Breaking

ৰেমালৰ আগমনঃ উদ্ধাৰ আৰু প্ৰস্তুতি সম্পৰ্কীয় পৰ্যালোচনাৰ বাবে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক, ওমানে নামকৰণ কৰা ৰেমালৰ অৰ্থ আৰবী ভাষাত বালি…

0 43

দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত দেওবাৰে মাজনিশাৰ আশে-পাশে বাংলাদেশ আৰু সংলগ্ন পশ্চিম বংগ উপকূলৰ মাজত প্ৰৱেশ কৰাৰ সম্ভাৱনা থকা ঘূৰ্ণীবতাহ ৰেমালৰ সংহাৰৰ প্ৰতি লক্ষ্য ৰাখি উদ্ধাৰ আৰু প্ৰস্তুতিৰ পৰ্যালোচনাৰ বাবে এখন বৈঠকত মিলিত হয়। বৈঠকখনত প্ৰধানমন্ত্ৰী মোদীয়ে অধ্যক্ষতা কৰে আৰু বিভিন্ন বিভাগৰ বহু শীৰ্ষ বিষয়াই ভাগ লয়। আইএমডিৰ মতে, দেওবাৰে মাজনিশা পশ্চিম বংগ আৰু বাংলাদেশৰ মাজত স্থলপথত প্ৰৱেশ কৰাৰ পূৰ্বেই ঘূৰ্ণীবতাহ ৰেমাল ধুমুহালৈ পৰিণত হৈ তীব্ৰতৰ হৈ পৰিব। ওমানে নামকৰণ কৰা “ৰেমাল”ৰ অৰ্থ আৰবী ভাষাত বালি।

ৰেমালৰ প্ৰভাৱত অসম আৰু মেঘালয়তো অত্যন্ত প্ৰচণ্ড বৰষুণ হ’ব পাৰে, আনহাতে মণিপুৰ, নাগালেণ্ড, অৰুণাচল প্ৰদেশ, আৰু ত্ৰিপুৰাত সোমবাৰ আৰু মঙলবাৰে প্ৰচণ্ডৰ পৰা অতি প্ৰচণ্ড বৰষুণৰ সন্মুখীন হ’ব পাৰে।তাৰ প্ৰতিক্ৰিয়া স্বৰূপে কলকাতা বিমানবন্দৰ কৰ্তৃপক্ষই দেওবাৰে দুপৰীয়াৰ পৰা ২১ ঘণ্টাৰ বাবে বিমান সেৱা বন্ধ কৰাৰ সিদ্ধান্ত লৈছে। এই সময়ছোৱাত আন্তঃৰাষ্ট্ৰীয় আৰু ঘৰুৱা খণ্ডৰ মুঠ ৩৯৪খন বিমানৰ উৰণ বাতিল কৰা হৈছে। ৰেমালে দেওবাৰে নিশাৰে পৰা তীব্ৰ ধুমুহাৰ ৰূপ লোৱাৰ সম্ভাৱনা থকাৰ বাবে ইষ্টাৰ্ণ ৰেলৱেই হাওৰা আৰু শিয়ালদহত হেল্পলাইন নম্বৰ মুকলি কৰিছে।

Leave A Reply

Your email address will not be published.