Breaking

এছিয়ান গেমছ ২০২৩ঃ ভাৰতৰ প্ৰথম পদক এয়াৰ ৰাইফলত…

0 49

এছিয়ান গেমছ ২০২৩ ত ভাৰতৰ প্ৰথম পদক লাভ কৰিছে এয়াৰ ৰাইফলত। ভাৰতৰ প্ৰথম পদক আহিছে মহিলাৰ ১০ মিটাৰ এয়াৰ ৰাইফলত । মেহুলী ঘোষ, ৰমিটা জিন্ডাল আৰু আছী চৌকছীৰে গঠিত দলৰ পইন্ট হৈছিল গৈ ১৮৮.৫৩ । ৰৱিঙৰ লাইটৱেট ডাবলছ স্কালছত ৰূপৰ পদক পাইছে অৰ্জুন লাল আৰু অৰৱিন্দ সিঙে ।

বাংলাদেশক ৮ উইকেটত হৰুৱাই মহিলাৰ ক্ৰিকেটত ভাৰত ফাইনেললৈ আগবাঢ়িছে । টচত জিকি পোনতে বেট ধৰা বাংলাদেশৰ কেৱল এগৰাকী বেটাৰেহে দহকৰ ঘৰত প্ৰৱেশ কৰে ।

অসমৰ উমা চেত্ৰী এই পৰ্যন্ত মূল একাদশৰ বাহিৰত আছে । সংক্ষিপ্ত স্ক’ৰ — বাংলাদেশ ৮.২ অভাৰত ৫১ ৰান (নিগাৰ চুলতানা ১২ , পূজা বস্ত্ৰকাৰ ৪-১৭ ) । ভাৰত ১২ অভাৰত২ -৫২ ( মান্ধানা ৭, শেফালী ১৭, জেমিমা অপৰাজিত ২০ ) ।

Leave A Reply

Your email address will not be published.