Breaking

Arunodoi 3.0: অৰুণোদয় ৩.০ঃ এক ৰেচন কাৰ্ড-এক অৰুণোদয়

37

৩৭.২ লাখ হিতাধিকাৰীক সামৰি ল’ব অৰুণোদয় ৩.০ আঁচনিয়ে। অৰুণোদয় ৩.০ৰ বাবে বৰ্তমানৰ হিতাধিকাৰীয়েও নতুনকৈ কৰিব লাগিব আবেদন। (arunodoi 3.0)

আজিৰে পৰা ৰাজ্যজুৰি আৰম্ভ অৰুণোদয় ৩.০। ৩৭.২ লাখ হিতাধিকাৰীক সামৰি ল’ব অৰুণোদয় ৩.০ আঁচনিয়ে। অৰুণোদয় ৩.০ৰ বাবে বৰ্তমানৰ হিতাধিকাৰীয়েও নতুনকৈ কৰিব লাগিব আবেদন। অৰুণোদয় ৩.০ পাবলৈ হ’লে থাকিব লাগিব আধাৰ সংযুক্ত বৈধ ৰেচন কাৰ্ড। আজি দিছপুৰৰ লোকসেৱা ভৱনত অৰুণোদয় ৩.০ৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। (arunodoi 3.0)

অৰুণোদয়-৩.০ আঁচনিখন অৰুণোদয় ২.০ আৰু অৰুণোদয় আঁচনিৰ পৰা কিছু পৃথক হ’ব, কোনসকল লোকে এই আঁচনি লাভ কৰিব, কাৰ কাৰ নাম অৰুণোদয় আঁচনিৰ পৰা কৰ্তন হ’ব এই সকলো বিষয়ে মুখ্যমন্ত্ৰীয়ে অৱগত কৰে।(himanata biswa sarma)

অৰুণোদয় ৩.০ত নি:কিন মহিলা, দিব্যাংগ, বিধৱা, তৃতীয় লিংগ আৰু অন্যান্য দুৰ্বল লোকসকলক বিত্তীয় সুৰক্ষা প্ৰদানৰ হেতু অগ্ৰাধিকাৰ দিয়া হ’ব। ২ লাখ টকাৰ তলৰ বার্ষিক উপাৰ্জন থকা পৰিয়ালবোৰ আবেদন কৰিবলৈ যোগ্য হিচাপে বিবেচিত হ’ব। অৰুণোদয় ৩.০ আঁচনিত মাহিলি ৪৬৭ কোটি টকা ব্যয় কৰিব।(Arunodoi 3.0 himanta biswa sarma)ৰাষ্ট্রীয় খাদ্য সুৰক্ষা আইনৰ লাভালাভ সম্প্ৰসাৰিত কৰা আঁচনিৰ অধীনত আৰু ১২ লাখ হিতাধিকাৰীৰ সংযোজন কৰিছে, যি প্ৰতি মাহে বিনামূলীয়া খাদ্য সামগ্রী লাভ কৰিবলৈ যোগ্য হ’ব। এই আঁচনিত আমাৰ দ্বাৰা প্ৰতি মাহে ৪৪০ কোটি টকাৰো অধিক ব্যয় কৰা হ’ব। উল্লেখ্য যে ৰাষ্ট্রীয় খাদ্য সুৰক্ষা আইনৰ কাৰ্ডসমূহত আয়ুষ্মান ভাৰতৰ অধীনত বিনামূলীয়া চিকিৎসাও অন্তৰ্ভুক্ত থাকিব।

জনসাধাৰণৰ পুষ্টি, বিত্তীয়, চিকিৎসা আৰু আনুষংগিক প্ৰয়োজনীয়তা সামৰি লোৱা এই কল্যাণমূলক পদক্ষেপসমূহে এক বিস্তৃত সামাজিক সুৰক্ষা বর্তনী সৃষ্টি কৰিব।

কোনে কোনে পাব অৰুণোদয় ৩.০-

  • অৰুণোদয়-৩.০ আঁচনিৰ সুবিধ পাবৰ বাবে ৰেচন কাৰ্ড থাকিবই লাগিব।
  • দৰিদ্ৰ পৰিয়ালৰ বিধৱা মহিলাই পাব অৰুণোদয়।
  • কোনোবা দৰিদ্ৰ পৰিয়ালত যদি ৪৫ বছৰ উৰ্ধৰ কোনো অবিবাহিত মহিলা আছে সেই পৰিয়ালেও অৰুণোদয় পাব।
  • দৰিদ্ৰ পৰিয়ালত যদি বিবাহ বিচ্ছেদ হোৱা মহিলা আছে সেই পৰিয়ালেও পাব।
  • কোনোবা দৰিদ্ৰ পৰিয়ালত যদি স্বামীয়ে আইন মতে বিবাহ বিচ্ছেদ দিয়া নাই কিন্তু পত্নীক এৰি থৈ গ’ল তেতিয়াও সেই পত্নীয়ে পাব অৰুণোদয়।
  • কাৰোবাৰ ঘৰত যদি তৃতীয় লিংগৰ সদস্য থাকে সেই পৰিয়ালেও পাব অৰুণোদয়।
  • যি পৰিয়ালত এইডছ, কুষ্ঠ, ঠেলাছেমিয়া, অতিজিম আদি ৰোগী আছে সেই পৰিয়ালেও অৰুণোদয় পাব।
  • আনহাতে যিসমূহ পৰিয়ালৰ বাৰ্ষিক আয় ২ লাখতকৈ কম তেওঁলোকে এই আঁচনিখনৰ সুবিধা লাভ কৰিব।আনহাতে কোনে কোনে নাপাব অৰুণোদয় ৩.০-
  • পঞ্চায়ত, নগৰীয়া স্থানীয় নিকায় আৰু স্বায়ত্তশাসিত পৰিষদৰ সদস্যসকল নাপাব।
  • চিকিৎসক, অভিযন্তা, আর্কিটেক্ট, চার্টার্ড একাউন্টেন্ট, উকীল, বেংকাৰ, শিক্ষক, চৰকাৰী কৰ্মচাৰী, বা পেঞ্চনাই নাপাব অৰুণোদয়।
  • চৰকাৰী ঠিকাদাৰ, ৰিয়েল ইষ্টেট বিল্ডাৰ, উদ্যোগপতি, বাণিজ্য অনুজ্ঞাপত্ৰধাৰী, ব্যৱসায়ী আৰু আয়কৰ দাতাই নাপাব।
  • মটৰচালিত চাৰিচকীয়া বাহন থকা পৰিয়ালে নাপাব অৰুণোদয়
  • ‘অৰুণোদয় প্লাছ’ৰ দৰে একে ধৰণৰ নগদ আঁচনিৰ হিতাধিকাৰীয়ে নাপাব অৰুণোদয়
  • ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত সামগ্রিক ঘৰুৱা উপাৰ্জনৰ সীমা অতিক্ৰম কৰা পৰিয়ালে নাপাব অৰুণোদয়।

Comments are closed.