Asam Sahitya Sabha: অসমবাসীলৈ অসম সাহিত্য সভাৰ ৰঙালী বিহুৰ ওলগ

সংস্কৃত বিষুণৱ শব্দৰ পৰা সাধিত বিহুৰ পাৰ ভঙা উৎসাহ সমগ্র মানৱ জাতিৰ কৃষি সভ্যতাৰ প্রতীক। বিহুৰ ছন্দ ঐক্য আৰু সম্প্রীতিৰ ছন্দ। ই কেৱল প্রেম-প্রীতিৰ অভিব্যক্তিয়েই নহয়, ই শ্রমজীৱীৰ সিদ্ধি বস্তুৰ স্বপ্নময় উল্লাস। অসম সাহিত্য সভাৰ সভাপতি ড° বসন্তকুমাৰ গোস্বামী(Asam Sahitya Sabha) আৰু প্রধান সম্পাদক দেৱজিৎ বৰাই এক সংবাদ বিবৃত্তিযোগে অসমৰ জিলা সভা, শাখা সভা, আজীৱন সভ্য, হিতৈষী সভ্য, পৰম হিতৈষী সভ্য, পৰম সুহৃদ হিতৈষী সভ্য, সুহৃদ পৰিয়ালৰ লগতে অসমবাসীক ৰঙালী বিহুৰ ওলগ জনাইছে। ৰঙালী বিহুৱে অসমত সাতামপুৰুষীয়া ঐক্য আৰু সম্প্ৰীতিৰ পৰিৱেশ সৃষ্টি কৰি বিশ্বমানৱৰ গৌৰৱলৈ উত্তৰণ ঘটাওক।

অসমীয়া জাতীয় পৰিচয়ৰূপেও ৰঙালী বিহু চিহ্নিত হওক। বিহুৰ বিকৃতি ঘটিব পাৰে, যুগৰ প্ৰভাৱো পৰিব পাৰে; কিন্তু ৰঙালী বিহুৰ আদিম প্রতিভাৰে সদায় অসমক চিনাকি দি থাকক। উত্তৰ ভাৰতৰ সংস্কৃতিয়ে তল্কিব নোৱৰাকৈ অসমৰ বৰঘৰত বৰপীৰা এখন ল’ব নোৱাৰে তাৰ বাবেও অসমবাসীক সচেতন হ’বলৈ অসম সাহিত্য সভাই আহ্বান জনায়। ৰঙালী বিহুৱে প্রতিজন অসমীয়াক উদ্বুদ্ধ কৰক, প্ৰতিগৰাকী অসমীয়াৰ সত্তাক আলোড়িত কৰক আৰু সমাজত প্রতীতিৰ পতাকাও উত্তোলন কৰক। বিহুৰ নামত হৈ চৈ এৰি বিহুৰ মাজত প্রতিজন অসমীয়াৰ আত্মাৰ বাণী শুনাৰ পৰিৱেশ সৃষ্টি হোৱাৰ কামনা কৰিছে অসম সাহিত্য সভাই।

Related Articles