Assam Cabinet meeting:ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

গুৱাহাটী,১ অক্টোবৰ : মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ (CM Himanta Biswa Sarma)সভাপতিত্বত মঙলবাৰে দিছপুৰৰ লোক সেৱা ভৱনত অনুষ্ঠিত হয় (Assam Cabinet meeting) ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক। কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকৰ অন্তত কেবিনেটৰ সিদ্ধান্তসমূহ সংবাদমেল যোগে সদৰি কৰে মন্ত্রী জয়ন্তমল্ল বৰুৱাই।

বাণীকান্ত কাকতি বঁটাৰ স্কুটি প্ৰদান

কেবিনেটৰ সিদ্ধান্তসমূহ হৈছে উচ্চতৰ মাধ্যমিম চূড়ান্ত পৰীক্ষা উত্তীৰ্ণ ৰাজ্যৰ মুঠ ৪৮৬৭৩ গৰাকী ছাত্র আৰু ছাত্রীক এইবাৰ বাণীকান্ত কাকতি বঁটাৰ স্কুটি প্ৰদান কৰা হ’ব। ৬০ শতাংশ তথা ততোধিক নম্বৰ লাভ কৰা ৪০৭৩৫ গৰাকী ছাত্রীক আৰু ৭৫ শতাংশ তথা ততোধিক নম্বৰ লাভ কৰা ৭৯৩৮ জন ছাত্রক প্ৰদান কৰা হ’ব স্কুটি। আজিৰ কেবিনেটে ইয়াৰ বাবে ৩৪৫.৭৫ কোটি টকাৰ অনুমোদন জনায়।

অসম লোক সেৱা আয়োগৰ পৰীক্ষাৰ তদন্ত (APSC)

অসম লোক সেৱা আয়োগৰ ২০১৩ আৰু ২০১৪ বৰ্ষৰ পৰীক্ষাৰ তদন্ত কৰাৰ বাবে অৱসৰপ্ৰাপ্ত ন্যায়ালয় বি কে শৰ্মাৰ নেতৃত্বত এখন এজনীয়া তদন্ত আয়োগ গঠন কৰা হৈছিল। এই তদন্ত আয়োগৰ প্ৰতিবেদন বিধানসভাৰ আগন্তুক অধিৱেশনত দাখিল কৰাৰ সিদ্ধান্ত কেবিনেটত গ্ৰহণ কৰা হয়। কেবিনেটত দাখিল হোৱাৰ পাছতে এই প্ৰতিবেদন ৰাজহুৱা হ’ব।

ছেমি কণ্ডাক্টৰ (Semi Conductor)

জাগীৰোডত ছেমি কণ্ডাক্টৰ উদ্যোগৰ কাম চলি আছে। ছেমি কণ্ডাক্টৰ উদ্যোগ আৰু নতুন টাউনশ্বিপৰ বাবে জাগীৰোডত প্ৰয়োজন হ’বলগীয়‍া পানী যোগানৰ বাবে আজিৰ কেবিনেটে পানী যোগান প্ৰকল্প এটাৰ অনুমোদন জনায়। দৈনিক প্ৰয়োজন হ’বলগীয়া ১২.৫ মিলিয়ন লিটাৰ পানীৰ বাবে পানী যোগান প্ৰকল্প এটা স্থাপন কৰা হ’ব। ইয়াৰ বাবে কেবিনেটে ১২১.৩৬ কোটি টকাৰ অনুমোদন দিয়ে।

সমজিলা গঠন

ৰাজ্যৰ প্ৰতিটো সমষ্টিত সমজিলা গঠন কৰাৰ কথা মুখ্যমন্ত্রীয়ে ইতিমধ্যে ঘোষণা কৰিছে। ইয়াৰে প্ৰথম পৰ্যায়ত ৰাজ্যৰ ৩৯ টা সমষ্টিত অহা ৪ আৰু অক্টোবৰত সমজিলাৰ কাৰ্যালয় মুকলি কৰা হ’ব। মন্ত্রীসকলে এই কাৰ্যালয়ৰ শুভাৰম্ভনী কৰিব। সমজিলাৰ কাৰ্যালয়ত একোজন এডিচি পৰ্যায়ৰ বিষয়া সমজিলা আয়ুক্ত হিচাপে নিয়োজিত হ’ব।

কাৰ্বি আংলং জিলাৰ শিক্ষকৰ

বিগত কেবিনেটত কাৰ্বি আংলং জিলাৰ ২৬৪ গৰাকী ইউ পি শিক্ষকৰ পদত অনুমোদন জনোৱা হৈছিল।কেবিনেটে তেওঁলোকৰ দৰমহাৰ প্ৰস্তাৱত অনুমোদন জনায়।

বিদ্যুৎমাছুল(Electricity charges)

বিদ্যুতৰ বৰ্ধিত চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি কেবিনেটে এ পি ডি চি এলৰ এটা প্ৰস্তাৱত অনুমোদন জনায়। সেই অনুসৰি ২০০ মেগাৱাট কালাই-২ হাইড্ৰ’ ইলেক্ট্ৰিক প্ৰজেক্টৰ পৰা বিদ্যুৎ ক্ৰয় কৰাৰ বাবে কেবিনেটে এ পি ডি চি এলক অনুমোদন দিয়ে। প্ৰতি ইউনিট ৫.৪৬ টকা দৰত ক্ৰয় কৰিব পাৰিব।

লগতে পঢ়ক

বিজেপিৰ বিশাল প্ৰতিবাদ :মন্ত্ৰী পীয়ূষ হাজৰিকা সহ ৯জন বিধায়কৰ অংশগ্ৰহন

Related Articles