Breaking

শিৱসাগৰ আবকাৰী বিভাগত ভুৱা নিযুক্তিপত্ৰৰে যোগদান কৰিবলৈ অহা বহিঃৰাজ্যৰ ১ গৰাকী লোক গ্ৰেপ্তাৰ

0 59

দৈনন্দিন বাৰ্তা সেৱা, গেলেকীঃ ৰাজ্যত পোহৰলৈ আহিছে এটাৰ পিছত আনটো দুৰ্নীতি। অসমত নিযুক্তি কেলেংকাৰী অব্যাহত। শিৱসাগৰ জিলা আবকাৰী বিভাগৰ কনিষ্টবল পদত যোগদান কৰিবলৈ অহা বহিঃৰাজ্যৰ এগৰাকী লোক গ্ৰেপ্তাৰ হোৱা ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ভুৱা নিযুক্তি পত্ৰ হাতত লৈ চাকৰিত যোগদান কৰিবলৈ আহি পশ্চিমবংগৰ কোচ বিহাৰৰ যুৱকজন শিৱসাগৰ সদৰ আৰক্ষীৰ জালত পৰে।

প্ৰসেনজিৎ বৰ্মন নামৰ যুৱকজনে ভুৱা নিযুক্তি পত্ৰখন লৈ শিৱসাগৰলৈ আহিছিল আবকাৰী বিভাগত যোগদান কৰিবলৈ। আবকাৰী আয়ুক্তৰ স্বাক্ষৰ সম্বলিত নিযুক্তি পত্ৰৰে কৰ্মত যোগদানৰ কৰিবলৈ আহিছিল প্ৰসেনজিৎ বৰ্মনে। ইফালে শিৱসাগৰ জিলা আবকাৰী অধীক্ষকৰ নিযুক্তি পত্ৰত সন্দেহ ওপজাত খবৰ দিয়ে সদৰ আৰক্ষীক। তাৰ পিছতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ গ্ৰেপ্তাৰ কৰে প্ৰসেনজিৎ বৰ্মনক। সম্প্ৰতি আৰক্ষীৰ তদন্তত সন্মুখলৈ আহিছে ভয়ানক তথ্য।

ভুৱা নিযুক্তিপত্ৰ খনৰ ফটো

দুধনৈৰ পৱন বৰা নামৰ এটা দালালে গুৱাহাটীৰ এখন হোটেলত কৰ্মৰত বৰ্মনক ধনৰ বিনিময়ত প্ৰদান কৰিছিল উক্ত নিযুক্তি পত্ৰখন। ৪৮ হাজাৰ টকাৰ বিনিময়ত প্ৰসেনজিৎ বৰ্মনে লাভ কৰিছিল আবকাৰী বিভাগৰ নিযুক্তি পত্ৰখন। বৰ্তমান শিৱসাগৰ সদৰ আৰক্ষী থানাৰ লক আপত আছে যুৱকজন। আবকাৰী বিভাগৰ এজাহাৰৰ ভিত্তিত শিৱসাগৰ সদৰ আৰক্ষীয়ে গোচৰ ৰুজু কৰি ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।

Leave A Reply

Your email address will not be published.