Assam book fair 2024 । ৩১ ডিচেম্বৰৰ শীতত গ্ৰন্থৰ সান্নিধ্যৰে প্ৰাণোচ্ছল অসম গ্ৰন্থমেলা

গুৱাহাটী, ৩১ ডিচেম্বৰঃ Assam book fair 2024 । বছৰটোৰ অন্তিম দিনা আজি ৩১ ডিচেম্বৰত গ্ৰন্থপ্ৰেমীৰ ভিৰত উছৱমুখৰ হৈ উঠে অসম গ্ৰন্থমেলা, গুৱাহাটী ৷ শীতৰ সন্ধিয়া গ্ৰন্থৰ সান্নিধ্যৰে মায়াময় পৰিৱেশত পুথিপ্ৰেমীসকলে প্ৰাণোচ্ছল কৰি তোলে খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আয়োজিত গ্ৰন্থমেলা ৷অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই যৌভভাৱে আয়োজন কৰা অসম গ্ৰন্থমেলাত আজি পৰিলক্ষিত হয় অভূতপূৰ্ব জনসমাগম ৷ কুঁৱলি আচ্ছাদিত শীতৰ সন্ধিয়া লেখক-পাঠকৰ মাজত চলা সাহিত্যৰ আড্ডাই সজীৱ কৰি তোলে গ্ৰন্থমেলাৰ চোতাল ৷ নতুন কিতাপ বিচাৰি অহা পঢ়ুৱৈৰ সংখ্যাও ক্ৰমান্বয়ে বাঢ়ি অহা পৰিলক্ষিত হৈছে বিপণীসমূহত ৷ সমান্তৰালভাৱে ভাষা-সাহিত্য-ইতিহাস-সংস্কৃতিক লৈ আয়োজন কৰা ভিন্নসুৰি কাৰ্যসূচীয়েও আকৰ্ষণীয় কৰিছে অসম গ্ৰন্থমেলাক ৷

১ ডিচেম্বৰৰ শীতত গ্ৰন্থৰ সান্নিধ্যৰে প্ৰাণোচ্ছল অসম গ্ৰন্থমেলা, গুৱাহাটী

বিয়লি ১ বজাৰ পৰা গ্ৰন্থমেলা প্ৰাংগণত আয়োজিত হয় “অসমৰ সাংস্কৃতিক বিৱৰ্তনৰ ইতিহাসঃ পুৰাকালৰ পৰা সাম্প্ৰতিক সময়লৈ” শীৰ্ষক আলোচনা সত্ৰ ৷ এই সত্ৰ সঞ্চালনা কৰি বিশিষ্ট ইতিহাসবিদ, শ্ৰীমন্তশঙ্কৰদেৱ বিশ্ববিদ্যালয়ৰ উত্তৰ পূৰ্বাঞ্চল অধ্যয়ন কেন্দ্ৰৰ মুৰব্বী অধ্যাপক ড° গজেন্দ্ৰ অধিকাৰীয়ে কয়—“অসমৰ প্ৰাণ-সত্তা সকলো অসমীয়াৰে সত্তা ৷ আমাৰ জাতীয় জীৱনৰ সত্তা এয়া ৷ সকলো জাতি-জনজাতিৰে অসমীয়া সংস্কৃতি গঢ়ি উঠিছে ৷ অসমৰ সামূহিক ঐক্যক সংস্কৃতিয়ে সমৃদ্ধ কৰিছে ৷ উত্তৰ-পূৰ্বাঞ্চল আৰু অসমৰ একেই সত্তা ৷ বিৱৰ্তনৰ মাজেৰে আমাৰ সমাহিত সংস্কৃতি গঢ়ি উঠিছে ৷ সংঘাত আৰু সমন্বয় আমাৰ সংস্কৃতিৰ অলংকাৰ ৷

এই সংস্কৃতিয়ে আমাক সদায়ে জাগ্ৰত কৰি ৰাখে ৷”
তেওঁ লগতে কয় যে প্ৰাগজ্যোতিষপুৰৰ পৰা এতিয়ালৈ আমি কিমান স্তৰ পাৰ হৈ আহিছো সেয়া বিচাৰ কৰাৰ প্ৰয়োজন আছে ৷ লোককলা, লোককথা আৰু প্ৰত্নতত্ত্বৰ জৰিয়তে নৰকাসুৰ, ভগদত্তৰ সময়ৰ ইতিহাসত দৃষ্টিপাত কৰিব পাৰি ৷ পৰৱৰ্তী পৰ্যায়ৰ কামৰূপ বিশাল এখন দেশ আছিল ৷ এতিয়াও পশ্চিম প্ৰান্তৰ ভাষাটোক কামৰূপী বাংলা বুলি কোৱা হয় ৷ কিন্তু আমি কামৰূপী অসমীয়া বুলি নকও ৷ সত্ৰখনৰ এগৰাকী আলোচক, প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড° যোগেশ কাকতিৰ মতে—“ অসমীয়া জাতিটো স্বাভিমানী জাতি ৷ এই স্বাভিমান দৰাচলতে সংস্কৃতি ৷ সেইবাবে ইয়াত বখ্‌তিয়াৰ খিলিজীক পৰাভূত কৰাটো সম্ভৱ হৈছিল ৷

ব্ৰিটিছৰ শাসনতো স্বাভিমান প্ৰকাশেৰে মুক্তি যুঁজত অৱতীৰ্ণ হৈছিল অসমীয়া জাতি ৷ এসময়ত অসমত আহোম আৰু কোচৰাজতন্ত্ৰৰ শাসন আছিল ৷ কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে অসমখন দুভাগত বিভক্ত হৈছিল ৷ ভাৰতৰ অখণ্ডতা আৰু হিন্দু শৌৰ্য-শক্তি ৰক্ষাৰ বাবে মধ্যযুগৰে পৰা অসমে অতুলনীয় অৱদান আগবঢ়াইছিল ৷ সাংস্কৃতিক বিৱৰ্তনৰ ইতিহাসত স্তৰে স্তৰে ইয়াৰ প্ৰমাণ পোৱা যায় ৷” ইয়াত আলোচকৰূপে অংশগ্ৰহণ কৰে বৰভাগ মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপক-গৱেষক ড° নমিতা দেৱীয়ে ৷ তেওঁ বিষয় সন্দৰ্ভত কয় যে পুৰাকালৰ পৰা সাংস্কৃতিক বিৱৰ্তন বুলিলে এক বিশাল পৰিসৰ ৷ সংস্কৃতি মানুহৰ সৈতে জৰিত ৷ অৰ্থাৎ মানুহৰ ইতিহাসেই সংস্কৃতিৰো ইতিহাস আৰু ইয়াৰ বিৱৰ্তনৰো ইতিহাস ৷ জ্ঞান পৰম্পৰাৰ আধাৰতে সংস্কৃতি গঢ়ি উঠে ৷ বস্তুবাদ আৰু ভাববাদ সংস্কৃতিৰ দুটা ৰূপ ৷ মানুহৰ প্ৰমূল্যবোধ, চিন্তা-চেতনা, কৰ্মকৃতিয়ে পুৰাকালৰ পৰা বিভিন্ন পৰ্যায় ৰ মাজেৰে আহি অসমৰ সমাহিত সংস্কৃতি গঢ়ি উঠিছে ৷ মানুহৰ জীৱন শৈলী সলনি হ’লেও সংস্কৃতিৰ মূল ভেটি একেই থাকে ৷

এয়াই একোটা জনসমষ্টিৰ আত্মপৰিচয়ৰ মূল ৷ ভাষা আৰু সংস্কৃতি দুয়োটাইহে জাতি গঠন কৰে ৷ ইয়াৰে এটাক বাদ দি আনটো সম্পূৰ্ণ নহয় ৷ অসমৰ জাতি আৰু সংস্কৃতি গঠন প্ৰক্ৰিয়াও এনেদৰে আগবাঢ়িছে ৷ ইয়াত আলোচকৰূপে উপস্থিত থাকে ইতিহাস গৱেষক, লেখক ড° জ্যোৎস্না বৰুৱা ৷ তেওঁ কয় যে আমাৰ সংস্কৃতি গঢ়িতোলাত ভূগোল, ৰাজনীতি, অৰ্থনীতিৰ ভূমিকা বা প্ৰভাৱ অপৰিসীম ৷ মানৰ আক্ৰমণৰ ফলত দীঘলীয়া এক বিপৰ্যয়ৰ পাছত ১৮২৬ চনত অসমৰ ৰাজনৈতিক । ভাগ্য অন্যধৰণে নিৰ্ধাৰিত হ’ল ৷ ব্ৰিটিছে সম্পদৰ সন্ধানেৰে ইয়াত ঔপনিৱেশিক বাণিজ্যিক সংস্কৃতিৰ সূচনা কৰিলে ৷ চাহ ব্যৱসায় এই সংস্কৃতিৰ অন্যতম নিদৰ্শন ৷ ইয়াৰ ফলতে চাহ-জনগোষ্ঠীৰ সংস্কৃতিৰে অসমীয়া সংস্কৃতি সমৃদ্ধিশালী হ’ল ৷ সাংস্কৃতিক বিৱৰ্তনৰ এয়া এক সুন্দৰ উদাহৰণ ৷ আন এগৰাকী আলোচক, ইতিহাসৰ গৱেষক, লেখক ড° ইন্দ্ৰনীল পেগুৱে এই বিষয়ে কয় যে অসমৰ সাংস্কৃতিক বিৱৰ্তনত জনজাতীয় সংস্কৃতিৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে ৷ অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিচিংসকলেও এইক্ষেত্ৰত অপৰিসীম প্ৰভাৱ পেলাইছে ৷ তেৰশ শতিকাৰ পৰাই অসমৰ সাংস্কৃতিক বিৱৰ্তনত মিচিং জনজাতিৰ সংস্কৃতিৰ ভূমিকা পৰিস্ফূত হয় ৷ নদী পূজা, বিভিন্ন আধ্যাত্মিক কাৰ্যক্ৰমণিকাত মিচিং পৰম্পৰাই ঠাই পাইছে ৷ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সময়ৰ পৰা বৈষ্ণৱ পৰম্পৰায়ো মিচিং সমাজ-সংস্কৃতিত স্থান লাভ কৰিছিল ৷ নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰভাৱত নামঘৰ স্থাপন হ’ল ৷ এতিয়া সকলো মিচিং অঞ্চলতে নামঘৰ আছে ৷ সামাজিক শৈলী আৰু সাংস্কৃতিক বিৱৰ্তনৰ এয়া অন্যতম উদাহৰণ ৷

Related Articles