Breaking

নিৰ্বাচনৰ মাজতে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান অৰবিন্দ সিং লাভলীৰ…

0 15

কংগ্ৰেছ নেতা তথা দিল্লী কংগ্ৰেছৰ প্ৰাক্তন সভাপতি অৰবিন্দৰ সিং লাভলীৰ বিজেপিত যোগদান।কিছুদিন পূৰ্বে সভাপতিৰ পদ এৰিছিল নেতাগৰাকীয়ে। দলৰ প্ৰাৰ্থী তালিকাক লৈ মতবিৰোধৰ পাছতে কৰিছিল পদত্যাগ।

কেৱল অৰবিন্দৰ সিং লাভলীয়েই নহয়, তেওঁৰ সৈতে আজি আনুষ্ঠানিকভাৱে বিজেপিত চামিল হয় পূৰ্বৰ মন্ত্ৰী ৰাজ কুমাৰ চৌহান, পূৰ্বৰ মন্ত্ৰী নছিব সিং, নীৰজ বাসৌয়া আৰু অমিত সিং।

অৰবিন্দৰ সিং লাভলীয়ে দুবাৰকৈ দিল্লী প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব পালন কৰিছিল। তেওঁ মুঠ চাৰিবাৰ বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ উপৰিও শীলা দীক্ষিতৰ মন্ত্ৰীসভাত মন্ত্ৰী হিচাপেও দায়িত্ব পালন কৰিছিল।

Leave A Reply

Your email address will not be published.