Asom Sahitya Sabha: অসম সাহিত্য সভাৰ সেতুবন্ধ অনুষ্ঠানঃ সভাক সন্মান প্ৰাপ্তিৰ অৰ্থে নহয় গৰিমামণ্ডিত কৰাৰ পণ লওকঃ ড০ বসন্ত কুমাৰ গোস্বামী

বৰডুমচা এপাহ ফুল নহয়, ই ফুলনি সদৃশ; বৰডুমচাৰ একো একোপাহি ফুলৰূপী সেৱকসকলক আমাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আহক, আমি সেতুবন্ধৰে সভাক অতীত গৌৰৱ স্তৰলৈ পুনৰ লৈ যাওঁ।(Asom Sahitya Sabha) সভাৰ সমালোচকসকলেও সভাক অন্তৰৰ নিৰ্ভৃত কোণৰ পৰা ভাল পাই আৰু সেইকাৰণেই সাহিত্য সভাক যিসকলে কেৱল সন্মানপ্ৰাপ্তিৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰে সেইসকলক সভাৰপৰা আঁতৰি যাবলৈও বাধ্য কৰায় । অসম-অৰুণাচল সীমান্তৰ বৰডুমচাৰ মাধৱপুৰস্থিত শতাব্দী সংহতি ভৱনৰ মুক্তানাথ নেওগ সোঁৱৰণী সভা কক্ষত অনুষ্ঠিত সেতুবন্ধ অনুষ্ঠানত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰি অসম সাহিত্য সভাৰ সভাপতি ড০ বসন্ত কুমাৰ গোস্বামীয়ে এইদৰে কয়। ভাষণ প্ৰসংগত তেওঁ লগতে কয় যে এতিয়া অসম সাহিত্য সভাক গৰিমামণ্ডিত কৰাৰহে সময়; যিদৰে সন্মিলিত শক্তিয়ে পৃথিৱীৰ সকলো কামেই কৰাটো সম্ভৱ ঠিক তেনেদৰেই অসম সাহিত্য সভাক আগুৱাই নিবলৈ আপোনাসৱৰ এই সন্মিলিত শক্তি আমাৰ সদাকাম্য।

বুঢ়ীদিহিং আৰু পেঙেৰী সাহিত্য সভাৰ আতিথ্যত অসম-অৰুণাচলৰ ৰাইজৰ সহযোগত আয়োজিত আৰু তিনিচুকীয়া জিলা সাহিত্য সভাৰ সভাপতি লম্বেশ্বৰ চেতিয়াই সভাপতিত্ব কৰা সভাখনত অসম সাহিত্য সভাৰ ধনভৰালী মণিৰাম লাহন, অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্যদ্বয় ক্ৰমে তুফেল জিলানী আৰু শংকুসিদ্ধ নাথ, ডিব্ৰুগড় আঞ্চলিক কাৰ্যালয়ৰ সাংগঠনিক সম্পাদক সুনীল গুৰুঙ, তিনিচুকীয়া জিলা সাহিত্য সভাৰ জিলা প্ৰতিনিধি মোহন মৰাণ, প্ৰাক্তন জিলা সম্পাদক পুলক গগৈ, জিলা সম্পাদক অৰুপ চাংমায়ে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে। বুঢ়ীদিহিং শতদল শাখা সাহিত্য সভাৰ সম্পাদক মণ্টু মৰাণে আঁত ধৰা উক্ত সেতুবন্ধ অনুষ্ঠানত শাখা সভাপতি নবেশ্বৰ শইকীয়া, পেঙেৰী শাখা সাহিত্য সভাৰ সভাপতি অজিৎ গগৈ, সম্পাদক অনুপ হাজৰিকা প্ৰমুখ্যে বিষয়ববীয়া, বহুসংখ্যক দল-সংগঠন-ব্যক্তি বিশেষে অসম সাহিত্য সভাৰ সভাপতি ড০ গোস্বামীক সম্বৰ্ধনা পত্ৰ, স্মাৰক, শৰাই,চেলেং চাদৰ, গামোচা, অংগ-বস্ত্ৰ, গোৰ্খা টুপী আৰু কিতাপৰ টোপোলাৰে ব্যাপক সম্বৰ্ধনা জ্ঞাপন কৰে। সভাৰ আৰম্ভণিতে অসম সাহিত্য সভাৰ সভাপতিগৰাকীক মৃদংগীয়া গায়ন-বায়নৰে ব্যাপক আদৰণী জনাই সভাগৃহলৈ আগবঢ়ায় নিয়ে। চিৰ চেনেহী মোৰ ভাষা জননী গীতেৰে আৰম্ভ হোৱা সভাখন জাতীয় সংগীতেৰে সামৰণি পৰে।।

Related Articles