Breaking

সুব্ৰত কাপ আন্তঃৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতাত কোৱাৰ্টাৰ ফাইনেলত অসম

0 569

দেশৰ ৰাজধানী চহৰ দিল্লীৰ সুবৰ্ত পাৰ্ক এয়াফৰ্চ খেলপথাৰত অনুষ্ঠিত হৈ থকা ১৪ বছৰ অনুৰ্ধ্ব আন্তঃৰাষ্ট্ৰীয় সুব্ৰত কাপ ফুটবল প্ৰতিযোগিতাত অসম ফুটবল দলে উত্তৰ প্ৰদেশক পৰাজিত কৰি কোৱাৰ্টাৰ ফাইনেললৈ উন্নীত হৈছে৷ আজি পুৱাৰ ভাগত অনুষ্ঠিত হোৱা একপক্ষীয় খেলখনত মাধূৰ্য সূত্ৰধৰৰ দুগল আৰু কনক দলেৰ এগলেৰ উত্তৰ প্ৰদেশক পৰাজিত কৰে৷

আজিৰ খেলখনত অসম দলৰ খেলুৱৈসকলে সুন্দৰ বুজা-পৰাৰ মাজেৰে খেলি শক্তিশালী উত্তৰ প্ৰদেশক পৰাজিত কৰে আৰু এনে প্ৰদৰ্শন অব্যাহত থাকিলে পৰবৰ্ত্তী খেলসমূহতো সফলতা লাভ কৰিব বুলি প্ৰশিক্ষক যোগেশ্বৰ বসুমতাৰী আৰু টীম মেনেজাৰ গেৰেমছা দৈমাৰীয়ে আশা প্ৰকাশ কৰিছে৷

Leave A Reply

Your email address will not be published.