Breaking

ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ ২০২২ৰ অংশ হিচাপে কামৰূপ মহানগৰ জিলা পৰ্যায়ৰ শিশু বিজ্ঞান সমাৰোহখনি অহা ৩০ অক্টোবৰ তাৰিখে অনুষ্ঠিত হ’ব…

0 244

ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ ২০২২ৰ অংশ হিচাপে কামৰূপ মহানগৰ জিলা পৰ্যায়ৰ শিশু বিজ্ঞান সমাৰোহখনি অহা ৩০ অক্টোবৰ ২০২২ তাৰিখে দিনজোৰাকৈ অনুষ্ঠিত হ’ব।সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়, ভৰলুমুখত অনুষ্ঠিত হ’বলগীয়া উক্ত কাৰ্যসূচী সিদিনাখন দিনৰ ৯ বজাত পতাকা উত্তোলনেৰে আৰম্ভ কৰা হ’ব। পতাকা উত্তোলনৰ লগে লগে ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ শীৰ্ষ গীতটো পৰিৱেশন কৰা হ’ব। আৰম্ভণি অনুষ্ঠানত সমাৰোহৰ আঁদৰণি ভাষণ দিব সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা মঞ্জুৰাণী বৰ্মনে (Manjurani Barman)। সমাৰোহৰ উদ্বোধনী ভাষণ প্ৰদান কৰিব কামৰূপ মহানগৰ জিলা ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ সমিতি ২০২২ৰ সভাপতি অধ্যাপক অনুপ কুমাৰ তালুকদাৰে। পতাকাৰ তলত শিশু বিজ্ঞানীসকলক শপত বাণীও পাঠ কৰোৱা হ’ব।

শিশু বিজ্ঞানীসকলৰ বিজ্ঞান প্ৰকল্প প্ৰতিবেদন উপস্থাপনৰ বাবে দিনৰ ১০-৩০ বজাৰপৰা আৰম্ভ হ’বলগীয়া কাৰিকৰী অনুষ্ঠান উদ্বোধন কৰিব কামৰূপ (মহানগৰ) জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক প্ৰসন্ন বৰাই।

আবেলি ২-৩০ বজাত সমাৰোহৰ সামৰণি অনুষ্ঠান পতাৰ বাবে পৰিকল্পনা কৰা হৈছে যদিও প্ৰকল্প উপস্থাপনৰ সময়ৰ ওপৰত নিৰ্ভৰ কৰি কিছু সাল-সলনিও হ’ব পাৰে।

উল্লেখ্য যে ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ পৃষ্ঠপোষকতাত ৰাষ্ট্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তিবিদ্য়া সংযোগ পৰিষদে সমগ্ৰ দেশজুৰি ১৯৯৩ চনৰপৰা উক্ত কাৰ্যক্ৰম আয়োজন কৰি আহিছে। জিলা, ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত উক্ত কাৰ্যসূচীত ১০ৰপৰা ১৭ বছৰ বয়সৰ ল’ৰা-ছোৱালীসকলে বিনামূলীয়াকৈ যোগদান কৰিব পাৰে।

সমাৰোহত যোগদান কৰিবলৈ ইচ্ছুক ল’ৰা-ছোৱালীসকলে দুজনীয়া একোটা গোট একোটা গঠন কৰি জিলা সংগঠনৰ ওচৰত আগতীয়াকৈ নাম পঞ্জীয়ন কৰাৰ লগতে সমাৰোহৰ শীৰ্ষ বিষয়ক লৈ একোটা প্ৰকল্প সম্পাদন কৰিব লাগে। জিলা পৰ্যায়ৰ সমাৰোহত শিশু বিজ্ঞানীৰ দলবোৰে নিজ নিজ প্ৰকল্পৰ প্ৰতিবেদন উপস্থাপন কৰিব লাগে। এইবছৰৰ প্ৰকল্পৰ বাবে নিৰ্ধাৰিত মূল বিষয় হৈছে- “সু-স্বাস্থ্য আৰু সৰ্বাংগীন কুশলতাৰ বাবে পৰিস্থিতিতন্ত্ৰক বুজোঁ আহা।“

Leave A Reply

Your email address will not be published.