অসম সাহিত্য সভাৰ সভাপতি ড° বসন্তকুমাৰ গোস্বামীৰ নেতৃত্বত অসম সাহিত্য সভাৰ ‘সেতুবন্ধ’ কাৰ্যসূচী ১৮ এপ্ৰিলৰ পৰা ২০ এপ্রিল লৈকে ক্ৰমে কামৰূপ মহানগৰ, কামৰূপ, নলবাৰী, বাক্সা, বৰপেটা, চিৰাং, বঙাইগাঁও আৰু ধুবুৰী জিলাত অনুষ্ঠিত হ’ব।(Asom Sahitya Sabha) সেই অনুসৰি ১৮ এপ্ৰিল তাৰিখে পুৱা ৮ বজাত ভগৱতীপ্রসাদ বৰুৱা ভৱনৰ পৰা ‘সেতুবন্ধ’ যাত্ৰা আৰম্ভ হ’ব। পুৱা ৯.৩০ বজাত কামৰূপৰ ৰঙিয়াত আদৰণিৰ পিছতে দিনৰ ১০.০০ বজাত নলবাৰী জিলা সাহিত্য সভাৰ আতিথ্যত জিলা সভাৰ কাৰ্যালয়ত অসম সাহিত্য সভাৰ ‘মন জুৰুৱা অনুষ্ঠান’ৰ শুভাৰম্ভণি হ’ব। উক্ত সভাত নলবাৰী জিলাৰ অন্তৰ্গত ৰাজ্যিক ন-পুৰণি বিষয়ববীয়াসকল, জিলা সভা-শাখা সভাৰ ন-পুৰণি কর্মকর্তা, আজীৱন সভ্যকে ধৰি সকলো প্ৰকাৰৰ স্থায়ী সদস্য আৰু বৌদ্ধিক সমাজৰ বিদ্বান ব্যক্তিসকলৰ সৈতে আলাপ-আলোচনা কৰা হ’ব। বিয়লি ২ বজাত বাক্সা জিলা সাহিত্য সভাৰ আতিথ্যত সভাৰ জালাহ আঞ্চলিক কার্যালয়ৰ নৱনির্মিত কার্যালয়ত দ্বিতীয়টো ‘মন জুৰুৱা অনুষ্ঠান’ত বাক্সা, বৰপেটা, চিৰাং জিলাৰ অন্তৰ্গত ৰাজ্যিক ন-পুৰণি বিষয়ববীয়াসকল, তিনিওখন জিলা সভাৰ
উপৰিও তাৰ অন্তৰ্গত শাখা সভাসমূহৰ ন-পুৰণি কর্মকর্তাসকল, তিনিওখন জিলাৰ আজীৱন সভ্যকে ধৰি সকলো প্ৰকাৰৰ স্থায়ী সদস্য আৰু বৌদ্ধিক সমাজৰ বিদ্বান ব্যক্তিসকলৰ সৈতে আলাপ-আলোচনা হ’ব। উক্ত অনুষ্ঠানতে অসম সাহিত্য সভাৰ জালাহ আঞ্চলিক কাৰ্যালয়ৰ নৱমনোনীত সম্পাদক নয়ণমণি চৌধুৰী আৰু সাংগঠনিক সম্পাদক অতুল কলিতাক ৰাজহুৱাভাৱে দায়িত্ব প্রদান কৰা হ’ব। ইয়াৰ পিছতেই সন্ধিয়া ৬ বজাত পাঠশালা শাখা সাহিত্য সভাৰ কাৰ্যালয়ত বৰপেটা জিলা সাহিত্য সভাৰ অন্তর্গত শাখা সাহিত্য সভাৰ সৈতে মত-বিনিময় আৰু অসম সাহিত্য সভাৰ সন্মানীয় সভাপতি, উপসভাপতি আৰু প্রধান সম্পাদকক বিশেষ সম্বর্ধনা অনুষ্ঠানৰ আয়োজন কৰা হৈছে।
‘সেতুবন্ধ’ৰ দ্বিতীয় দিনাৰ কাৰ্যসূচী অনুসৰি ১৯ এপ্রিল তাৰিখ শনিবাৰে পুৱা ৭ বজাত বজালী আৱৰ্ত ভৱনৰ পৰা ‘সেতুবন্ধ যাত্রা’ আৰম্ভ কৰা হ’ব । সভাপতি ড০ বসন্ত কুমাৰ গোস্বামীৰ নেতৃত্বত যাবলগীয়া প্রতিনিধি দলটোৱে বৰপেটা জিলাৰ গোপাল আতা সত্ৰ, সুন্দৰীদিয়া সত্ৰ, বামুণাসত্র, বাৰাদি সত্ৰ, পাটবাউসী সত্র, গণককুছি সত্ৰ আৰু বৰপেটা সত্ৰ দৰ্শন কৰি সত্ৰাধিকাৰ প্ৰমুখ্যে ভকত-বৈষ্ণৱসকলৰ সৈতে মত বিনিময় কৰিব। পিছৰ কাৰ্যসূচী অনুসৰি পুৱা ১০ বজাত বৰপেটা শতদল সাহিত্য সভাৰ আতিথ্যত বৰপেটাৰ অম্বিকাগিৰী-বাণীকান্ত বৰপেটা সাহিত্য সভা ভৱনত সভাপতিৰ নেতৃত্বত প্রতিনিধি দলটোৱে তৃতীয়টো ‘মন জুৰুৱা অনুষ্ঠান’ত অংশগ্ৰহণ কৰিব। বিয়লি ৩ বজাত বঙাইগাঁও আৰু চিৰাং জিলা সাহিত্য সভাৰ আতিথ্যত ঢালিগাঁও সাহিত্য সভা ভৱনত উক্ত প্রতিনিধি দলটোৱে চতুৰ্থ সংখ্যক ‘মন জুৰুৱা অনুষ্ঠান’ত অংশ ল’ব। বিয়লি ৫ বজাত বঙাইগাঁও আৰু চিৰাং জিলা সাহিত্য সভাৰ ন-পুৰণি কাৰ্যনিৰ্বাহক সদস্যসকল, বিভিন্ন শাখাৰ বিষয়ববীয়াসকল আৰু জিলা প্রশাসনৰ বিষয়াবৰ্গৰ লগত আলোচনাত মিলিত হ’ব।
তৃতীয় দিনা অৰ্থাৎ ২০ এপ্রিল তাৰিখ দেওবাৰে পুৱা ৭ বজাত বঙাইগাঁও শোধনাগাৰৰ মানস অতিথিশালৰ পৰা আৰম্ভ হ’বলগা ‘সেতুবন্ধ যাত্রা’ত প্রতিনিধি দলটোৱে ধুবুৰী জিলাৰ বিলাসীপাৰাৰ নিৱাসী, বিশিষ্ট লেখিকা তথা ধুবুৰী জিলা সাহিত্য সভাৰ সদ্য প্রয়াত প্রাক্তন সভাপতি গীতালি বৰুৱাৰ বাসগৃহত প্ৰৱেশ কৰি পৰিয়ালক সাক্ষাৎ কৰিব। ইয়াৰ পিছতে দিনৰ ১০.৩০ বজাৰ পৰা ধুবুৰী জিলা সাহিত্য সভাৰ আতিথ্যত সভাৰ ধুবুৰী আঞ্চলিক কার্যালয়ৰ প্রেক্ষাগৃহত
পঞ্চম সংখ্যক ‘মন জুৰুৱা অনুষ্ঠান’ত ধুবুৰী, গোৱালপাৰা, কোকৰাঝাৰ জিলাৰ অন্তৰ্গত ৰাজ্যিক ন-পুৰণি বিষয়ববীয়াসকল, তিনিওখন জিলা সভাৰ উপৰিও তাৰ অন্তৰ্গত শাখা সভাসমূহৰ ন-পুৰণি কৰ্মকর্তাসকল, তিনিওখন জিলাৰ আজীৱন সভ্যকে ধৰি সকলো প্ৰকাৰৰ স্থায়ী সদস্য আৰু বৌদ্ধিক সমাজৰ বিদ্বান ব্যক্তিসকলৰ সৈতে আলাপ-আলোচনা হ’ব। উক্ত অনুষ্ঠানতে অসম সাহিত্য সভাৰ ধুবুৰী আঞ্চলিক কার্যালয়ৰ নৱমনোনীত সম্পাদক ড° উমেশ দাস আৰু সাংগঠনিক সম্পাদক ধৰ্মেশ্বৰ দাসক ৰাজহুৱাভাৱে দায়িত্ব প্রদান কৰা হ’ব। বিয়লি ১২.৩০ বজাত ধুবুৰী জিলা সাহিত্য সভাৰ আতিথ্যত সভাৰ ধুবুৰী আঞ্চলিক কাৰ্যালয়ৰ প্রেক্ষাগৃহত অনুষ্ঠিত হ’ব লগা এটি আড়ম্বপূর্ণ অনুষ্ঠানত অসম সাহিত্য সভাৰ প্রাক্তন উপসভাপতি তথা বিশিষ্ট অধিবক্তা পাচুগোপাল চক্রবর্তীক অসম সাহিত্য সভাই ‘সীমান্ত প্রহৰী’ সন্মান প্রদান কৰিব আৰু ইয়াৰ পিছতেই তৃতীয় পৰ্বৰ সেতুবন্ধ যাত্ৰাৰ অন্ত পৰিব।
এক বিশেষ সংবাদ বিজ্ঞপ্তিৰ জৰিয়তে অসম সাহিত্য সভাৰ তিনিদিনীয়া এই বর্ণাঢ্য ‘সেতুবন্ধ’ যাত্রাত সমূহ সাহিত্য অনুৰক্তৰ সহায়-সহযোগিতা আৰু অংশীদাৰিত্বৰ কামনা কৰি ভাষা-সাহিত্য-সংস্কৃতিৰ উত্তৰণৰ গভীৰ প্ৰত্যাশা ৰাখি, চন্দ্রকান্ত সন্দিকৈ ভৱন, ভগৱতীপ্রসাদ বৰুৱা ভৱন, ৰাংছিনা ভৱন, ৰামেশ্বৰলাল চহৰীয়া সংহতি ভৱন, কমলা দেৱী তোদী ভৱন, অচ্যুত-নিৱেদিতা মেধি সাহিত্য ভৱন, মঙলদৈ সাহিত্য সভা প্ৰকল্পৰ পৰা অসম সাহিত্য সভাক ৰাইজৰ হৃদয়ৰ মাজলৈ লৈ যাবৰ বাবে কৰা এই প্রয়াসত সভাৰ সকলো ন-পুৰণি কাৰ্যকৰ্তাই এটি সুন্দৰ মনেৰে বাদ-বিবাদ পৰিহাৰ কৰি একত্ৰিত হোৱাৰ আৰু অসম সাহিত্য সভা অসমীয়া জাতিৰ বীৰ্যৱন্তৰ প্রতীক হৈ থকাৰ কামনা-আহ্বান জনাইছে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই।।