অৰূপজ্যোতি হাজৰিকাৰ “প্লাষ্টিকৰ পৃথিবীলৈ” শ্ৰেষ্ঠ পাণ্ডুলিপিৰ সন্মান

যোগাত্মক চিন্তাৰে নিৰপেক্ষ দৃষ্টিভংগীৰে সংবাদ সেৱা আগবঢ়োৱাৰ ‘অসম বাৰ্তা’ই কাকত খনৰ দ্বিতীয় বৰ্ষপুতি অনুষ্ঠানৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা কবিতাৰ পাণ্ডুলিপি প্ৰতিযোগিতাত টীয়ক পৰ্বতীয়া গাওঁৰ অৰূপ জ্যোতি হাজৰিকাৰ পাণ্ডুলিপি “প্লাষ্টিকৰ পৃথিৱীয়ে” শ্ৰেষ্ঠ স্থান পাবলৈ সক্ষম হয়।

উল্লেখযোগ্য যে হাইস্কুলীয়া দিনৰে পৰা সাহিত্য চৰ্চা আৰু সাংবাদিকতা কৰি সাম্প্ৰতিক সময়ত এগৰাকী প্ৰতিশ্ৰুতি সম্পন্ন লেখক,কবি অৰূপ জ্যোতি হাজৰিকাৰ বিভিন্ন লেখা,কবিতা,প্ৰবন্ধ,গল্প সমূহ প্ৰায় সংখ্যক অসমীয়া কাকত,আলোচনীত প্ৰকাশ পাইছে। বৰ্তমান লৈকে কুৰিৰো অধিক গ্ৰন্থ প্ৰকাশ হোৱা হাজৰিকা এজন শিশু সাহিত্যিকো।

Related Articles