Assam Accord: ১৯৮৫ চনত অসম চুক্তিৰ বাদে বিকল্প নাছিল

গুৱাহাটী, ১ নৱেম্বৰঃ অসমৰ ছয় বছৰীয়া বিদেশী বিতাড়ণ আন্দোলনে(Assam Accord) বিশ্বত খলকনি তুলিছিল৷ যি আন্দোলনত অসমৰ সৰ্বস্তৰৰ মেহনতী জনতাই সমৰ্থন কৰি আন্দোলনত(Central Martyrs’ Day) অংশ লৈছিল৷

সেই ঐতিহাসিক আন্দোলনক সমৰ্থন কৰি ৰাজ্যৰ কৰ্মচাৰী সমাজেও দেশতকৈ চাকৰি ডাঙৰ নহয় বুলি অসম আন্দোলনক পূৰ্ণ সহযোগ কৰিছিল৷ ফলত কৰ্মচাৰী সমাজৰ দিলীপ চক্ৰৱৰ্তীও শ্বহীদ হ’বলগীয়া হয়(Karmachari Parishad)৷ এই ভাষ্য সদৌ অসম কৰ্মচাৰী পৰিষদৰ কৰ্ণধাৰ সমিতিৰ সদস্য তথা অসম আন্দোলনকাৰী উৎপল চক্ৰৱৰ্তীৰ৷

আজি নলবাৰী জিলা কৰ্মচাৰী পৰিষদৰ উদ্যোগত আৰিকুছি মিলন হাইস্কুলত অনুষ্ঠিত কেন্দ্ৰীয় শ্বহীদ দিৱসত অসম আন্দোলনৰ শ্বহীদৰ মূল্যায়ন শীৰ্ষক স্মৃতিচাৰণ সভাত আন্দোলনকাৰী চক্ৰৱৰ্তীয়ে সেই সময়ৰ আন্দোলনৰ মিঠা তিতা অভিজ্ঞতা বৰ্ণনা কৰি তেওঁ পুনৰ কয় যে ১৯৮৫(1985) চনত হোৱা সেই অসম চুক্তিৰ বাদে বিকল্প নাছিল৷ সেয়া আছিল সময়ৰ আহ্বান৷

পৰিষদৰ উপদেষ্টা নয়ন দত্তই তেওৰ ভাষণত কয় যে কৰ্মচাৰী পৰিষদে প্ৰতি বছৰে পহিলা নৱেম্বৰত অসম আন্দোলনৰ শ্বহীদসকলৰ পৰিয়ালৰ লগত আলাপ আলোচনা কৰাৰ বাবে পৰামৰ্শ দিয়াৰ উপৰি আন্দোলনৰ অভিজ্ঞতা সদৰি কৰে৷

কৰ্মচাৰী পৰিষদৰ যুটীয়া সম্পাদক বুবুল বৰাই আত ধৰা অনুষ্ঠানত পৰিষদৰ অন্যতম সদস্য ৰুহুল আমিন নলবাৰী জিলা পৰিষদৰ সভাপতি বিকাশ ভট্ট শ্বহীদ পৰিয়ালৰ কৰুণা তালুকদাৰ আদিয়ে নিজৰ নিজৰ ভাষণত আন্দোলনৰ সময়ৰ বৰ্ণনা দি অসম আন্দোলনৰ শ্বহীদ সকলক স্মৰণ কৰে৷

কেন্দ্ৰীয় সভাপতি দ্বিপেন শৰ্মাই পৌৰহিত্য কৰা সভাত সম্পাদক প্ৰধান পঙ্কজ বৰ্মন গুৱাহাটী জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি নজমুল হক কৰ্মচাৰী পৰিষদৰ কোষাধ্যক্ষ হেমন্ত লহকৰে অংশগ্ৰহণ কৰা স্মৃতিচাৰণ সভা উদ্বোধন কৰে মিলন হাইস্কুলৰ ছাত্ৰীসকলৰ এটা সুমধুৰ সমবেত সঙ্গীতেৰে৷

তদুপৰি সভাৰ মাজতে ছাত্ৰী কুঁৱৰী চৌধুৰীয়ে মাধৱদেৱ বিৰচিত এটা হৃদয়স্পৰ্শী ঘোষাৰ পৰিৱেশনে অনুষ্ঠান অধিক জীপাল কৰে৷ শ্বহীদৰ স্মৃতিচাৰণ সভাৰ পূৰ্বে কৰ্মচাৰী পৰিষদৰ পতকা উত্তোলন কৰে কেন্দ্ৰীয় সভাপতি দ্বিপেন শৰ্মাই৷

তাৰ পিছতে শ্বহীদ বেদীত বন্তি প্ৰজ্বলন শ্ৰদ্ধাঞ্জলি অৰ্পন কৰে কেন্দ্ৰীয় সভাপতি দ্বিপেন শৰ্মা সম্পাদক প্ৰধান পঙ্কজ বৰ্মনকে ধৰি কৰ্মচাৰী পৰিষদৰ কেন্দ্ৰীয় বিষয়ববীয়া আৰু কাৰ্যনিৰ্বাহক সমিতিৰ সদস্য সদস্যাসকলে৷ স্থানীয় আয়তী সকলে নাম প্ৰসঙ্গ কৰে৷

পতকা উত্তোলন কৰি দিয়া ভাষণত সভাপত দ্বিপেন শৰ্মাই কয় যে অসমীয়াই সকলো ক্ষেত্ৰতে আন্দোলন কৰিব লগা কথাটো দুৰ্ভাগ্যজনক৷ বিদেশী বহিস্কাৰ আন্দোলনে দেশ জুৰি আলোড়ন সৃষ্টি কৰিছিল সচা৷

তাৰ প্ৰতিটো দফা ৰূপায়ণৰ বাবেও আন্দোলন কৰিব লগাটো অতি দুৰ্ভাগ্যজনক বুলিওকৈ আন্দোলনৰ শ্বহীদ সকলক স্মৰণ কৰে৷

Related Articles