Breaking

অসম কৃষি বিশ্ববিদ্যালয় “গ্ৰাম্য কৃষি কৰ্ম অভিজ্ঞতা আঁচনি”ৰ অধীনত পীড়াকটাত এটি ‘কৃষি তথ্য কেন্দ্ৰ মুকলি’

0 2,413

যোৰহাট জিলাৰ টীয়কৰ সমিপৰ পীড়াকটা ভৰলুৱা গাঁৱত অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাটৰ ৪ ৰ্থ বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলে , তেঁওলোকৰ “গ্ৰাম্য কৃষি কৰ্ম অভিজ্ঞতা আঁচনি”ৰ অধীনত এটি ‘কৃষি তথ্য কেন্দ্ৰ মুকলি’ কৰাৰ লগতে ‘কৃষি বিজ্ঞান কেন্দ্ৰ’ যোৰহাটৰ সহযোগত ‘ আন্ত:ৰাষ্ট্ৰীয় মহিলা দিৱস’ পালন কৰে । অনুষ্ঠানটোত অসম কৃষি বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° ৰমেন্দ্ৰ নাথ শৰ্মা, অধ্যাপিকা ড° সোনতৰা কলিতা আৰু ড° অপৰাজিতা বৰা উপস্থিত থকাৰ লগতে মুখ্য অতিথিৰ ভূমিকা গ্ৰহণ কৰে ড° অৰ্চনা ভট্টাচাৰ্য্যী, আৰু বৰ্ণালী বৰুৱাই । অনুষ্ঠানটোৰ উদ্দ্যেশ্য বাখ্যা কৰে কৃষি বিজ্ঞান কেন্দ্ৰ যোৰহাটৰ ভাৰপ্ৰাপ্ত মূৰব্বী সমীৰণ ভট্টাচাৰ্য্যই । বামুণীগাঁওৰ কৃষি উদ্যোগী  মহিলা অনিতা গগৈক অনুষ্ঠানটোত সম্বৰ্ধনা জনোৱা হয় ।কৃষি বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ সমবেত সংগীত আৰু কবিতা আবৃত্তিয়ে গোটেই অনুষ্ঠানটি জীপাল কৰি তোলে । সভাখনৰ সামৰণি পৰাৰ পিছতেই বৰ্ণালী বৰুৱা আৰু অনিতা গগৈয়ে ছাত্ৰ-ছাত্ৰীসকলে প্ৰস্তুত কৰি তোলা কৃষি তথ্য কেন্দ্ৰটো মুকলি কৰে । ছাত্ৰ-ছাত্ৰীসকলে গাঁওখনৰ কৃষকসকলৰ সুবিধাৰ্থে বিভিন্ন কৃষিৰ আৰ্হি, প্ৰকল্প প্ৰস্তুত কৰে আৰু তথ্য-পাতি যুগুতাই কৃষি তথ্য কেন্দ্ৰটো সাজি উলিয়াই । আনহাতে কৃষি বিজ্ঞান কেন্দ্ৰ যোৰহাটে কৃষকসকলৰ সহায়ৰ অৰ্থে প্ৰস্তত কৰি উলিওৱা কৃষি আলাপ নামৰ ইউটিউব চেনেলৰ শুভ উন্মোচন কৰে।এই চেনেলৰ মাধ্যমে কৃষকসকলে অনলাইন অথবা অফলাইনৰ যোগেদি কৃষি পদ্ধতি তথা কৃষি সম্বন্ধীয় ন ন তথ্য লাভ কৰি উপকৃত হ’ব পাৰিব বুলি জানিব পৰা গৈছে।কৃষি বিজ্ঞান কেন্দ্ৰ তথা কৃষি বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ এই পদক্ষেপক অঞ্চলবাসীয়ে আদৰণি জনাইছে।

Leave A Reply

Your email address will not be published.