Breaking

নগাঁৱত অসম মানৱ অধিকাৰ আয়োগৰ দল : কোৱাৰেন্টাইন চেন্টাৰ আৰু নগাঁও কাৰগাৰ পৰিৰ্দশন ।

0 54

নগাঁও

আজি অসম মানৱ অধিকাৰ আয়োগৰ অধ্যক্ষ ন্যায়াধীশ টি, ভায়োহাই, সদস্য এন, কে, বৰা আৰু ডি, কে, শইকীয়া আহি নগাঁওত উপস্থিত হয়। তেওঁলোকে প্ৰথমে নগাঁওৰ অৱৰ্ত ভৱনত উপস্থিত হৈ জিলা প্ৰশাসনৰ লগত এক বৈঠকত মিলিত হয়। এই বৈঠকত জিলা উপায়ুক্ত যাদৱ শইকীয়া, অতিৰিক্ত উপায়ুক্ত  জয়ন্ত বৰা, হেমন্ত ভূঞাৰ লগতে বহুকেইগৰাকী বিষয়া উপস্থিত থাকে।ইয়াৰ পাছতে তেওঁলোকে নগাঁও জিলা কাৰাগাৰ আৰু জিলা প্ৰশাসনে স্থাপন কৰা দুটাকৈ কভিড কেয়াৰ চেণ্টাৰ পৰিদৰ্শন কৰে।  নগাঁওৰ ডচন স্কুলত স্থাপন কৰা কভিড কেয়াৰ চেণ্টাৰ আৰু ৰহা কলেজত স্থাপন কৰা কভিড কেয়াৰ চেণ্টাৰটো পৰিদৰ্শন কৰে আৰু এই চেণ্টাৰ সমূহত থকা লোক সকলৰ বুজ লয়।অসম মানৱ অধিকাৰ আয়োগৰ অধ্যক্ষ টি. ভিফেই ৰ নেতৃত্বত অহা এটা দলটোৱে আজি নগাঁও জিলাৰ কেইবাটাও কোৱাৰেণ্টাইন কেম্পলৈ গৈ পৰ্যাপ্ত সা-সুবিধা আছে নে নাই তাৰ বুজ লোৱাৰ লগতে  কাৰাগাৰত কৰোনা মহামাৰীৰ ভয়াৱতাৰ সময়ত কয়দী আৰু হাজোতী সকলে প্ৰয়োজনীয় সা-সুবিধা ঠিকমতে লাভ কৰিছে নে নাই সেই কথা জানিবলৈ নগাঁও কেন্দ্ৰীয় কাৰাগাৰ পৰিদৰ্শন কৰে ৷ মানৱ অধিকাৰ আয়োগৰ অধ্যক্ষ গৰাকীয়ে জেলৰ ভিতৰত চি চি টিভিৰ কেমেৰাৰ ব্যৱস্থা কৰা,সুৰক্ষাৰ ব্যৱস্থা কৰা আৰু প্ৰতিখন জেলতে এখনকৈ এম্বুলেন্সৰ ব্যৱস্থা কৰিব লাগে বুলিও কয়।ইপিনে মানৱ অধিকাৰ আয়োগৰ সদস্য দেৱ কুমাৰ বৰাই সাংবাদিকৰ আগত কয় যে-অসমৰ কাৰাগাৰত পুৰণি কয়দীয়ে নিৰ্যাতন চলাই কাৰাগাৰলৈ যোৱা নতুন হাজোতী – কয়দীক ৷আনকি যৌন নিৰ্যাতনৰ দৰে ঘটনাও সংঘটিত হয়। মানৱ অধিকাৰ আয়োগৰ সদস্যজনৰ এই অভিযোগ নগাঁও কেন্দ্ৰীয় কাৰাগাৰৰ অধীক্ষক জনে অস্বীকাৰ কৰে।

Leave A Reply

Your email address will not be published.