Asam Sahitya Sabha: পহিলা ব’হাগত ‘নিজৰ দিন’ উদযাপন কৰিব অসম সাহিত্য সভাই

বিগত বছৰসমূহৰ দৰেই এই বছৰো অসম সাহিত্য সভাই পহিলা ব’হাগৰ দিনটো ‘নিজৰ দিন’ হিচাপে উদযাপন কৰিবলৈ ব্যাপক প্রস্তুতি চলাইছে।(Asam Sahitya Sabha) কাকতলৈ প্ৰেৰণ কৰা এক সংবাদ বিজ্ঞপ্তিত সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই জানিবলৈ দিয়া মতে এই নিজৰ দিনৰ উপলক্ষ্যে অসম সাহিত্য সভাই অসমীয়া ভাষা-সাহিত্য, কৃষ্টি-সংস্কৃতিৰ বিকাশ-বিস্তৃতিৰ বাবে অহোৰাত্ৰ কাম কৰি থকা আৰু জাতীয় জীৱনলৈ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা দহ হাজাৰ ব্যক্তিক পহিলা ব’হাগৰ দিনা অৰ্থাৎ অহা ১৫ এপ্ৰিলৰ পুৱা ৯ বজাৰ পৰা সন্ধিয়া ৭ বজাৰ ভিতৰত ঘৰে ঘৰে গৈ অসম সাহিত্য সভাৰ কেন্দ্ৰীয় বিষয়ববীয়াৰ লগতে ভিন্ন জিলা সভা আৰু শাখা সভাৰ কৰ্মকর্তাসকলে থুৰীয়া তামোল-পাণৰে সেৱা ধৰি সন্মানিত কৰিব।

ৰাজ্যখনৰ পাহাৰে-ভৈয়ামে শান্তি-সম্প্রীতিৰে বসবাস কৰি থকা এই ব্যক্তিসকলৰ উপৰিও ভাৰতবৰ্ষৰ বাংগালোৰ, আহমেদাবাদ, দিল্লী, উড়িষ্যা, ভূৱনেশ্বৰ, অৰুণাচল, ইটানগৰ, পাচিঘাটকে ধৰি লণ্ডন, উত্তৰ আমেৰিকা আদি স্থানতো সেইদিনা ‘নিজৰ দিন’ উপলক্ষ্যে ৬৫ বছৰ বয়সৰ ঊর্ধ্বৰ জাতীয় জীৱনৰ লগত সম্পৃক্ত হৈ থকা ব্যক্তিসকলক ঘৰে ঘৰে গৈ সন্মান প্রদর্শন কৰিব। বিজ্ঞপ্তিখনত প্রধান সম্পাদকে জানিবলৈ দিয়া মতে- এই নিজৰ দিনৰ কাৰ্যসূচীত পূৰ্বৰ বছৰত সম্বৰ্ধিত হোৱা কোনো ব্যক্তিক দ্বিতীয়বাৰৰ বাবে সন্মান প্রদান কৰিব নালাগে আৰু অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰ সদস্য, জিলা সভা, শাখা সভা, আদৰণী সমিতিৰ কোনো সদস্যক শুভেচ্ছা জ্ঞাপন কৰিব নোৱাৰিব বুলিও স্পষ্ট কৰি দিছে। ইফালে ৬৫ বছৰ বয়সৰ ঊর্ধ্বৰ জাতীয় জীৱনৰ লগত সম্পৃক্ত হৈ থকা ব্যক্তিসকলক শুভেচ্ছা জ্ঞাপন কৰিবৰ বাবে অসম সাহিত্য সভাই আগতীয়াকৈ ভিন্ন কাৰ্যালয়ৰ তত্ত্বাৱধানত জিলা সভা-শাখা সভাৰ যোগেদি ওলগনি পত্ৰ প্ৰেৰণ কৰিছে। সেইদিনা কেন্দ্ৰীয় সমিতি, জিলা সভা, শাখা সভা, আদৰণি সমিতিৰ সদস্য-সদস্যাসকলে সম্বর্ধিত ব্যক্তিসকলক থলুৱা শিপিনীৰ দ্বাৰা বোৱা গামোচা, গ্ৰন্থৰ টোপোলা আৰু একোখনকৈ থুৰীয়া তামোল-পাণ প্রদান কৰি সেৱা ধৰিব। সভাৰ হৈ সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ যোৱা সাহিত্য সভাৰ দলটো ন্যূনতম পাঁচজনীয়া হ’ব লাগিব আৰু তেওঁলোকে জাতীয় পোছাক পৰিধান কৰিব লাগিব। প্রতিনিধি দলটোৱে চিৰ নমস্য ব্যক্তিসকলক সম্বৰ্ধনা জ্ঞাপন কৰা মুহূৰ্তটো কেমেৰাত আবদ্ধ কৰি ৰাখি পৰৱৰ্তী সময়ত সামাজিক মাধ্যম, সংবাদ মাধ্যম আৰু অসম সাহিত্য সভাৰ প্ৰচাৰ আহ্বায়ক শংকুসিদ্ধ নাথৰ ভ্রাম্যভাষঃ ৯৮৬৪১২০৩৫৭ হোৱাটছ-এপ নম্বৰৰ যোগেদি সভালৈ প্রেৰণ কৰিব লাগিব।

আনহাতে ব্যক্তিসকলক নিজৰ দিনৰ সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ যোৱাৰ সময়ত সভাৰ কৰ্মকর্তাসকলে সম্বর্ধিত ব্যক্তিজনৰ পৰিয়ালৰ সদস্যসকলক আৰু প্ৰতিৱেশীসকলক আমন্ত্ৰণ কৰি আনিব লাগিব আৰু অনুষ্টুপীয়াকৈ পোন্ধৰ মিনিটৰ এটি অনুষ্ঠান সম্পন্ন কৰিব আৰু উক্ত অনুষ্ঠানতে সভাৰ ২০২৫-২০২৭ বৰ্ষৰ কাৰ্যনিৰ্বাহকে গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি আজীৱন স্থায়ী সদস্য হৈ সভাৰ লগত সম্পৃক্ত হ’বৰ বাবে মুকলি অনুৰোধ কৰিব লাগিব। ইফালে সভাৰ কেন্দ্ৰীয় সমিতিয়ে নিজাববীয়াকৈ যোৰহাটৰ কেন্দ্ৰীয় কার্যালয়কে ধৰি ভিন্ন অঞ্চলিক কাৰ্যালয়ৰ কর্মকর্তাসকলে পৃথকে পৃথকে আদিত চন্দ্র কলিতা (ওডালগুৰি), ৰজনী বৰা (শোণিতপুৰ), বানেশ্বৰী ডেকা (দৰং), সুভাষ নাথ (ডিমা হাচাও), অতুল চন্দ্র শর্মা (কাৰবি আংলং), নিত্যানন্দ গোস্বামী (পশ্চিম কাৰবি আংলং), চন্দ্রনাথ নেওগ (লক্ষীমপুৰ), হীৰেন বৰা (বিশ্বনাথ), উমেশ চেতিয়া (ধেমাজি), গিৰিণ তামুলী (অৰুণাচল), নৃপেন দেউৰী (যোৰহাট), ডাঃ নীল পেগু (মাজুলী), বদৰতদ্দিন আহমেদ (গোলাঘাট), ৰতিপ্রভা গগৈ (চৰাইদেউ), অমৃত নাৰায়ণ পাটগিৰি (চিৰাং), ড° কৃষ্ণ ৰয় (বজালী), ডাঃ অচ্যুৎ মেধি (বাক্সা), ড° বাবুল চন্দ্র দাস (বৰপেটা), ৰতিমোহন নাথ (নগাঁও), মাইজান বৰা (হোজাই), নৰেন্দ্ৰনাথ কেওট (মৰিগাঁও), অপূর্ব কুমাৰ দত্ত (কৰিমগঞ্জ), অজয় খান (শিলচৰ), সুনীল কুমাৰ শৰ্মা (হাইলাকান্দি), ড° শৈলেন ঠাকুৰীয়া (কামৰূপ), ড° ভবেন কলিতা (নলবাৰী), ড° দ্বীপেন্দ্ৰ কুমাৰ অধিকাৰী (ধুবুৰী), প্রতীমানন্দী নাৰ্জাৰী (কোকৰাঝাৰ), অমৃতভূষণ ফৌজদাৰ (বঙাইগাঁও), বীৰেণ বৰুৱা (ডিব্ৰুগড়), বিপিন শৰ্মা (চৰাইদেউ), শৰৎচন্দ্ৰ চিৰিং ফুকন (তিনিচুকীয়া) আদিক সম্বৰ্ধনা জ্ঞাপন কৰিব।


সফল জীৱন পৰিক্ৰমাৰে সমৃদ্ধ অভিজ্ঞ ব্যক্তিসকলক অসম সাহিত্য সভাৰ তৰফৰ পৰা নিজৰ দিনত আন্তৰিকতাৰে সন্মান প্রদর্শন আৰু কৃতজ্ঞতা জ্ঞাপন কৰি অসমীয়াৰ গৌৰৱ বৃদ্ধি কৰাৰ এই মহৎ কর্মযজ্ঞৰ অংশীদাৰী হ’বলৈ সভাৰ প্ৰধান সম্পাদকে সকলোকে এক বিজ্ঞপ্তিযোগে আহ্বান জনাইছে।।

Related Articles