Assam Cabinet । অসম চৰকাৰৰ কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত..পঞ্চায়ত নিৰ্বাচন কেতিয়া হ’ব !

১০ জানুৱাৰী,২০২৫ঃ Assam Cabinet । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকৰ পিছত, সংবাদ মাধ্যমক কেবিনেট বৈঠকৰ সিদ্ধান্তৰ বিষয়ে অৱগত কৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শমাই কেবিনেটৰ সিদ্ধান্তৰ বিষয়ে উল্লেখ কৰি কয় চৰকাৰে কলাক্ষেত্ৰৰ অডিটৰিয়ামৰ বাবে ২৯০ কোটি টকা আৱণ্টন দিছে।

এই কলাক্ষেত্ৰ আগষ্ট মাহৰ ভিতৰত সম্পূৰ্ণ কৰা হব বুলিও তেওঁ কয়। মুখ্যমন্ত্ৰী শৰ্মাই কয় যে ৯৫ আসনচুৃক্ত পেইড গেষ্ট হাউছ আৰু ষ্টেট কনভেছন চেণ্টাৰ নিৰ্মাণৰ বাবে ৪৭৭ কোটি আৱণ্টন দিছে। যোৰহাটআৰু ডিব্ৰুগড়ত গাখীৰ প্ৰছে চিঙৰ বাবে ১৫০ কোটি টকা আবণ্টন দিয়াৰ কথা মুখ্য মন্ত্ৰীয়ে প্ৰকাশ কৰে। যোৰহাটত দুগ্ধ প্ৰকল্পৰ বাবে ৭৫ কোটি টকা, ডিব্ৰুগড়ত একে প্ৰকল্পৰ বাবে ৭৫ কোটি আবণ্টন ।

ধেমাজি আৰু কাছাৰতো আন দুটা দুগ্ধ শোধনকেন্দ্ৰ স্থাপনৰ বাবেও চৰকাৰে নিৰ্দেশ দিয়ে। গাখীৰ উৎপাদন কৰি থকা সমবায় সমূহত প্ৰতি লিটাৰত ৫ টকাকৈ ৰাজ সাহায্য লাভ কৰিব। ইয়াৰ বাবে এটা পৰ্টেল ১ ফেব্ৰুৱাৰীৰ পৰা মুকলি কৰা হব। কাছাৰত কেন্সাৰ চিকিৎসালয়ৰ বাবে ১০ বিঘা মাটি আলণ্টন দিয়াৰ কথাও মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে। ডুৰম আৰু লেপেটকটা চাহ বাগিছাত পৰ্যটন কেন্দ্ৰ মুকলি কৰা হব।

অইল পামক কেছ কৰ্প হিচাবে ঘোষণা কৰিলে মুখ্যমন্ত্ৰী শৰ্মাই। চাহ বাগিচাত থকা গছৰ ব্যৱহাৰৰ বাবেও বিশেষ ব্যৱস্থা গ্ৰহণৰ কথা উল্লেক কৰে মুখ্যমন্ত্ৰীয়ে। ডিব্ৰুগড়ৰ দেওচালিৰ প্ৰস্তাৱিত বনভূমিত বাস কৰা লোকসকলক ৰাজহ গাওলৈ ৰূপান্তৰৰ কথাও মুখ্যমন্ত্ৰীয়ে কয়। ফলত বহুলোকে মাটিৰ পট্টা লাভ কৰিব। মিছন বসুন্ধৰাৰ আবেদনৰ ক্ষেত্ৰত নামঘৰ বা মন্দিৰৰ ক্ষেত্ৰত আবেদনৰ দিন ৩০ জানুৱাৰীলৈ বৃদ্ধি কৰা হৈছে।

২০০৬ চনত প্ৰতিষ্ঠিত প্ৰাদেশীকৰণ নোহোৱা বিদ্যালয়ৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ কেবিনেট ছাব কমিটি গঠন কৰি দিয়া হৈছে। এই কমিটিৰ নেতৃত্বত থাকিব মন্ত্ৰী ৰণোজ পেগু, জয়ন্ত মল্ল বৰুৱা, কেশৱ মহন্ত। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে কয় যে পঞ্চায়ত নিৰ্বাচন কেতিয়া অনুষ্ঠিত হয় সেই বিষয়ত কোনো থিৰাং সিদ্ধান্ত লব পৰা নাই। কাৰণ বিষয়টো এতিয়াও আদালতৰ বিবেচনাধীন হৈ আছে। আদালতে ৰায়দান কৰাৰ পিছতহে এই বিষয়ত সিদ্ধান্ত গ্ৰহণ কৰিব পৰা হব বুলি তেওঁ কয়।

Related Articles