Asam Sahitya Sabha:অসম সাহিত্য সভা কোন দিশেঃ নবীন কলিতা

যি সময়ত অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতিৰ বাবে ‘ভাষা গৌৰৱ সপ্তাহ’ পাতি গৌৰৱ অনুভৱ কৰিছো, সেই সময়ত অসমৰ(Assam) সৰ্ববৃহৎ জাতীয় অনুষ্ঠান অসম সাহিত্য সভাৰ(Asam Sahitya Sabha) কাম-কাজসমূহে অসমবাসীক চিন্তিত কৰি তুলিছে। সাহিত্য সভাৰ কৰ্মকৰ্তাসকল যেন পদবীলাভৰ অঘোষিত প্ৰতিযোগিতাত নিমগ্ন।(Dainandin Barta)


১৮৩৬ চনৰ পৰা ১৮৭৩ চনলৈকে অসমীয়া ভাষাৰ(Assam Literary Society) যি দূৰ্যোগ নামি আহিছিল, সেই দূৰ্যোগে অসমীয়া ভাষা সাহিত্যক এশবছৰ পিছুৱাই আনিছিল। তাৰ পাছতো পদ্মনাথ গোহাঞি বৰুৱা, লক্ষ্মীনাথ বেজবৰুৱা আদি ভাষাকাণ্ডাৰীসকলৰ জীৱনযোৰা সাধনাৰ ফলত অসমীয়া ভাষাই হেৰোৱা গৌৰৱ ঘূৰাই পালে।

১৯১৭ চনৰ পৰা অসম সাহিত্য সভাৰ সভাপতিসকলৰ ক্ৰমানুসৰি নাম তালিকা চালে শ্ৰদ্ধাত মুৰ দো খাই আহে। কিন্তু আজি কেইবছৰমানৰ আগৰ পৰা অসম সাহিত্য সভাৰ মজিয়াত যি পৰম্পৰা গঢ় লৈ উঠিল, সেইয়া বৰ্ণনাতীত(India)। বহু নহ’ব লগীয়া, আশা নকৰা ঘটনা সভাৰ মজিয়াত ঘটি গৈছে।

অসমৰ ৰাইজৰ এটি আদৰৰ অনুষ্ঠান পলে পলে অনাস্থাৰ দিশে গতি কৰিছে। এফালে অসমীয়া ভাষাৰ বহু প্ৰত্যাশিত ধ্ৰুপদী ভাষাৰ স্বীকৃতি, আনফালে সাহিত্য সভাৰ মজিয়াত অৰাজকতা, লবী কেন্দ্ৰীক ৰাজনীতি। কেইজনমান অসাহিত্যিকৰ দপ্‌দপ্‌নি, সাহিত্য সভাৰ মজিয়াত আজি দৰ দাম হয় সাহিত্যৰ। সাহিত্য সভা নহয় যেন কেইজনমান ব্যক্তিৰ এটি ক্লাব ঘৰ।

প্ৰতিনিধত্বমূলক ছবিহে

প্ৰকৃত সাহিত্যিকসকলক ওচৰ চাপিবলৈ দিয়া নহয়। অসম সাহিত্য সভাই দুবছৰে সভাৰ গ্ৰন্থ আৰু পত্ৰিকা প্ৰকাশ কৰিব নোৱাৰাটো পৰিতাপৰ কথা।


ভাষা ভাব প্ৰকাশৰ মাধ্যম হিচাপে সামাজিক সংমিশ্ৰণ আৰু সমন্বয়ৰ জৰিয়তে ভাষা গঠন আৰু বিকাশ তৰান্বিত হয়। ভাষা গঠন প্ৰক্ৰিয়া একোটা অঞ্চলত ভূ-ৰাজনৈতিক পৰিচয়ৰ উপৰি একোটা বিশেষ অঞ্চলৰ নৃ-গোষ্ঠীয় উপাদানবোৰৰ মাজতো নিহিত হৈ থাকে। সেয়ে অসমৰ নৃ-গোষ্ঠীয় আৰু সাংস্কৃতিক শিপাডালত অসমীয়া ভাষা মূল শিপা হিচাপে চিহ্নিত হৈ থাকে।

অসমীয়া ভাষাটো বৰ্ণ হিন্দুসকলৰ নিজা স্থাবৰ সম্পত্তি বুলি নাভাবি বিভিন্ন জাতি জনগোষ্ঠী লোককো আদৰি লোৱাতহে অসম সাহিত্যসভাৰ সফলতা নিৰ্ভৰ কৰে।

শংকৰদেৱে অসমীয়া জাতিটোক সকলো বৰ্ণৰ মাজেৰে বৰ অসমৰ পৰিকল্পনা কৰিছিল, তাত আমি কীৰ্তনঘৰৰ লাহখঁুটাত কঁপনি তুলি শ্মশান যাত্ৰাৰ দিশে আগুৱাইছো।


অসম সাহিত্য সভাই সঘনে সমন্বয়ৰ কথা কয়, কিন্তু অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ ভাষিক সাহিত্যিকসকলৰ উপযুক্ত সন্মান আৰু আসনৰ ক্ষেত্ৰত অসম সাহিত্য সভাৰ ভূমিকা মুঠেই সন্তোষজনক নহয়।

সেই জনগোষ্ঠীয় ভাষা-সাহিত্যৰ উন্নয়নৰ হকে অসম সাহিত্য সভাৰ কৰণীয় একো নাইনে? পদ্মনাথ গোহাঞি বৰুৱাৰ পৰা বৰ্তমানলৈকে সাহিত্য সভাৰ সভাপতিসকলৰ তালিকাত চকু ফুৰালেই যেন হৃদয়ৰ একোনত অনুভৱ হয় আমি যেন তেওঁলোকৰ আদৰ্শ পাহৰিছো।

অসমীয়া জাতি আৰু ভাষা পোন হৈ থকাৰ আঁৰত এই জনগোষ্ঠীসমূহৰ অৱদান অস্বীকাৰ কৰিব পাৰিজানো? এই জনজাতীয় লোকসকলৰ নিজা ভাষা সংস্কৃতি থকাৰ উপৰি অসমীয়া মাধ্যমৰ বিদ্যালয়ত নিজৰ সন্তানক পঢ়ুৱায়।

কিন্তু কেইজন অসম সাহিত্য সভাৰ সভাপতি-সম্পাদকে নিজৰ সন্তানক অসমীয়া মাধ্যমৰ চোতাল গছকি উচ্চ শিক্ষা গ্ৰহনত ব্ৰতী হৈছে? বৰ্তমান সময়ৰ দাবীত প্ৰতি জাতি জনগোষ্ঠীৰ নিজা নিজা সাহিত্য মঞ্চ গঢ় লৈ উঠিছে, সেইয়া মুঠেই অশুভ শক্তি বুলি কোৱাৰ ধৃষ্টতা নাই।


বৰ্তমান অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কমি অহাত চৰকাৰে বিদ্যালয়সমূহ একত্ৰিকৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে। অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহৰ এনে দুৰৱস্থাৰ বাবে সাহিত্য সভাৰ একোকৰণীয় নাইনে?


অসম সাহিত্যসভাৰ সভাপতি-সম্পাদক নিৰ্বাচন লৈ এক বিৰ্তকৰ সৃষ্টি হৈ আছে, সেইয়া সকলোৰে জ্ঞাত। সভাৰ শীৰ্ষ সমিতিয়ে মনোনীত কৰা প্ৰাৰ্থী তালিকাৰ পৰা অনুৰাধা শৰ্মা পূজাৰী, ড০ গোবিন্দ প্ৰসাদ শৰ্মা আৰু ড০ ভীমকান্ত বৰুৱাই নিজৰ নাম প্ৰত্যাহাৰ কৰাৰ পাছত মাথোঁ দুজন সভাপতি পদৰ প্ৰাৰ্থী ড০ বসন্ত কুমাৰ গোস্বামী আৰু ড০ উপেন ৰাভা হাকাচাম থাকিল। নিৰ্বাচন বুলিলেই প্ৰচাৰ আৰু জনসম্পৰ্কৰ কথা আহি পৰে। অসম সাহিত্য সভাৰ ওপৰত অসমবাসীয়ে দৃষ্টি ৰাখিছে। তেওঁলোকে কেনে পদক্ষেপ গ্ৰহণ কৰেহ্ল এই দুজন ব্যক্তিৰ মাজত নিৰ্বাচন কৰিব লগা হ’লে, নিশ্চয় শাখা সমূহৰ দায়িত্ব হ’ব গধূৰ।


কথা হৈছে এনে এটা সন্মানজনক পদবীৰ বাবে নিৰ্বাচনত হৰা মানেই এক প্ৰত্যাখান বুলি গণ্য কৰা উচিতনে? নিৰ্বাচন কৰা বুজাইনে? ড০ ভবেন্দ্ৰ নাথ শইকীয়াদেৱে এনে নিৰ্বাচন কেন্দ্ৰিক প্ৰতিযোগিতাৰ পৰা নিজৰ নাম আঁতৰাই ৰাখিছিল। এতিয়াও নাম প্ৰত্যাহাৰ কৰা আটাইকেইজনেই সভাপতি পদৰ বাবে যোগ্য ব্যক্তি তাত দ্বিমত নাই। নিৰ্বাচন কেন্দ্ৰীক ব্যৱস্থাটোৰ প্ৰতি তেওঁলোক আগ্ৰহী নহয়, য’ত আত্মসন্মান লাঘৱ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। সেয়ে এই ব্যৱস্থাটোৰ প্ৰতি অসমবাসীৰ লগতে অসম সাহিত্য সভাৰ উচ্চস্তৰীয় সমিতিয়ে পুণৰীক্ষণৰ প্ৰয়োজন আছে। অন্যথা অসম সাহিত্য সভাৰ গৰিমা দিনক দিনে অৱনমিত হ’ব।


বৰ্তমান অসম সাহিত্য সভাৰ দিক্‌দৰ্শন যেন সূদুৰ পৰাহত। বহু জাতিক আৰু বহুভাষিক অসমৰ সমাজত অসমীয়া ভাষাৰ সংযোগী ভাষাৰ মৰ্যাদাক দৃঢ়ভাৱে প্ৰতিষ্ঠা কৰা উচিত। বৰ্তমান সভাৰ যি প্ৰাণশক্তি, সি ক্ৰমে নি¿©ক্ৰয় হৈ পৰিছে। অথচ এনে এটি অৱস্থা অসমবাসীৰ কাম্য নহয়। হয়তু কৰ্মকৰ্তাসকলে ক’ব পাৰে- অসম সাহিত্য সভাৰ সদস্য নোহোৱা ব্যক্তিসকলে অনাহকত উগ্ৰ সমালোচনা কৰিছে। কিন্তু মোৰ আইক ভাল পাওঁ বুলি ক’বলৈ যিদৰে কাৰো অনুমতি নালাগে, তেনেকৈ অসমৰ সৰ্ববৃহৎ জাতীয় অনুষ্ঠান এটাৰ বেয়া কামক আঙুলিয়াই দিবলৈ সাহিত্য সভাৰ অনুমতি নালাগে।


অসমীয়া ভাষা সাহিত্যৰ সমৃদ্ধিৰ বাবেহে অসম সাহিত্য সভা গঠন কৰা হৈছিল। ইয়াৰ প্ৰসাৰ যাতে পাহাৰে ভৈয়ামে সমানে হয়, তাৰ বাবেই আঁচনি যুগুত কৰা হৈছিল। ইয়াৰ বিপৰীতে প্ৰতি জাতি জনগোষ্ঠীৰ নিজা নিজা জাতীয় সংগঠন গঢ়ি উঠিছে যদিও অসম সাহিত্য সভাই উমৈহতীয়া সংযোগী ভাষা হিচাপে দায়িত্ব পালন কৰিব নোৱাৰিলে অসম সাহিত্য সভা আৰু এখোজ পিছুৱাই ৰ’ব। সভা সমিতি পাতি মহান লোকসকলৰ ওপজা দিন, মৃত্যু তিথি উদ্‌যাপন কৰি শপত বাক্য পাঠ কৰিলেই নহ’ব, অসম ভূমিত বসবাস কৰা প্ৰতিজন লোকৰ মাজলৈ সহৃদয়তাৰে অসমীয়া ভাষা সাহিত্যক লৈ যাব পাৰিব লাগিব। অসম ভূমিৰ জাতি জনগোষ্ঠীৰ নিজা ভাষা সংস্কৃতিক সুৰক্ষা আৰু প্ৰসাৰৰ বাবে উদ্‌গনি দিয়াৰ লগতে ঠেক দৃষ্টিভঙ্গী পৰিহাৰ কৰি অসম সাহিত্য সভাই সমন্বয়ৰ সাঁকো গঢ়ি তোলাৰ সময় সমাগত।

Related Articles