Breaking

Arvind Kejriwal Resignation: কেজৰিৱালৰ পদত্যাগৰ ঘোষণাক সস্তীয়া প্ৰচাৰৰ কৌশল আখ্যা বিজেপিৰ

19

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিব বুলি কৰা ঘোষণাই বিভিন্ন মহলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে(Arvind Kejriwal Resignation)। বিজেপিয়ে কেজৰিৱালৰ এই ঘোষণাক সস্তীয়া প্ৰচাৰৰ কৌশল আখ্যা দিছে।

গুৱাহাটী, ১৬ ছেপ্টেম্বৰ: দেওবাৰে কাৰাগাৰৰ পৰা মুক্তি পোৱাৰ পিছত দিল্লীৰ মুখ্যমন্ত্রীগৰাকীয়ে প্রথমখন ৰাজহুৱা সভাত মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিব বুলি ঘোষণা কৰিছিল (Arvind Kejriwal Resignation)। তেওঁ কয় , “জনসাধাৰণে মোক পুনৰ নির্বাচন নকৰালৈকে মই মুখ্যমন্ত্রীৰ চকীত বহি নাথাকো ৷ মই প্ৰতিজন মানুহৰ ঘৰলৈ যাম।”

কেজৰিৱালে দাবী কৰে যে বিজেপিয়ে আপ(Aam Aadmi Party) ধ্বংস কৰাৰ উদ্দেশ্যেৰে তেওঁক জেললৈ প্ৰেৰণ কৰিছিল । কেজৰিৱালে কয়, “মোক জে’ললৈ পঠিয়াই আমাৰ দলটো ভাঙি পেলাব বিচাৰিছিল ৷ কিন্তু তেওঁলোকে তেনে কৰিব নোৱাৰিলে । মই সংবিধান বচাব বিচাৰিছিলো, সেইবাবেই জে’লত থকাৰ পিছতো পদত্যাগ কৰা নাছিলো।”

ইফালে অৰবিন্দ কেজৰিৱালে(Delhi Chief Minister Arvind Kejriwal) দিল্লীৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিব বুলি কৰা ঘোষণাৰ পিছতেই বিজেপিয়ে(Bharatiya Janata Party) কেজৰিৱালৰ এই ঘোষণাক সস্তীয়া প্ৰচাৰৰ কৌশল আখ্যা দিছে।

গেৰুৱা দলটোৰ মুখপাত্ৰ প্ৰদীপ ভাণ্ডাৰীয়ে(BJP spokesperson Pradeep Bhandari) এই প্ৰসংগত কয় যে, কেজৰিৱালে নিজৰ ভাবমূৰ্তি পুনৰ উজলাবৰ বাবেই এনে ঘোষণা কৰি মানুহক আবেগিক কৰিব বিচাৰিছে ।

ভাণ্ডাৰীয়ে লগতে কয়, “এয়া অৰবিন্দ কেজৰিৱালৰ এক প্ৰচাৰৰ কৌশল । তেওঁ জানে যে দিল্লীৰ জনতাই তেওঁক আৰু সৎ নেতা হিচাবে গণ্য নকৰে। সেয়ে তেওঁ এনে কৌশলৰ জৰিয়তে ভাবমূৰ্তি উজ্জ্বল কৰিব বিচাৰিছে।

উল্লেখ্য যে, চলিত বছৰৰ মাৰ্চ মাহত আবকাৰী দুৰ্নীতিৰ গোচৰত গ্ৰেপ্তাৰ হৈছিল কেজৰিৱাল। ইয়াৰ পিছত ৬ মাহ জেলৰ পৰাই তেওঁ চৰকাৰ চলাইছিল। জেলত থকা সময়ত বিজেপিয়ে বাৰে বাৰে কেজৰিৱালৰ পদত্যাগ দাবী কৰিছিল। দুৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা কেজৰিৱালে মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হোৱাৰ নৈতিক অধিকাৰ হেৰুৱাইছে বুলি দাবী কৰিছিল বিজেপিয়ে।

Comments are closed.