Breaking

আন্তঃৰাষ্ট্ৰীয় এষ্ট্ৰ’ন’টিকেল কংগ্ৰেছ ( আই এছ চি)লৈ নিৰ্বাচিত অসম কন্যা পল্লৱী দাস

0 552

মহাকাশত মহাকাশযানত প্ৰচণ্ড চাপ আৰু হতাশাৰ মাজেৰে থকা সময়তখিনিত মহাকাশচাৰীৰ মানসিক অৱস্থাটো ৰবটৰ দ্বাৰা অধ্যয়ন কৰি কেনেদৰে সেই অৱস্থাৰ মাজত সতেজ ৰূপত ৰাখিব পৰা যাব আৰু থেৰাপিউটিক সহায় আগবঢ়াব পৰা যাব – সেই বিষয়ে নিজৰ গৱেষণা পত্ৰ পেৰিছত পাঠ কৰিবলৈ নিৰ্বাচিত হৈছে অসমৰ এগৰাকী তৰুণ প্ৰজন্মৰ গৱেষক পল্লৱী দাস।
পেৰিছত ১৮-২২ ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগীয়া ৭৩ সংখ্যক আন্তঃৰাষ্ট্ৰীয় এষ্ট্ৰ’ন’টিকেল কংগ্ৰেছ ( IAC) ত গৱেষণা পত্ৰ পাঠ কৰিবলৈ নিৰ্বাচিত হৈছে গুৱাহাটীৰ উজানবজাৰ, ৰাজবাৰীৰ পল্লৱী দাস। ইন্টাৰনেছনেল এষ্ট্ৰ’ন’টিকেল ফেডাৰেশ্যনে( International Astronautical Federation) অনুষ্ঠিত কৰা এই সন্মিলনত পল্লৱীয়ে পাঠ কৰিবলগীয়া গৱেষণা পত্ৰৰ বিষয় হ’ল – Implementing New Features in Cimon Robot for Providing Therapeutic Assistance to Astronauts in Situations of Extreme Stress and Depression.


অসমৰ মেধাৱী গৱেষকগৰাকী ‘Interactive Presentation ‘ ৰ জৰিয়তে নিৰ্বাচিত হ’ব পৰাটো আমাৰ বাবে সৌভাগ্যৰ কথা। ৯৭ খন দেশৰ ৪৮০০ খন গৱেষণা পত্ৰ প্ৰেৰণ কৰা সকলৰ ভিতৰত পল্লৱী সহিতে ৭৭৮ জনকহে ‘ Interactive Presentation ‘ ৰ বাবে বাছনি কৰা হৈছে। উজানবজাৰৰ জাহাজ ঘাটৰ ৰাজবাৰী নিবাসী প্ৰণৱ কুমাৰ দাস আৰু হীৰা দাসৰ একমাত্ৰ কন্যা পল্লৱী গুৱাহাটী ক্লাবৰ চেন্ট মেৰীজ হাইস্কুলৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হোৱাৰ পিছত এয়াৰ ক্ৰাফট মেইন্টেনেন্স ইঞ্জিনিয়াৰিঙত ডিগ্ৰী লৈ Cyient Ltd ত এয়াৰ ক্ৰাফট ডিজাইন ইঞ্জিনিয়াৰ হিচাপে বয়িং বিমানৰ নক্সা প্ৰস্তুত কৰে। পিছত Spaceonova ৰ অধীনত Space Robotics ৰ ওপৰত পাঠ্যক্ৰম সম্পূৰ্ণ কৰে। ২০২২ চনত IACৰ গৱেষণা কাকতত নিজৰ গৱেষণাৰ প্ৰৱন্ধ লিখাৰ সুযোগ লাভ কৰে। বৰ্তমান পল্লৱী এমাজনৰ ‘ ছিনিয়ৰ টেকন’ল’জী ৰাইটাৰ’ হিচাপে কৰ্মৰত।

Leave A Reply

Your email address will not be published.