Breaking

Arvind Kejriwal bail: মুকলি আকাশৰ তললৈ আহি কেজৰিৱালে সমৰ্থকক ক’লে: মোৰ শক্তি দুগুণ হ’ল

34

সুৰা নীতি কেলেংকাৰী গোচৰত ২১ মাৰ্চত ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক। ইফালে, উচ্চতম ন্যায়ালয়ে লোকসভা নিৰ্বাচনত প্ৰচাৰ চলোৱাৰ বাবে যোৱা ১০ মে’ত ২১ দিনৰ অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰিছিল মুখ্যমন্ত্ৰীগৰাকীক। এতিয়া উচ্চতম ন্যায়ালয়ে তেওঁক জামিন মঞ্জুৰ কৰে।(Arvind Kejriwal bail)

অৱশেষত ১৭৭ দিনৰ অন্তত তিহাৰ জেলৰ পৰা মুকলি আকাশৰ তললৈ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। দিল্লীৰ সুৰা কেলেংকাৰী গোচৰত শুকুৰবাৰে উচ্চতম ন্যায়ালয়ৰ পৰা জামিন লাভ কৰে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। তেওঁ জেলৰ পৰা মুক্তি লাভ কৰাৰ পিছতে আম আদমী পাৰ্টিৰ কৰ্মীৰ পৰা আৰম্ভ কৰি জ্যেষ্ঠ নেতালৈকে সকলোৱে আনন্দত আত্মহাৰা হৈছে।(Tihar Jail)জেলৰ পৰা ওলাই অহাৰ লগে লগে দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালে ক’লে যে মোৰ মুক্তিৰ বাবে প্ৰাৰ্থনা কৰা সেইসকল লোকক মই ধন্যবাদ দিব বিচাৰো, মোৰ শক্তি এতিয়া দুগুণ হৈছে। ধাৰাসাৰ বৰষুণৰ মাজতে পোষ্টাৰ, বেনাৰ আৰু দলৰ পতাকা লৈ কাৰাগাৰৰ বাহিৰত উপস্থিত আছিল আপ সমৰ্থকসকল। সেই মুহূৰ্তত ৰাইজে কেজৰিৱালৰ সমৰ্থনত শ্লোগান দিয়া পৰিলক্ষিত হয়।(Arvind Kejriwal bail)

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক ২১ মাৰ্চত ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল। ১০ দিনৰ জেৰাৰ অন্তত ১ এপ্ৰিলত তেওঁক তিহাৰ কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল। তাৰ পিছত ১০ মে’ত সাধাৰণ নিৰ্বাচনত প্ৰচাৰ চলাবলৈ ২১ দিনৰ বাবে মুকলি কৰি দিয়া হয় তেওঁক। ৫১ দিন কাৰাগাৰত থকাৰ পিছত মুকলি কৰি দিয়া হয়। ২ জুনত কেজৰিৱালে তিহাৰ জেলত আত্মসমৰ্পণ কৰে। যিহেতু ১৩ ছেপ্টেম্বৰত মুকলি কৰি দিয়া হয় তেওঁক সেয়ে তেওঁ জেলত থকা মুঠ দিন হ’ব ১৭৭টা। যদি ২১ দিন মুক্তিৰ সময় হ্ৰাস কৰা হয় তেন্তে তেওঁ জেলত থকা দিন হ’ব ১৫৬টা।(Delhi CM Arvind Kejriwal)

সুৰা কেলেংকাৰীৰ সৈতে জড়িত ধন সৰবৰাহৰ গোচৰত যেতিয়া মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালে ৯ বাৰকৈ ইডিৰ জাননী আওকাণ কৰিলে, তেতিয়া চলিত বৰ্ষৰ ২১ মাৰ্চত তেওঁক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীক। এই সময়ত কেজৰিৱালক জেৰা চলি থাকিল, য’ত বহু তথ্য পোহৰলৈ আহিল। কিন্তু দেশত লোকসভা নিৰ্বাচনৰ সময়ত ভাৰতীয় ৰাজনীতিত নিজৰ স্থিতি বৃদ্ধি কৰিবলৈ চেষ্টা কৰা আম আদমী পাৰ্টিয়ে নিজৰ নেতা কেজৰিৱালৰ গুৰুত্ব উপলব্ধি কৰিলে।

ইয়াৰ পিছতে আম আদমী পাৰ্টিয়ে জামিন বিচাৰি উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল। উচ্চতম ন্যায়ালয়ে তেওঁক ১০ মে’ৰ পৰা ১ জুনলৈ লোকসভা নিৰ্বাচনৰ বাবে জামিন মঞ্জুৰ কৰে। উচ্চতম ন্যায়ালয়ে কয় যে কেজৰিৱাল অপৰাধী প্ৰকৃতিৰ ব্যক্তি নহয়, তেওঁৰ কোনো অপৰাধৰ অভিলেখো নাই, সেয়েহে তেওঁ সমাজৰ বাবে ভাবুকি নহয়।

আনহাতে ২ জুনত জামিনৰ সময়সীমা শেষ হোৱাৰ পিছত কেজৰিৱাল পুনৰ তিহাৰ জেলত আত্মসমৰ্পণ কৰে। ইয়াৰ পিছত ১২ জুলাইত উচ্চতম ন্যায়ালয়ে ইডি গোচৰত অৰবিন্দ কেজৰিৱালক জামিন মঞ্জুৰ কৰিছিল যদিও চিবিআই গোচৰত তেওঁ কোনো সকাহ নাপালে।

৫ আগষ্টত দিল্লী উচ্চ ন্যায়ালয়ে চিবিআইৰ কেজৰিৱালক গ্ৰেপ্তাৰ কৰা সিদ্ধান্তক সমৰ্থন কৰি নিম্ন আদালতৰ কাষ চাপিবলৈ নিৰ্দেশ দিয়ে কেজৰিৱালক। ইয়াৰ পাছতে উচ্চতম ন্যায়ালয়ত উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাই কেজৰিৱালে জামিনৰ দাবী জনায়। ৫ ছেপ্টেম্বৰত চিবিআইৰ গ্ৰেপ্তাৰক প্ৰত্যাহ্বান জনোৱা আবেদনৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে নিজৰ ৰায় সংৰক্ষণ কৰি ৰাখিছিল।

অৱশেষত ১৩ ছেপ্টেম্বৰত দিয়া ৰায়দানত ন্যায়াধীশ সূৰ্য কান্তৰ নেতৃত্বত দুজনীয়া বিচাৰপীঠে দিল্লী আবকাৰী নীতিৰ গোচৰত কেজৰিৱালক জামিন মঞ্জুৰ কৰে। চি বি আইৰ গোচৰত এই জামিন মঞ্জুৰ কৰা হৈছে। ইয়াৰ পিছত আম আদমি পাৰ্টিৰ নেতাসকলক মুখত সুখৰ হাঁহি দেখা গ’ল। আম আদমি পাৰ্টিৰ মুখ্য কাৰ্যালয়ত সমবেত হয় বহু আপৰ নেতা-কৰ্মী।

Comments are closed.