Breaking

গ্ৰীষ্ম প্ৰবাহত দগ্ধ অসমঃ ৰেমালে শীতলালে ৰাজ্য…

0 51

ৰাজ্যত অব্যাহত আছে গৰমৰ তাণ্ডৱ। গুৱাহাটীত ১৯৬০ চনৰ পিছত প্ৰথমবাৰৰ বাবে তাপমাত্ৰা ৪০.১ ডিগ্ৰী চেলছিয়াছ হৈছে। এয়া এক অভিলেখ সৃষ্টিকাৰী তাপমাত্ৰা হিচাবে পৰিগণিত হৈছে। স্তব্ধ হৈ পৰিছে স্বাভাৱিক জীৱন যাত্ৰা। আনহাতে, শুকুৰবাৰে গুৱাহাটীত তাপমাত্ৰাই ৰেকৰ্ড সৃষ্টি কৰে। শনিবাৰৰ দিনটোত গুৱাহাটীত ১৯৬০ চনৰ পিছৰ সৰ্বোচ্চ তাপমাত্ৰা ৰেকৰ্ড কৰা হয়। ইয়াৰ মাজতে ঘূৰ্ণী বতাহ ৰেমালে আশা কঞিয়াই আনিছে।

ৰেমালৰ প্ৰভাৱত ২৭ মে’ত অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ কিছু ঠাইত ৬০-৭০ কিলোমিটাৰ গতিবেগত ধুমুহা হোৱাৰ লগতে প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা আছে। অহা ২৮ মে’ত ধুমুহা কিছু হ্ৰাস পাব যদিও অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ কিছু ঠাইত ৩০-৪০ কিলোমিটাৰ গতিবেগত ধুমুহা হোৱাৰ লগতে ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা আছে বুলি জানিবলৈ দিয়ে বতৰ বিজ্ঞানীয়ে।

তাৰ মাজতে আজিৰে পৰা আগন্তুক ৫ দিনলৈ ৰাজ্যৰ কিছু কিছু ঠাইত হ’ব মজলীয়া বৰষুণ হ’ব । আজি গুৱাহাটীৰ তাপমান আছিল ৩৯.৪ ডিগ্ৰী চেলছিয়াছ ।

Leave A Reply

Your email address will not be published.