Breaking

‘চিটিজেন একচন পাৰ্টী অব্‌ ছিকিম’ৰ সৈতে সমন্বয় আৰু সহযোগিতাৰে কাম কৰি যোৱাৰ সংকল্পৰে গুৱাহাটীৰ অসম জাতীয় পৰিষদৰ বৈঠক…

0 27

ছিকিমৰ গুৰুত্বপূৰ্ণ ৰাজনৈতিক দল ‘চিটিজেন একচন পাৰ্টী অব্‌ ছিকিম’ৰ সৈতে সমন্বয় আৰু সহযোগিতাৰে কাম কৰি যোৱাৰ সংকল্পৰে আজি গুৱাহাটীৰ হোটেল গে’টৱে’ গ্ৰেণ্ডৱে’ৰত অসম জাতীয় পৰিষদৰ এখন বৈঠক অনুষ্ঠিত হয়৷ এই বৈঠকত ভৱিষ্যতলৈ সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ সমভাৱাপন্ন ৰাজনৈতিক দলসমূহক লৈ এখন উমৈহতীয়া মঞ্চ গঠনৰ অংগীকাৰ গ্ৰহণ কৰা হয়৷

বৈঠকত অসম জাতীয় পৰিষদৰ কাৰ্যকৰী সভাপতি পবীন্দ্ৰ ডেকা, সাধাৰণ সম্পাদক জগদীশ ভূঞা, মুখ্য উপদেষ্টাদ্বয় বসন্ত ডেকা আৰু ডঃ কৃষ্ণগোপাল ভট্টাচাৰ্য, উপ-সভাপতিদ্বয় চন্দ্ৰকান্ত দাস আৰু অঞ্জন উপাধ্যায়, তিনি সম্পাদক বাণী দাস, জিয়াউৰ ৰহমান আৰু চিত্তৰঞ্জন বসুমতাৰী আৰু সাংগঠনিক সম্পাদক অজয় তাঁতীয়ে অংশগ্ৰহণ কৰে৷

আনহাতে ‘চিটিজেন একচন পাৰ্টী অব্‌ চিকিম’ৰ হৈ দলটোৰ মুখ্য সমন্বয়ক গণেশ কে ৰাই, কাৰ্যকৰী সভাপতিত্ৰয় লাকপা শ্বেৰ্পা, এম বি লিম্বু আৰু প্ৰশান্ত বাবু চেত্ৰী, মুকপাত্ৰদ্বয় টি আৰ নেপাল আৰু এলবাৰ্ট গুৰুং তথা দলটোৰ ছাত্ৰ গোটৰ সভাপতি প্ৰকাশ প্ৰাজুলি উপস্থিত থাকে৷

Leave A Reply

Your email address will not be published.