ASSam Cabinet: আজিৰ কেবিনেটৰ কেইটামান বিশেষ সিদ্ধান্ত

বাংলাদেশৰ পৰা যাতে আৰু অধিক অনুপ্ৰৱেশকাৰী অসম আৰু ত্ৰিপুৰাত প্ৰৱেশ কৰিব নোৱাৰে ৷ তাৰবাবে অসমৰ সৰলীকৰণ কৰা হৈছে আধাৰ প্ৰদান প্ৰক্ৰিয়া ৷ কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগক নডেল বিষয়া হিচাপে ঘোষণা ৷

আধাৰ প্ৰদান কৰাৰ বাবে প্ৰতিখন জিলাত একোজন নডেল বিষয়া থাকিব ৷ ২০১৪ চনৰ পৰা যিসকল বিষয়া অসমত আছে তেওঁলোকৰ ক্ষেত্ৰত ব্যৱহাৰিক পৰিদৰ্শন নহ’ব ৷

পূৰ্বৰ মৌজাদাৰ ব্যৱস্থা অব্যাহত থাকিব ৷ মাটি খাজনা এতিয়াৰ পৰা ডিজিটেল আৰু পূৰ্বৰ ধৰণে দিব পাৰিব ৷

নামঘৰ, স্কুল, মন্দিৰ মাটি পট্টা লবলৈ চ’চাইটিৰ পঞ্জীয়ণ কৰিব নালাগে ৷ চ’চাইটিৰ পঞ্জীয়ণ নকৰাকৈ মিচন বসুন্ধৰা ৩ আবেদন কৰিব পাৰিব ৷

১২ দিনত ১২ লাখ হিতাধিকাৰীক সাহাৰ্য্য প্ৰদান।
১৫- ২৭ তাৰিখলৈ চলিব ৰাজ্যত অৰুণোদয় সপ্তাহ।
১৭ তাৰিখৰ পৰা তিনি দিনলৈ ভূটানত থাকিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।
ভূটানৰ স’তে অৰ্থনৈতিক দিশত সন্দৰ্ভত আলোচনা কৰা হ’ব।

Related Articles