Breaking

পুনৰ NCBৰ SIT দলৰ জেৰাৰ সন্মুখীন হ’ব লাগিব আৰয়ান খান

0 2,033

মুম্বাইৰ ক্ৰুজ ড্ৰাগছ গোচৰত অভিযুক্ত আৰয়ান খানৰ বিপদ আতৰা নাই । দুসপ্তাহ পুৰ্বে জামিনত মুক্তি লাভ কৰা অভিনেতা শ্বাহৰুখৰ পুত্ৰ আৰয়ান খানক শিঘ্ৰে NCB ৰ SIT দলে জেৰা চলাব । সোমবাৰে দিল্লী NCB ৰ SIT দলে জেৰা চলাই আৰয়ান খানৰ সংগী অৰবাজ মাৰ্চেন্ট আৰু অচিৎ কুমাৰক।
NCB-SIT দলে মুঠ ছটা গোচৰৰ তদন্ত কৰি আছে । এই গোচৰৰ সকলো অভিযুক্তক জেৰা কৰিব NCB – SIT দলে । আৰয়ান খান আৰু মহাৰাষ্ট্ৰৰ মন্ত্ৰী নবাব মালিকৰ জোৱাই সমীৰ খানকো জেৰা কৰিব NCB ৰ SIT য়ে।

Leave A Reply

Your email address will not be published.