অসম বিধানসভাত উত্তেজনা: উপাধ্যক্ষ নোমল মমিন আক্ৰমণৰ অভিযোগ ! Assam Assembly

Assam Assembly । ২১ মাৰ্চত সংঘটিত এক ঘটনা সন্দৰ্ভত প্ৰতিবাদী কাৰ্যসূচীৰ মাজতে আজি অসম বিধানসভাত উত্তেজনাপূর্ণ পৰিস্থিতিৰ সৃষ্টি হয়। কংগ্ৰেছ আৰু AIUDF বিধায়কসকলে বিধানসভাত প্ৰতিবাদ সাব্যস্ত কৰে, য’ত কংগ্ৰেছৰ বিধায়কসকলে ক’লা পোছাক পৰিধান কৰি অংশগ্ৰহণ কৰে, আৰু AIUDF বিধায়কসকলে হাতত জেওৰা লৈ প্ৰতিবাদ কৰে।

এই প্ৰতিবাদৰ সময়তে অসম বিধানসভাৰ উপাধ্যক্ষ নোমল মমিনক সদনৰ বাহিৰত কংগ্ৰেছৰ বিধায়ক নুৰুল হুদাই আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদনত দাবী কৰে যে, মমিনে হোৱাটছএপযোগে তেওঁক আক্ৰমণৰ কথা জনাইছিল আৰু তেওঁ চিকিৎসালয়ত ভৰ্তি হৈ আছে।

ইপিনে, বিধানসভাৰ অধিবেশন আৰম্ভ হোৱাৰ পূৰ্বে কংগ্ৰেছ বিধায়কসকলে অধ্যক্ষ চেম্বাৰৰ বাহিৰত ধৰ্মা কাৰ্যসূচী ৰূপায়ণ কৰি বিজেপি বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা লোৱাৰ দাবী জনাই। উল্লেখ্য যে, ২১ মাৰ্চত বিজেপিৰ বিধায়ক কুৰ্মীয়ে বিৰোধী বিধায়কক গালি-গালাজ কৰাৰ লগতে আক্ৰমণৰ চেষ্টা কৰিছিল বুলি অভিযোগ উঠিছিল।

উপাধ্যক্ষগৰাকীয়ে সদনত তেওঁৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, “সদনত প্ৰৱেশ কৰাৰ পূৰ্বে কংগ্ৰেছৰ বিধায়ক নুৰুল হুদা আৰু তেওঁৰ সহযোগীয়ে বাধা প্ৰদান কৰিছিল। বাধা প্ৰদানৰ সময়ত হোৱা ঠেলা-হেঁচাত মই হাতত আঘাত পাইছোঁ আৰু ৰক্তক্ষৰণ হৈছে।” তেওঁ লগতে কয় যে, এই ধৰণৰ ঘটনা বিধানসভাত পূৰ্বে কেতিয়াও হোৱা নাই।

বিরোধী দলৰ নেতা দেৱব্ৰত শইকীয়াই মুখ্যমন্ত্ৰীৰ দাবীৰ প্ৰতিক্ৰিয়া জনাই কয় যে, এই ঘটনা আৰক্ষীৰ গোচৰ দিয়াৰ পৰিৱৰ্তে বিধানসভাৰ এক সমিতিৰ জৰিয়তে তদন্ত কৰা উচিত। অধিবেশনৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে বিষয়াটো পৰীক্ষা কৰি দেখা হ’ব বুলি ঘোষণা কৰে।

এই ঘটনাই অসম বিধানসভাত নতুন বিতৰ্কৰ সৃষ্টি কৰিছে আৰু আগন্তুক দিনবোৰত এই বিষয়ে অধিক পৰ্যালোচনা হোৱাৰ সম্ভাৱনা আছে।

Related Articles