Breaking

অচিৰে বন বিভাগৰ ৩ হাজাৰ খালী পদত নিযুক্তি

0 1,745

এক লাখ যুৱক–যুৱতীক নিযুক্তি দিয়াৰ বাবে ৰাজ্য চৰকাৰে লোৱা সিদ্ধান্ত অনুসৰিয়ে খালী হৈ থকা ৩,০০০ পদ পূৰণ কৰিব বন বিভাগে৷  এই কথা স্পষ্ট কৰিলে বনমন্ত্রী পৰিমল শুক্লবৈদ্যই৷ মন্ত্রীগৰাকীয়ে প্রকাশ কৰা মতে বিগত বর্ষত বিভাগে ১,২৫০টা পদৰ বাবে বিজ্ঞাপন প্রকাশ কৰিছিল৷ উক্ত বিজ্ঞাপনৰ ভিত্তিত নিযুক্তি প্রক্রিয়া আৰম্ভ কৰাৰ লগতে বনপালক আৰু বনৰক্ষীৰ পদসমূহো পূৰণ কৰা হ’ব৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই সন্দর্ভত দিয়া নির্দেশনা অনুসৰি ইতিমধ্যে বিভাগৰ খালী হোৱা প্রায় ৩,০০০ পদৰ সবিশেষ বিত্ত বিভাগলৈ প্রেৰণ কৰা হৈছে৷

ইফালে, প্রধান মুখ্য বন সংৰক্ষক এ এম পি সিঙে জানিবলৈ দিয়া মতে খালী হোৱা ৩,০০০ পদৰ বিপৰীতে বিভাগে অচিৰেই বিজ্ঞাপন প্রকাশ কৰিব৷ সেই অনুসৰি লিখিত পৰীক্ষা অনুষ্ঠিত হ’ব৷ শীর্ষ বিষয়াজনৰ মতে বিভাগত বনপালক আৰু বনৰক্ষীৰ অধিক পদ খালী আছে৷ গতিকে এই পদসমূহ অচিৰেই পূৰণ কৰা হ’ব৷ উল্লেখ্য যে নগাঁও জিলাৰ বামুণী পাহাৰত ১৮টাকৈ হাতীৰ মৃত্যু সন্দর্ভত আজি প্রথমখন প্রতিবেদন বিভাগীয় মন্ত্রীৰ হাতত দাখিল কৰে বন বিভাগে৷ এই উপলক্ষে পাঞ্জাবাৰীস্থিত বিভাগৰ মুখ্য কার্যালয় অৰণ্য ভৱনত এখন সংবাদ মেল আয়োজন কৰা হয়৷ এই সংবাদ মেলত বনমন্ত্রী শুক্লবৈদ্যই প্রকাশ কৰা মতে বজ্র পৰিয়ে মৃত্যু হৈছিল ১৮টাকৈ হাতীৰ৷

Leave A Reply

Your email address will not be published.