গুৱাহাটী, ১১ নৱেম্বৰঃ উত্তৰ-পূব ভাৰতৰ বিভিন্ন কলা(Art and Culture), সাহিত্যৰ সৃষ্টিৰাজিক বিখ্যাত মনস্তত্ত্ববিদ ছিগমাণ্ড ফ্ৰয়ড আৰু কাৰ্ল গুস্তাভ য়ুঙৰ চিন্তাৰ মাজেৰে বিশ্লেষণ কৰাৰ সুযোগ আছে।
ড° ভূপেন হাজৰিকাৰ বহু গান, ননী বৰপূজাৰী, বীৰেন সিংহ, অতুল চন্দ্ৰ বৰুৱা, কিশোৰ কুমাৰ দাস আদিৰ শিল্পকৰ্মক মনোবিজ্ঞানৰ ধাৰণাসমূহৰ মাজেৰে এতিয়াও বিশ্লেষণ কৰা হোৱা নাই।
ছিগমাণ্ড ফ্ৰয়ডৰ অৱচেতন মন, ইড, ইগো, যৌন চেতনা, মৃত্যু প্ৰবৃত্তি ইত্যাদিৰ আলোকত অসমীয়া গল্প উপন্যাসৰ বিস্তৃত আলোচনাও কৰা হোৱা নাই। মনস্তত্ত্ববিদ য়ুঙৰ সামূহিক অৱচেতন ধাৰণাৰ জৰিয়তে ভাৰতৰ সাংস্কৃতিক বৈচিত্ৰ আৰু সম্পদৰ জগতখনক নতুন ধৰণেৰে দৃষ্টিপাত কৰাৰ অৱকাশ আছে(North East India)।
গুৱাহাটী চিকিৎসা মহাবিদ্যালয় তথা চিকিৎসালয়ে আয়োজন কৰা তৃতীয় ডাঃ দিপালী দত্ত বক্তৃতা প্ৰদান কৰি ৰাজ্যখনৰ আগশাৰীৰ কলা সমালোচক জ্যোতি খাটনিয়াৰে(Art critic Jyoti Khatnia) এই মন্তব্য আগবঢ়ায়।
দেওবাৰে বিয়লি অনুষ্ঠিত হোৱা প্ৰায় ডেৰ ঘণ্টাজোৰা এই স্মাৰক বক্তৃতাত খাটনিয়াৰে ফ্ৰয়ড, যীশু খ্ৰীষ্ট আৰু গৌতম বুদ্ধৰ চিন্তাৰ আলোকত শিল্পৰ পৰিসৰ, উৎস আৰু বিস্তৃতি(Perspective of Psychology) সম্পৰ্কত বিৱৰি কয়। কলা সমালোচক খাটনিয়াৰে এইসকল ব্যক্তিৰ চিন্তাই কিদৰে চিনেমা আৰু গানক প্ৰভাৱিত কৰিছে, তাকো উদাহৰণ সহ ব্যাখ্যা কৰে।
আমেৰিকাত সংঘটিত ৯/১১ ঘটনাৰ পাছত ফ্ৰয়ডৰ(Sigmund Freud) চিন্তা কিদৰে প্ৰাসংগিক হৈ উঠিছে, তাৰ বিষয়েও খাটনিয়াৰে উল্লেখ কৰে। তেওঁ লগতে ছিগমাণ্ড ফ্ৰয়ডৰ মনোবিশ্লেষণক ভাৰতীয় মনোবিজ্ঞানীসকলে কি দৰে গ্ৰহণ-বৰ্জনৰ মাজেৰে আগুৱাই নিছে, সেই সম্পৰ্কেও উনুকিয়াই দিয়ে।
আধুনিক মনস্তত্ত্বৰ আধাৰত ইংমাৰ বাৰ্গমেনৰ বিখ্যাত ‘দ্য চাইলেন্স’ চিনেমাখনৰ বিশ্লেষণো খাটনিয়াৰে ইয়াৰ কেইবা মিনিট জোৰা ক্লিপিং সহ আগবঢ়ায়। ছালভাডৰ ডালিৰ ছবিৰ সৈতে বিখ্যাত অসমীয়া গান ‘সময় ঘড়ীৰ প্ৰতিটো পল যেন গলি গলি গ’ল’ৰ সম্পৰ্কই খাটনিয়াৰৰ বক্তৃতাত স্থান পায়।
‘বুঢ়ী আইৰ সাধু’, নীলমণি ফুকনৰ কবিতা, মামণি ৰয়ছম গোস্বামীৰ সংস্কাৰ গল্প, বন্তি শেনচোৱাৰ গল্প ‘স্থায়ী অন্তৰা’, ডাঃ সুৰেশ চক্ৰৱৰ্তীৰ ‘এজাক সপোন যেন বৰষুণ’ত সন্নিবিষ্ট গল্পৰ অন্তৰ্নিহিত জগতত কিদৰে সমসাময়িক মনস্তত্ত্বৰ বিভিন্ন ধাৰণাৰ সহায়েৰে প্ৰবেশ কৰিব পাৰি, এই সম্পৰ্কেও খাটনিয়াৰে বহলাই উল্লেখ কৰে।
এই বক্তৃতাত ৰাজ্যখনৰ অগ্ৰণী চিকিৎসকসকলৰ বাহিৰেও সাহিত্য সংস্কৃতিৰ জগতখনৰ বহুতো প্ৰথিতযশা ব্যক্তি উপস্থিত থাকে।
ৰাজ্যখনৰ বনচাই শিল্পৰ প্ৰাণ প্ৰতিষ্ঠাতা লাবু সেনাপতি, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী কবি এম কামালুদ্দিন আহমদ, বিখ্যাত শিল্পী অতুল চন্দ্ৰ বৰুৱা, গল্পকাৰ বন্তি শেনচোৱা, ঔপন্যাসিক ডাঃ শুভ্ৰকিংকৰ গোস্বামী, মনোৰোগ বিশেষজ্ঞ তথা সাহিত্যক ডাঃ পুণ্যধৰ দাস, নাট্যকাৰ বিনোদ ভাগৱতী, মেজৰ জেনেৰেল ডাঃ পি দি দাস, ঔপন্যাসিক, গল্পকাৰ ডাঃ মাধুৰ্য ঠাকুৰৰ উপস্থিতিয়ে অনুষ্ঠানটোক বিশেষ মৰ্যাদা প্ৰদান কৰে। অনুষ্ঠানৰ আৰম্ভণিতে সৰস্বতী বন্দনা পৰিবেশন কৰা হয়।
অনুষ্ঠানটোৰ আদৰণি ভাষণ প্ৰদান কৰে মহাবিদ্যালয়খনৰ অধ্যক্ষ ডাঃ অচ্যুত কুমাৰ বৈশ্যই। মনোৰোগ বিভাগৰ মুৰব্বী অধ্যাপক ডাঃ সুৰেশ চক্ৰৱৰ্তীয়ে এই বক্তৃতা অনুষ্ঠানৰ উদ্দেশ্য ব্যাখ্যা কৰাৰ লগতে উত্তৰ-পূব ভাৰতৰ অগ্ৰণী মনোৰোগ বিশেষজ্ঞ ডাঃ দিপালী দত্তৰ জীৱন আৰু কৰ্মৰ বিষয়ে বিৱৰি কয়।
বক্তৃতাত শেষত অধ্যাপক ডা° দিপাঞ্জলী মেধিয়ে শলাগৰ শৰাই আগবঢ়ায়। এই বক্তৃতা অনুষ্ঠানত মনোৰোগ বিভাগৰ ছাত্ৰ-ছাত্ৰীৰ উপৰি চিকিৎসা মহাবিদ্যালয়ৰ অন্যান্য বিভাগৰ ছাত্ৰ-ছাত্ৰীসকলৰ উপস্থিতিয়ে অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰে।