Breaking

ৰাজ্যৰ সকলো শিক্ষানুষ্ঠান আৰু ছবিগৃহত বাধ্যতামূলক পৰিবেশন হ’ব লাগিব অসম সঙ্গীতঃ অসম যুৱ পৰিষদ…

0 16

ৰাজ্যৰ সকলো শিক্ষানুষ্ঠান আৰু ছবিগৃহত
বাধ্যতামূলক পৰিবেশন হ’ব লাগিব অসম সঙ্গীতঃ অসম যুৱ পৰিষদ

অসম চৰকাৰৰ নিৰ্দেশনা অনুসৰি অসম যুৱ পৰিষদে ৰাজ্যখনৰ সকলো ছবিগৃহ আৰু শিক্ষানুষ্ঠান/বিদ্যালয়তে অসম সংগীত পৰিবেশন বাধ্যতামূলক কৰাটোৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে। এই ক্ষেত্ৰত অসম যুৱ পৰিষদৰ তৰফৰ পৰা ৰাজ্যখনৰ ছবিগৃহ সমূহৰ লগতে বিদ্যালয়সমূহত যাতে বাধ্যতামূলক ভাৱে অসম সংগীত পৰিবেশন হয় তাৰ বাবে পত্ৰ প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি আজি গুৱাহাটীৰ কেইবাটাও ছবিগৃহ আৰু বিদ্যালয়ত অসম সংগীত পৰিবেশন কৰিবলৈ ছবিগৃহৰ স্বত্বাধিকাৰী আৰু বিদ্যালয়সমূহৰ অধ্যক্ষ সকলক সাক্ষাৎ কৰি পত্ৰ প্ৰদান কৰিছে। অসম যুৱ পৰিষদে কয় যে, চৰকাৰী নিৰ্দেশনা অনুসৰি যদিহে অসম সংগীত পৰিবেশন নকৰে তেন্তে ই জাতীয় স্বাৰ্থৰ পৰিপন্থী হিচাপে বিবেচনা কৰা হব।


ৰাজ্যৰ শেহতীয়া পৰিস্থিতি পৰ্য্যবেক্ষণ কৰি অসম যুৱ পৰিষদে নিবনুৱা যুৱক-যুৱতী সকলক সংস্থাপন/স্বাৱলম্বী কৰাৰ বাবে বিভিন্ন ধৰণৰ প্ৰশিক্ষণ ব্যৱস্থা কৰাৰ লগতে চৰকাৰৰ আচঁনি সমূহৰ পৰা উপকৃত হোৱাৰ বাবে বিভিন্ন ধৰণৰ পদক্ষেপ যুৱ পৰিষদৰ তৰফৰ পৰা ইতিমধ্যে গ্ৰহণ কৰি আহিছে আৰু কৰি যাব। অপৰাধ কেতিয়াও জাতি বা ধৰ্মৰ ভিত্তিত হ’ব নোৱাৰে। শেহতীয়া পৰিস্থিতিত উদ্বেগ প্ৰকাশ কৰি অসম যুৱ পৰিষদে কয় যে, অসম গণ পৰিষদ দল ধৰ্মনিৰ্পেক্ষতাত বিশ্বাসী এটা দল। এই ক্ষেত্ৰত এটা জাতি বা ধৰ্মৰ মানুহে কেতিয়াও অপৰাধমূলক প্ৰৱনতা লৈ জীয়াই নাথাকে। সেয়েহে কোনো নিৰ্দিষ্ট জাতি বা ধৰ্মৰ লোকক অপৰাধী সজোৱা পৰিৱতে চৰকাৰখনে অপৰাধীক

উচিত শিক্ষা প্ৰদানৰ বাবে সঠিক ব্যৱস্থা লবলৈ আহ্বান জনাইছে অসম যুৱ পৰিষদে। সাম্প্ৰতিক পৰিস্থিতিত অসম আন্দোলনৰ নায্যতা পুনৰ প্ৰতিপন্ন হোৱাৰ লগতে অসম চুক্তিৰ প্ৰাসংগিকতা প্ৰমানিত হৈছে বুলি মতপোষণ কৰি শেহতীয়া বাংলাদেশৰ অস্হিৰ পৰিস্থিতিৰ গইনা লৈ যাতে কোনো অবৈধ বাংলাদেশী নাগৰিকে যাতে অসমত প্ৰৱেশ কৰিব নোৱাৰে এই বিষয়ত চৰকাৰ কঠোৰ হব লাগে ।অবৈধ বাংলাদেশীৰ লগতে অসমত বসবাস কৰা সকলো সন্দেহযুক্ত নাগৰিকক অসম চুক্তিৰ আধাৰত চিনাক্তকৰন কৰি বহিস্কাৰ কৰাৰ বাবে সংবাদ মেলত চৰকাৰক আহ্বান জনাইছে ।অৰ্থনৈতিক স্বাবলম্বীতা আৰু ৰাজনৈতিক নিৰাপত্তা ৰাজ্যখনৰ খিলঞ্জীয়া জনসাধাৰণৰ বাবে নিশ্চিত কৰিবলৈ যুৱ পৰিষদে চৰকাৰক আহ্বান জনায় ।

Leave A Reply

Your email address will not be published.