ভূমিস্খলনৰ ফলত বন্ধ অৰুণাচলৰ টুটিঙৰ গেলিং সীমান্ত পথ, ৰছদ-পাতি যোগান বিগত ৬ দিন ধৰি বন্ধ…

অৰুণাচল প্ৰদেশৰ বিভিন্ন জিলাত সংঘটিত হৈছে শতাধিক ভূমিস্খলনৰ ঘটনা। বিগত কেইবাদিনো ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত বহুতো পথত যাতায়াত ব্যৱস্থা ব্যাহত হৈ আছে। আনহাতে, যোৱা শনিবাৰৰ পৰা গেলিং সীমান্তলৈ যোৱা টুটিং ইয়িংকিয়ং সংযোগী পথ ছয় দিন ধৰি বন্ধ হৈ পৰাত যাতায়াতত ব্যাঘাত জন্মিছে। ইফালে আন দুঠাইত হোৱা ভূমিস্খলনৰ ফলতো পথ যোগাযোগ বন্ধ হৈ পৰিছে।ইয়িংকিয়ঙৰ পৰা পাচিঘাট সংযোগী পথত হোৱা ভয়ংকৰ ভূমিস্খলনৰ ফলত উক্ত পথটো যাতায়াতৰ বাবে বন্ধ হৈ আছে। স্থানীয় লোকৰ মতে, পথটোৰে কোনো ধৰণৰ যোগাযোগ সম্পৰ্ক স্থাপন কৰিব পৰা নাই। উল্লেখ্য যে টুটিং অঞ্চলৰ পৰা সীমান্তলৈ যোৱা এই পথটো যাতায়াতৰ বাবে অতি গুৰুত্বপূৰ্ণ। ফলত সুৰক্ষা বাহিনীৰ পৰা আৰম্ভ কৰি সাধাৰণ লোকলৈকে ৰছদ-পাতি যোগান বিগত ৬ দিন ধৰি বন্ধ হৈ আছে।টুটিঙৰ স্থানীয় ব্যক্তি নৰবো চেৰিঙে ইটিভি ভাৰতক জনায় যে টুটিঙৰ পৰা গেলিঙৰ অন্তিম সীমান্তলৈকে ৩৪ কিলোমিটাৰ দূৰত্বৰ এই পথটো বন্ধ হৈ থকাৰ ফলত সেনাবাহিনীৰ যান-বাহনৰ চলাচলো দেখা পোৱা নাই। আনহাতে, টুটিং অঞ্চলৰ লগতে ৰাজ্যখনৰ বিভিন্ন স্থানত বুধবাৰেও যথেষ্ট পৰিমাণে বৰষুণ হয়।ইয়াৰ উপৰি ইটানগৰৰো কেইবাটাও পথ ভূমিস্খলনৰ ফলত বন্ধ হৈ পৰে।

পাকে কিচাং, ছাগালী, চাঙলাং, চিয়াং, চেপা আৰু বিভিন্ন ঠাইত এতিয়া ভয়াৱহ ভূমিস্খলনৰ পিচত বৰ্তমান পথ মেৰামতিৰ কাম আৰম্ভ হৈছে। পশ্চিম অৰুণাচল প্ৰদেশৰ ভালুকপুঙৰ টিপিত ভয়ঙ্কৰ ভূমিস্খলনৰ ফলত বিগত তিনিদিন ধৰি বন্ধ হৈ থকা একমাত্ৰ পথটো মঙলবাৰে সীমান্ত পথ সংস্থাই মুকলি কৰে।ইফালে ভূমিস্খলনৰ ফলত পাহাৰৰ পৰা প্ৰকাণ্ড প্ৰকাণ্ড শিল ৰাজপথত খহি পৰাৰ ফলত টাৱাঙলৈ যোৱা একমাত্ৰ পথটোও বন্ধ হৈ পৰিছিল। অৱশ্যে বৰ্ডাৰ ৰোডছ অৰ্গেনাইজেছনে ৯১ আৰ চি চিৰ সহায়ত যুদ্ধকালীন ক্ষিপ্ৰতাৰে অশেষ কষ্ট কৰি এস্কেভেটৰৰ সহায়ত পথটো পুনৰ যাতায়াতৰ বাবে মুকলি কৰি দিয়ে।

Related Articles