছলিম আলি ৰ পুত্ৰ নাচিৰ আলিকো আটক কৰে।আজি সেনাৰ দলটোৱে গেলেকী আৰক্ষী থানাত দাখিল কৰা এখন এজাহাৰৰ ভিত্তিত গেলেকী আৰক্ষীয়ে ৩২/২০২৯ত আৰ্মচ এক্টৰ অধীনত এক গোচৰ ৰুজু কৰি দুই অপৰাধী ক নাজিৰা মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰাই আৰক্ষী য়ে ৩দিনৰ বাবে নিজৰ জিম্মাত বিচাৰে। পাছত আদালতে দুই অপৰাধী ত ৩দিনৰ বাবে আৰক্ষীৰ জিম্মাত দিয়ে।

  • যদি আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে, তেনেহ’লে ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। 
Leave A Reply

Your email address will not be published.