Breaking

২০২৪ বৰ্ষৰ বাবে বন্ধৰ দিনৰ তালিকা প্ৰকাশ কৰিলে অসম চৰকাৰে…

0 2,682

অসম চৰকাৰে ২০২৪ বৰ্ষৰ বাবে বন্ধৰ দিনৰ তালিকা প্ৰকাশ কৰিছে। সেই অনুসৰি মুঠ ৩৬ দিন অসম চৰকাৰৰ অধিনষ্ঠ সকলো চৰকাৰী কাৰ্যালয়, ৰেভিনিউ আৰু মেজিষ্ট্ৰেৰিয়েল ক’ৰ্ট বন্ধ থাকিব। ইয়াৰোপৰি মুঠ দুটা দিন অৰ্ধ ছুটি হিচাপে ঘোষণা কৰিছে। ১৫, ১৬ জানুৱাৰীত মাঘ বিহু আৰু টুছু পূজা, ২৩ জানুৱাৰীত বাথৌ পূজা, নেতাজীৰ জন্মদিন, ২৬ জানুৱাৰীত গণতন্ত্ৰ দিৱস, ৩১ জানুৱাৰীত মে-ডাম-মে-ফি, ২৪ ফেব্ৰুৱাৰীত চিলাৰায় দিৱস, ২৫ মাৰ্চত দৌল যাত্ৰা, ২৯ মাৰ্চত গুড ফ্ৰাইডে’, ১১ এপ্ৰিলত ঈড উল ফিটৰ, ১৩,১৪,১৫ এপ্ৰিলত ব’হাগ বিহু, ২০ এপ্ৰিলত সতী সাধিনী দিৱস, ১ মে’ত মে’ দিৱস, ৮ মে’ত দামোদৰ দেৱৰ তিথি, ২৩ মে’ত বুদ্ধ পূৰ্ণিমা, ২৪ মে’ত মাধৱ দেৱৰ তিথি, ১৭ জুনত ঈড উল জুহা, ১৫ আগষ্টত স্বাধীনতা দিৱস, ২৩ আগষ্টত মাধৱদেৱৰ তিৰোভাৱ তিথি, ২৬ আগষ্টত

জন্মাষ্টমী, ৪ ছেপ্টেম্বৰত শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি, ১৪ ছেপ্টেম্বৰত কৰম পূজা, ২ অক্টোবৰ গান্ধী জয়ন্তী, ১০ ,১১, ১২অক্টোবৰত দুৰ্গা পূজা, ১৩ অক্টোবৰত বিজয়া দশমী আৰু শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ, ১৭ অক্টোবৰত কাতি বিহু, ৩১ অক্টোবৰত কালি পূজা আৰু দেৱালী, ৫ নৱেম্বৰ ভাতৃ দ্বিতীয়া, ৭ নৱেম্বৰ চট পূজা, ১৫ নৱেম্বৰ গুৰু নানকৰ জয়ন্তী, ২৪ নৱেম্বৰ লাচিত দিৱস, ২ ডিচেম্বৰ অসম দিৱস আৰু ২৫ ডিচেম্বৰত খ্ৰিষ্টমাছ। এই দিন কেইটাত সম্পূৰ্ণ বন্ধ থাকিব।

ইয়াৰোপৰি ১৭ জুলাইত মহৰম আৰু ১৬ অক্টোবৰৰ লক্ষ্মী পূজাত অৰ্ধ ছুটিৰ ব্যৱস্থা কৰিছে। এই দিনটোত সকলো চৰকাৰী কাৰ্যালয় দিনৰ ১ বজাত বন্ধ হ’ব। ১ এপ্ৰিলত সকলো ৰাষ্ট্ৰীয়কৃত বেংকৰ লেনদেন বন্ধ থাকিব।

প্ৰতি মাহৰ দ্বিতীয় আৰু চুৰ্থ শনিবাৰে সকলো চৰকাৰী কাৰ্যালয় বন্ধ থাকিব। বাকী সকলো শনিবাৰে আন দিনৰ দৰেই খোলা থাকিব। ইয়াৰোপৰি প্ৰতিগৰাকী চৰকাৰী কৰ্মচৰাৰীয়ে ২ টা দিন সীমাবদ্ধ বন্ধৰ দিন হিচাপে লাভ কৰিব।

কামৰূপ মহানগৰ জিলাৰ বাহিৰে প্ৰতিখন জিলাৰ আয়ুক্তই এটা দিন সম্পূৰ্ণকৈ স্থানীয় বন্ধ ঘোষণা কৰিব পাৰিব। কামৰূপ মহানগৰ জিলাত মুখ্যমন্ত্ৰীৰ অধীনষ্ঠ সাধাৰণ প্ৰশাসনিক বিভাগৰ অনুমোদন সাপেক্ষা জিলাখনত দুটা দিন অতিৰিক্ত বন্ধ ঘোষণা কৰিব পাৰিব। ইয়াৰোপৰি বিভাগটোৱে সমগ্ৰ ৰাজ্যতে অতিৰিক্ত দুটা দিন বন্ধ ঘোষণা কৰিব পাৰিব।

Leave A Reply

Your email address will not be published.