১১ তাৰিখে চাবুৱা-লাহোৱাল সমষ্টিৰ অন্তৰ্গত বকুল জিলা পৰিষদৰ এখন সাংগঠনিক সভা ইকৰাতলি পঞ্চায়তৰ অন্তগৰ্ত হেজেলবেংক চাহ বাগিছাৰ ৰাজহুৱা প্ৰেক্ষাগৃহত অনুস্থিত হয়৷ উক্ত অনুস্থানটোত জিলা পৰিষদৰ অন্তৰ্গত ৰহমৰীয়া ফুকনাৰখাত ইকৰাতলি বকুল আৰু লাহোৱাল পঞ্চায়তৰ অসম গণ পৰিষদৰৰ কৰ্মীসকল উপস্থিত থাকে৷(Asom Gana Parishad)
ইকৰাতলি আঞ্চলিক সমিতিৰ সভাপতি ৰমেশ গগৈয়ে পৰিচালনা কৰা সভাখনত চাবুৱা সমষ্টিৰ বিধায়ক তথা অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক পোনাকণ বৰুৱা উপস্থিত থাকে৷ তেখেতে দলীয় কৰ্মীসকলক আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে সাজু হৈ থাকিবলৈ আহৱান জনাই৷
সভাত মহিলা পৰিষদৰ উপ-সভানেত্ৰী অঞ্জলী গগৈয়ে কেন্দ্ৰীয় সমিতিৰ সদস্য প্ৰভাত চাহু চাবুৱা, লাহোৱাল সমষ্টি সমিতিৰ সভাপতি কৃষ্ণানন্দ দুৱৰা সম্পাদক বিনোদ বুঢাগোহাঁই নিতুল কুমাৰ শইকীয়াৰ লগতে সমষ্টিৰ সমিতিৰ মহিলা পৰিষদৰ উপ-সভানেত্ৰী মিনু গোৱালাৰ লগতে জিলা আৰু সমষ্টি সমিতিৰ বিষয়ববীয়া আৰু আঞ্চলিক সমিতিৰ সভাপতি সম্পাদক সকল উপস্থিত থাকে৷
উক্ত সভাতে অসম গণ পৰিষদ দলৰ আৰু বিধায়ক পোনাকণ বৰুৱাৰ কাম কাজৰ প্ৰতি আকৃষ্ট প্ৰায় দুশ যুৱক-যুৱতী আৰু পুৰুষ-মহিলাই যোগদান কৰে।