শিল্প সাধনাই মনক প্ৰশান্তি দিয়ে

সত্তোৰোৰ্দ্ধৰ বয়সতো শিল্প সাধনাত ব্ৰতী হৈ আছে গহপুুুৰ মহকুমাৰ এগৰাকী অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষকে। শিক্ষকতা জীৱনৰ সমান্তৰালকৈ তেওঁ ভাষা-সাহিত্য-সংস্কৃতিৰ লগত ওতপ্ৰোতভাৱে জড়িত হৈ সেৱা আগবঢ়াই অহাৰ লগতে অৱসৰ গ্ৰহণৰ পাছত তেওঁ বিশেষভাৱে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত জড়িত হৈ পৰে। ক’ৰোনা কালৰ জটিল পৰিস্থিতিত নিজৰ শিল্পসত্তা জীয়াই ৰাখিছে গহপুৰ মহকুমাৰ বৰভেটিৰ এইগৰাকী পৰমানন্দ মুদৈয়ে। এইগৰাকী ব্যক্তিৰ হাতৰ পৰশত পূৰ্নতা লাভ কৰিছে অলাগতীয়ালভাৱে পৰি ৰোৱা কাঠ, বাঁহ, বেতেৰে নিৰ্মিত বিভিন্ন মূৰ্তি সমূহে। বাল্যকালৰে পৰা ভাস্কৰ্য শিল্পৰ প্ৰতি আগ্ৰহী আছিল সত্তোৰোৰ্দ্ধৰ এইগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক। তেওঁ বিবিধ মূৰ্তি নিৰ্মাণ কৰি দাঙি ধৰিছে নিপুন কৰ্মস্পৃহাৰ পৰিচয়। তাৰ সমান্তৰালকৈ বাঁহ-বেতেৰে অসমীয়া সংস্কৃতিৰ পুৰনিকলীয়া লুপ্তপ্ৰায় শিল্পসত্তা সমূহ প্ৰস্তুত কৰি সঁজাই ৰাখিছে নিজৰ ঘৰতে। যেন ঘৰ নহয়, সংগ্ৰাহলয়হে। বয়সে হাৰ মনাব নোৱাৰা এইগৰাকী শিল্পী, শিক্ষক পৰমানন্দ মুদৈৰ আছে অদম্য কৰ্মস্পৃহা। যাৰ ফলস্বৰূপে এই বয়সতো নিজৰ শিল্পকৰ্মৰ জৰিয়তে দুপইছা উপাৰ্জন কৰাৰ উপৰিও ভাস্কৰ্য শিল্প সাধনাই মনক প্ৰশান্তি দিয়ে বুলি এই প্ৰতিবেদকৰ সৈতে হোৱা এক বাৰ্তালাপত তেওঁ উল্লেখ কৰে। দীৰ্ঘকাল ধৰি শৈক্ষিক জীৱনৰ সৈতে জড়িত হৈ থকা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক গৰাকীয়ে শিক্ষা জীৱন সামৰিয়েই ১৯৭৭ চনত মহাত্মা গান্ধীৰ সপোনৰ প্ৰকল্প খাদী প্ৰশিক্ষণ গ্ৰহণ কৰিবলৈ ৰাওনা হয় মহাৰাষ্ট্ৰলৈ। ১৯৭৫ চনত স্নাতক ডিগ্ৰী গ্ৰহণ কৰিয়েই কলাসুলভ ব্যক্তিত্বৰ অধিকাৰী সেইগৰাকী ব্যক্তি পৰমানন্দ মুদৈয়ে তাত খাদী ক্ষেত্ৰ সংগঠক হিচাপে এবছৰ প্ৰশিক্ষণ গ্ৰহণ কৰি ডিপ্লোমা লৈ ১৯৭৮ চনত জন্মভূমি লৈ ঘূৰি আহে। তাৰ পাছতে তেওঁ কেন্দ্ৰীয় চৰকাৰৰ খাদী কমিচনৰ দ্বাৰা পৰিচালিত ছয়দুৱাৰ গ্ৰাম নিৰ্মাণ সংঘৰ খাদী প্ৰডাকশ্যন চেণ্টাৰত যোগদান কৰে। কিছু বছৰ তাত চাকৰি কৰি শৈক্ষিক ক্ষেত্ৰখনলৈ ঘূৰি আহে। মিকিৰবৰা চুকস্থিত ৰূপজ্যোতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক হিচাপে ১৯৮১ চনত যোগদান কৰি শিক্ষকতা জীৱনৰ পাতনি মেলে। তাৰ পাছত তেওঁ ১৯৮৫ চনত ডুবিয়া ছোৱালী উচ্চ ইংৰাজী বিদ্যালয়ত সহকাৰী শিক্ষক হিচাপে যোগদান কৰে। ইয়াৰ ঠিক পাছতেই ১৯৮৬ চনত পহুকটাত কস্তুৰৱা উচ্চ ইংৰাজী বিদ্যালয় প্ৰতিষ্ঠা কৰি সেই বিদ্যালয়ৰ প্ৰধান শিক্ষক হিচাপে যোগদান কৰে যদিও সেই বিদ্যালয়খন ১৯৯৫ চনতহে চৰকাৰীকৰণ হয়। এই দীঘলীয়া শৈক্ষিক জীৱনৰ কালছোৱাত তেওঁ অসম সাহিত্য সভা, অসম হাইস্কুল শিক্ষক সন্থা, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ লগত বিশেষভাৱে জড়িত হৈও সৃষ্টিশীল কৰ্মত ব্ৰতী হৈ আহিছে। বিশেষকৈ তেওঁ কলেজত অধ্যয়ন কৰি থকা কালত কুটিৰ শিল্পৰ চৰ্চাৰ সৈতে বিশেষভাৱে জড়িত হৈ পৰে। তেতিয়াৰ পৰাই তেওঁ ভাস্কৰ্য শিল্পকৰ্মতো নিবিড়ভাৱে জড়িত হৈ মূৰ্তি নিৰ্মাণত ব্যস্ত হৈ পৰে। তাৰ পাছতে তেওঁ কোনো আনুষ্ঠানিক শিক্ষা গ্ৰহণ নকৰাকৈয়ে গহপুুুৰত এগৰাকী ভাস্কৰ্য শিল্পী হিচাপে পৰিচিত হৈ পৰে। মহামানৱ মহাত্মা গান্ধী, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, সুধাকণ্ঠ ভূপেন হাজৰিকাকে ধৰি দেশৰ আগশাৰীৰ ভালেসংখ্যক পুৰোধা ব্যক্তিৰ অৱক্ষৰ প্ৰতিকৃতি ভাস্কৰ্য শিল্প সাজি উলিয়াৰ লগতে পৌৰাণিক চৰিত্ৰ শ্ৰীকৃষ্ণ, বিষ্ণুৰ প্ৰতিকৃতি সাজি ঘৰখন শিল্পময় কৰি তুলিছে। ইয়াৰ উপৰিও তেওঁ নানাবিধ জীৱ-জন্তু, চৰাই-চিৰিকতি, গছ-বন সাজি উলিয়াৰ লগতে জাকৈ, খালৈ, জাপি, সৰুদৈয়া জাপি, পল’, জুলুকি, খোকা আদি নানা ধৰণৰ গ্ৰাম্য জীৱনৰ লগত সম্পৃক্ত কুটিৰ শিল্প সমূহৰ সংৰক্ষিত নমুনাসমূহ সাজি ঘৰখন ভৰাই থৈছে। উল্লেখ্য যে এইগৰাকী শিল্পপ্ৰাণ তথা ২০১৩ চনত কস্তুৰৱা হাইস্কুলৰ পৰা প্ৰধান শিক্ষক হিচাপে অৱসৰ গ্ৰহণ কৰা পৰমানন্দ মুদৈৰ কাষলৈ ভিন্ন সময়ত ঔষধ বিচাৰি বিভিন্ন অঞ্চলৰ পৰা ৰোগী অহাৰো দেখিবলৈ পোৱা যায়। এই বিষয়ে তেওঁক সোধাত তেওঁ ১৯৯৬ চনতে গুৱাহাটীস্থিত নেচনেল হোমিঅ’ চিকিৎসা কলেজৰ পৰা দুবছৰীয়া নেচনেল হোমিঅ’পিথি ডিপ্লোমা গ্ৰহণ কৰাৰ কথা অৱগত কৰে। ইয়াৰ উপৰিও তেওঁ দন্ত চিকিৎসকৰ ডিপ্লোমা, এম ডি হোমিঅ’ ডিপ্লোমা গ্ৰহণ কৰাৰ লগতে তেওঁ এফ আই চি হোমিঅ’ ডিপ্লোমাও শিক্ষকতা কৰ্মময় জীৱনৰ মাজতে ১৯৯৬ চনত গ্ৰহণ কৰিছিল। এইগৰাকী সমাজহিতৈষী পৰমানন্দ মুদৈয়ে কলাবাৰী শাখা সাহিত্য সভাৰ সভাপতি আসন অলংকৃত কৰাৰ লগতে অসম হাইস্কুল শিক্ষক সন্থাৰ গহপুুুৰ জিলাৰ সভাপতি, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাথমিক শাখাৰ সম্পাদক-সভাপতিৰ দৰে দায়িত্ব পালন কৰাৰ উপৰিও তেওঁ জ্যেষ্ঠ নাগৰিক সন্মিলনৰ অন্তৰ্গত পূব ছয়দুৱাৰ আঞ্চলিক জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতিও হয়। অসম সাহিত্য সভা, জ্যেষ্ঠ নাগৰিক সন্মিলনৰ তেওঁ আজীৱন সভ্য।

Related Articles