Breaking

তৃতীয়বাৰৰ বাবে ED কাৰ্যালয়ত হাজিৰ নহ’ল অৰবিন্দ কেজৰিৱাল

0 51

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ইডিৰ চমনৰ কোনো সঁহাৰি দিয়া নাই। সুৰানীতি কেলেংকাৰী সন্দৰ্ভত ED-এ চমন জাৰি কৰিছিল দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীক। কেন্দ্ৰীয় তদন্ত সংস্থাটোৱে তেওঁক ৩ জানুৱাৰীত ইডিৰ কাৰ্যালয়ত হাজিৰ হ’বলৈ নিৰ্দেশ দিছিল।

উল্লেখ্য যে তৃতীয়বাৰৰ বাবে কেজৰিৱালে ইডিৰ চমন এৰাই চলিছে। আপৰ মুৰব্বীজনক ইয়াৰ আগতে ক্ৰমান্বয়ে ২ নৱেম্বৰ আৰু ২১ ডিচেম্বৰত মাতি পঠোৱা হৈছিল। তেওঁ সেই আহ্বানৰ প্ৰতিও সঁহাৰি দিয়া নাছিল। আপ নেতা সৌৰভ ভৰদ্বাজে কৈছিল যে ‘অৰবিন্দ কেজৰিৱালে ২১ ডিচেম্বৰত তেওঁৰ যোগ অনুশীলনৰ বাবে যাব নোৱাৰে’। ইয়াৰ আগতে নৱেম্বৰত কেজৰিৱালে ইডিৰ চমনৰ প্ৰতি সঁহাৰি দিয়া নাছিল আৰু মধ্য প্ৰদেশত প্ৰচাৰ ৰখাৰ বাবে ৰাওনা হৈছিল।

আপে কৈছিল যে তেওঁক ৰাজনৈতিক প্ৰতিহিংসাৰ বাবে মাতি অনা হৈছে। আপে এইটোও দাবী কৰিছিল যে কেজৰিৱালক জাৰি কৰা চমন আইনী নহয়। আপৰ মুৰব্বীয়েও একেই কথা কৈছিল।

বুধবাৰে ইডিক অৰবিন্দ কেজৰিৱালে কয় যে তেওঁক জাৰি কৰা চমন অবৈধ। তেওঁ অনুসন্ধানত যিকোনো ধৰণে সহায় কৰিবলৈ সাজু। যিকোনো আইনীভাৱে বৈধ চমনৰ সঁহাৰি দিবলৈ ইচ্ছুক। কিন্তু অবৈধ চমন আঁতৰাব লাগিব।

Leave A Reply

Your email address will not be published.