অসম দিব্যাংগ জ্যোতি মহোৎসৱৰ সামৰণী…

অসম দিব্যাংগ জ্যোতি মহোৎসৱৰ সামৰণী

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দুই শতাধিক দিব্যাংগৰ অংশগ্ৰহণ, মঞ্চত দিব্যাংগ শিশুৰ সৈতে গান গালে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই

গুৱাহাটীত যোৱা ২৩ ছেপ্টেম্বৰৰ পৰা অনুষ্ঠিত অসম দিব্যাংগ জ্যোতি মহোৎসৱ ২০২৩ ৰ কালি সামৰণি পৰে। এই উপলক্ষে গুৱাহাটীৰ মাছখোৱাৰ প্ৰাগজ্যোতি আই টি এ প্ৰকল্পত এটা সাংস্কৃতিক কাৰ্যসূচীৰ আয়োজন কৰা হয়। সামৰণি অনুষ্ঠানত দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই অংশগ্ৰহণ কৰি দিব্যাংগ ল’ৰা-ছোৱালীৰ সৈতে কথা পতাৰ লগতে কোনো প্ৰত্যাহ্বানে দিব্যাংগসকলৰ উৎসাহ আৰু উদ্যমক কেতিয়াও দমন কৰিব নোৱাৰে বুলি মত প্ৰকাশ কৰে। বিভিন্ন ঠাইৰ দুই শতাধিক দিব্যাংগ ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিৰ উপস্থিতিত অনুষ্ঠানত কন কন দিব্যাংগ শিশুৱে গীত-মাত পৰিৱেশন কৰে। বেচৰকাৰী সংস্থা কেয়াৰ ইউ ৩৬৫ আৰু কুদৰতৰ উদ্যোগত তথা ক্ৰীড়া আৰু যুৱকল্যাণ বিভাগৰ ৰাজ্যিক পৰ্যায়ৰ পৰামৰ্শদাতা সমিতিৰ সহযোগত অনুষ্ঠিত এই মহোৎসৱৰ সামৰণি অনুষ্ঠানত বিশিষ্ট কণ্ঠশিল্পী অৰূপ জ্যোতি বৰুৱাই প্ৰস্তুত কৰা অসম দিব্যাংগ জ্যোতি মহোৎসৱৰ শীৰ্ষ গীতটি শিল্পীগৰাকীয়ে দিব্যাংগ শিশুৰ সৈতে একেলগে পৰিৱেশন কৰে। এই কাৰ্যসূচীত মন্ত্ৰী গৰাকীয়েও অংশ লয়।

তেওঁ বঁটা বিতৰণী অনুষ্ঠানতো অংশগ্ৰহণ কৰে। অনুষ্ঠানৰ শুভাৰম্ভ কৰে এলেন প্ৰ’ কোম্পানীৰ মুখ্য কাৰ্যবাহী বিষয়া সঞ্জয় জৈনে। অনুষ্ঠানত বিশিষ্ট কণ্ঠশিল্পী পদ্মনাভ বৰদলৈ আৰু অলংকৃতা-ৰূপাংকৃতা যুতিয়ে গীত পৰিৱেশন কৰে। অনুষ্ঠানত অসম দিব্যাংগ নাট্য বিদ্যালয়ৰ শিশুসকলে আৰু যোৰহাটৰ আন এটা দৃষ্টিহীন শিশুৰ দলে নাট প্ৰদৰ্শন কৰাৰ লগতে বিশিষ্ট সত্ৰীয়া নৃত্যশিল্পী সবিতা শইকীয়া আৰু বিশ্বজিৎ বৰুৱাৰ নেতৃত্বত নগাঁৱৰ এটা দলে সত্ৰীয়া নৃত্য পৰিৱেশন কৰে। অনুষ্ঠানত আশানীৰ, ঈশা স্কুল, জ্যোতি নিকেতন, সহায়িকা, সৰস্বতী বাগধ্বনি, পাছ, প্ৰজন্ম, শংকৰ মিছন দৃষ্টিহীন বিদ্যালয়, বঢ়মপুৰ, কটন বিশ্ববিদ্যালয় আদি কেইবাটাও শিক্ষানুষ্ঠান আৰু বেচৰকাৰী সংস্থাৰ লগতে ব্যক্তিগতভাৱেও দিব্যাংগ শিশুৱে মহোৎসৱত অংশগ্ৰহণ কৰে। এই অনুষ্ঠানতে মহোৎসৱৰ ক্ৰীড়া প্ৰতিযোগিতাসমূহৰ পুৰস্কাৰসমূহ ঘোষণা কৰা হয়। সমগ্ৰ অনুষ্ঠানটো সূচাৰুৰূপে সম্পন্ন কৰাৰ ক্ষেত্ৰত গুৱাহাটীৰ হোটেল ৰাজমহল আৰু সূৰুযমল জোহৰমল চাংগানেৰিয়া ধৰমশালা ট্ৰাষ্টে সহায়ৰ হাত আগবঢ়ায়।

ইয়াৰ পূৰ্বে ২৪ ছেপ্টেম্বৰত গুৱাহাটী মহানগৰীৰ ভৰলুৰ ঈদগাহ ফিল্ডত দিব্যাংগসকলৰ মাজত বিভিন্ন খেল অনুষ্ঠিত হয়। প্ৰতিযোগিতাত দৃষ্টিহীন ক্ৰিকেট টুৰ্ণামেণ্ট, ডবা, শ্বট পুত, কেৰম, দৌৰ, চকী খেল, পাৰ পানী, চামুচত মাৰ্বল লৈ দৌৰ, চকলেট দৌৰ, দৃষ্টিহীনৰ ডবা, বছি গেম, ছফট বল, ছবি অঁকা, ৰছী টনা আৰু বেজীত সূতা ভৰোৱা খেল অনুষ্ঠিত হয়। উল্লেখ্য যে গুৱাহাটী মহানগৰীৰ লগতে যোৰহাট, নগাঁও, মৰিগাঁও, বৰপেটা, নলবাৰী, ধেমাজি আৰু বিভিন্ন ঠাইৰ পৰা খেলুৱৈ আহি মহোৎসৱৰ সকলো কাৰ্যসূচীত অংশগ্ৰহণ কৰে। ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী নন্দিতা গাৰ্লোছাই অসম দিব্যাংগ জ্যোতি মহোৎসৱ ২০২৩ৰ শুভাৰম্ভ কৰে। এই অনুষ্ঠানতে ভাৰতীয় দৃষ্টিহীন ক্ৰিকেট দলৰ আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন খেলুৱৈ নগাঁৱৰ চিমু দাসক অসম দিব্যাংগ ৰত্ন বঁটা প্ৰদান কৰা হয়।

উল্লেখযোগ্য যে ২০১৭ চনৰ পৰাই কেয়াৰ ইউ ৩৬৫ এ দিব্যাংগসকলৰ সৰ্বাংগীন বিকাশ আৰু তেওঁলোকৰ মাজত থকা প্ৰতিভাসমূহক এখন মঞ্চ প্ৰদান কৰাৰ বাবে কাম কৰি আহিছে। দিব্যাংগ লোকসকলো যে আমাৰ সমাজৰে এটা অংশ আৰু তেওঁলোকেও যাতে মুক্তভাৱে সপোন দেখিব পাৰে সেই মহৎ উদ্দেশ্য আগত ৰাখি সংস্থাই দৃষ্টিহীনসকলৰ মাজত ক্ৰিকেট আৰু অন্যান্য খেল অনুষ্ঠিত কৰাৰ লগতে এই মহোৎসৱত দিব্যাংগসকলৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠানো পৰিৱেশন কৰোৱা হয়। এইবাৰো এই মহোৎসৱত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৃষ্টিহীন ল’ৰা-ছোৱালীৰ শিক্ষানুষ্ঠান আৰু অন্য অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰা কিশোৰ কিশোৰী আহি অনুষ্ঠানত ভাগ লৈছে।

Related Articles