Breaking

লোকসভা নিৰ্বাচন যিমানে ওচৰ চাপিছে বিৰোধী দলৰ নেতা কৰ্মীয়ে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি আকৰ্ষিত হৈছে ঃ ৰাজ্য়িক বিজেপিৰ সভাপতি ভৱেশ কলিতা…

0 31

লোকসভা নিৰ্বাচন যিমানে ওচৰ চাপিছে বিৰোধী দলৰ নেতা কৰ্মীয়ে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি আকৰ্ষিত হৈছে।তাৰো ওপৰি মহাজোঁট বন্ধনৰ দলসমূহে বুজি উঠিছে যে-পুনৰ এবাৰ মোদী চৰকাৰ হবলৈ গৈ আছে আৰু তৃতীয় বাৰৰ বাবে মোদী জী পুনৰ প্ৰধানমন্ত্ৰী হব সেইয়া এশ শতাংশ নিশ্চিত। ঠিক সেইদৰে আজি গুৱাহাটী বশিষ্ঠ চাৰিআলিস্থিত ভাৰতীয় জনতা পাৰ্টি,অসম ৰাজ্যিক মুখ্য কাৰ্যালয়ত আয়োজিত এক বিশাল যোগদান কার্যসূচীত অসম চৰকাৰৰ প্ৰাক্তন কেবিনেট মন্ত্ৰী তথা কংগ্ৰেছ দলৰ প্ৰাক্তন বিধায়ক বিস্মৃতা গগৈ,

অসম প্ৰদেশৰ ৰাজ্যিক যুৱ কংগ্ৰেছৰ প্রাক্তন সভানেত্ৰী অংকিতা দত্ত,সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি দীপাংকৰ কুমাৰ নাথ,সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন উপদেষ্টা প্ৰকাশ দাস,কামৰূপ জিলা ছাত্ৰ সন্থাৰ প্ৰাক্তন উপদেষ্টা তথা ছাত্ৰ নেতা হেমন্ত দাস,অসম বিধানসভাৰ প্ৰাক্তন উপাধ্যক্ষ দিলীপ পাল,অসম জাতীয় পৰিষদৰ প্ৰাক্তন নেতা ফণী পাঠকৰ লগতে কেইবাটাও ৰাজনৈতিক দল, সামাজিক অনুষ্ঠান তথা ছাত্ৰ সংগঠনৰ ৰাজ্যিক তথা

জিলা পৰ্যায়ৰ শীৰ্ষ নেতাৰ লগতে কেইবা শতাধিক (৭০০) ৰো অধিক দলীয় কৰ্মী তথা সমৰ্থকে ভাৰতীয় জনতা পাৰ্টিৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হোৱাৰ লগতে অসমখনক বিৰামহীন বিকাশ তথা উন্নয়নৰ পথত দ্রুত গতিত আগবঢ়াই নিয়াৰ স্বাৰ্থত বিজেপি চৰকাৰখনৰ প্ৰতি পূৰ্ণ সমৰ্থন তথা বিশ্বাস জগাই দলত আনুষ্ঠানিকভাৱে যোগদান কৰে। দলত আনুষ্ঠানিক ভাৱে যোগদান কৰা সকলোকে দলৰ মজিয়ালৈ উষ্ম আদৰণি জনাই আগন্তুক দিনবোৰত দল তথা সমাজৰ হৈ সেৱাৰ মনোভাৱৰে কাম কৰি যাবলৈ আহ্বান জনাই ।

Leave A Reply