Breaking

Online trading scam: সংবাদমাধ্যমত ক’লা ধন বিনিয়োগ কৰি বগা কৰিব বিচাৰিছিল বিকাশ-চুমি-দীপাংকৰে!

47

চুমি, বিশাল, দীপাংকৰৰ দৰে লোকসকলৰ বিৰুদ্ধে পাপেৰে অৰ্জা ধন একাংশ সংবাদমাধ্যমতে বিনিয়োগ কৰাৰ অতি গুৰুতৰ তথা স্পৰ্শকাতৰ অভিযোগ উত্থাপন কৰিছে খোদ এগৰাকী আগশাৰীৰ সাংবাদিকৰ লগতে এটা চেটেলাইট চেনেলে। ৰাজ্যৰ আগশাৰীৰ সাংবাদিকগৰাকীয়ে কৰা মন্তব্য অনুসৰি বিশাল চুমিৰ পাপৰ টকাৰ ভাগ পাইছিল ৰাজ্যৰে আন এগৰাকী আগশাৰীৰ সাংবাদিকে(Online trading scam)।

গুৱাহাটী, ১৪ ছেপ্টেম্বৰঃ অসমৰ অনলাইন ট্ৰেডিঙৰ কেলেংকাৰীয়ে সময় বাগৰাৰ লগে লগে নিত্য নতুন পাক লোৱা পৰিলক্ষিত হৈছে(Online trading scam)। বিশাল ফুকন-চুমি বৰা বাহিনীয়ে অসমৰ শত শত লোকৰ পৰা জালিয়াতিৰে অনলাইন ট্ৰেডিঙৰ নামত প্ৰায় ৪,০০০ কোটি টকা সৰকাই নিয়া বুলি বিয়োগোম অভিযোগ উত্থাপন হোৱাৰ সময়তে পিছে আজিলৈকে অনলাইন ট্ৰেডিঙত ধন বিনিয়োগ কৰা কেনেও তেওঁলোকৰ ধন পানীত পৰিল বুলি টু শব্দ এটাও উচ্চাৰণ কৰা নাই।

বিশেষ সূত্ৰই প্ৰকাশ কৰা মতে, বিশাল-চুমিৰ বিশাল নেটৱৰ্কটোৰ জালত বন্দী হৈছিল ডিব্ৰুগড়ৰ বহু আগশাৰীৰ চিকিৎসক, উচ্চ পদস্থ আমোলা আদি। সূত্ৰটোৰ মতে সেইসকল লোকে বেঁকা পথেৰে অৰ্জা ধনৰ এক বুজন পৰিমাণৰ অংশ বিশাল-চুমিৰ অনলাইন ট্ৰেডিঙত বিনিয়োগ কৰিছিল। এতিয়া মুখ খুলিলে ক’লা ধনৰ তথ্য ফাদিল হৈ পৰাৰ ভয়তে সেইসকল বিনিয়োগকাৰীয়ে মুখ বন্ধ কৰি ৰাখিছে বুলি সূত্ৰটোৱে দাবী কৰিছে(online trading scam in Assam)।

কিন্তু এইখিনিতে এটা প্ৰশ্ন উত্থাপন হৈছে প্ৰায় ৪,০০০ কোটিকৈ টকা দৰাচলতে কোনে কিদৰে, ক’ৰ পৰা সংগ্ৰহ কৰিলে? সেই বিশাল অংকৰ ধন বিশাল-চুমিয়ে বিনিয়োগেই বা কৰিলে ক’ত? এয়া এক সহজে সমাধান কৰিব নোৱাৰা সাঁথৰ হৈ থকাৰ সময়তে আন কেতবোৰ কথাই নতুন বিতৰ্কৰ সৃষ্টি কৰিছে । চুমি, বিশাল, দীপাংকৰৰ দৰে লোকসকলৰ বিৰুদ্ধে পাপেৰে অৰ্জা ধন একাংশ সংবাদমাধ্যমতে বিনিয়োগ কৰাৰ অতি গুৰুতৰ তথা স্পৰ্শকাতৰ অভিযোগ উত্থাপন কৰিছে খোদ এগৰাকী আগশাৰীৰ সাংবাদিকৰ লগতে এটা চেটেলাইট চেনেলে। ৰাজ্যৰ আগশাৰীৰ সাংবাদিকগৰাকীয়ে কৰা মন্তব্য অনুসৰি বিশাল চুমিৰ পাপৰ টকাৰ ভাগ পাইছিল ৰাজ্যৰে আন এগৰাকী আগশাৰীৰ সাংবাদিকে।

অভিযোগ উত্থাপন কৰা আগশাৰীৰ সাংবাদিকগৰাকীয়ে কৈছে যে এগৰাকী শীৰ্ষ সাংবাদিকে এটা নতুনকৈ নামকৰণ কৰা পুৰণি ছেটেলাইট চেনেল আৰু পোৰ্টেলত বিশাল-চুমিৰ বিশাল অংকৰ ধন বিনিয়োগ কৰোৱাইছিল(Satellite channel and portal)। এইক্ষেত্ৰত চেনেল আৰু পোৰ্টেলৰ নামত চুমি-বিশালৰ পৰা ধন লোৱা আগশাৰীৰ সাংবাদিকগৰাকীয়ে বিশালৰ পৰা চেকৰ সলনি নগদ ধন গ্ৰহণ কৰিছিল বুলিও আগশাৰীৰ সাংবাদিকগৰাকীয়ে স্পষ্টভাবে মুকলি অভিযোগ কৰিছে। সাংবাদিকগৰাকীৰ মতে ইতিমধ্যে তদন্তকাৰী সংস্থাই আগশাৰীৰ সাংবাদিকজনে চুমি-বিশালৰ পৰা লোৱা ধনৰ তথ্য লভ কৰা বুলিও দাবী কৰিছে।

সাংবাদিকগৰাকীৰ এনে অভিযোগৰ মাজতে আন এটা ছেটেলাইট চেনেলে এইবুলি বাতৰি পৰিবেশন কৰিছে যে বিভিন্ন কাকত, চেনেল আদিত কাম কৰা আন এজন আগশাৰীৰ সাংবাদিকে নিজৰ পোৰ্টেলৰ বাবে অনলাইন ট্ৰেডিং ডিবি ষ্টকৰ পলাতক হৈ থকা মূল প্ৰতাৰক দীপাংকৰ বৰ্মনৰ পৰা মোটা অংকৰ ধন লৈছিল। কিন্তু চুমি-বিশালে একাংশ সংবাদমাধ্যমত ধন বিনিয়োগ কৰা বুলি অভিযোগ কৰা আগশাৰীৰ সাংবাদিক জনেই হওঁক বা ছেটলাইট চেনেলটোৱেই হওঁক, কোনেও অনলাইন ট্ৰেডিঙৰ ধন লাভ কৰা চেটেলাইট চেনেল, পোৰ্টেল আদিৰ নাম ঘূণাক্ষৰেও উল্লেখ কৰা নাই। আগশাৰীৰ সাংবাদিক তথা এটা ছেটেলাইট চেনেলে এনেদৰে চুমি-বিশাল-দীপাংকৰৰ পাপাৰ্জিত ধন সংবাদমাধ্যমলৈ যোৱা বুলি কৰা অভিযোগে সেয়ে এতিয়া ৰাইজৰ মনত সমগ্ৰ সংবাদমাধ্যমৰ প্ৰতিয়েই এক নেতিবাচক ধাৰণাৰ সৃষ্টি কৰা বুলি বিভিন্ন মহলত আলোচনা হোৱা পৰিলক্ষিত হৈছে।

লক্ষ্যণীয় কথাটো হ’ল একাংশ সংবাদমাধ্যমত অনলাইন ট্ৰেডিঙৰ ধন বিনিয়োগ হোৱা বুলি অভিযোগ উত্থাপন হোৱাৰ পিছতো অৱশ্যে ৰাজ্যৰ অগ্ৰণী সংবাদ গোষ্ঠীসমূহে ৰহস্যজনক কাৰণত মৌন হৈ আছে। কিন্তু ৰাইজৰ মাজত যিহেতু সংবাদমাধ্যমকলৈ নেতিবাচক ধাৰণাৰ সৃষ্টি হৈছে, সংবাদমাধ্যমৰ প্ৰতি সন্দেহ আৰু অবিশ্বাসৰ ভাবৰ উদ্ৰেক ঘটিছে সেয়ে এই বিষয়ত আমি মৌনতা অৱলম্বন কৰিব নোৱাৰিলো। আমাৰ এই প্ৰতিবেদনৰ উদ্দেশ্য কোনো বিশেষ সাংবাদিকক আক্ৰমণ কৰা নহয়, এই প্ৰতিবেদনৰ উদ্দেশ্য হৈছে সংবাদ মাধ্যমৰ সৈতে জড়িত লোকসকলে এনে অভিযোগ প্ৰতি অভিযোগ উত্থাপনৰ সময়তে আত্মসমালোচনা কৰাৰ এক অৱকাশ দিয়া। কাৰণ সংবাদমাধ্যমত যিদৰে বক্ৰ পথেৰে ধন আৰ্জি ধনী হোৱা সাংবাদিক থাকিব পাৰে, তেনেদৰে দিনটো কষ্ট কৰি মাহৰ মূৰত দৰমহা কেইটা পাই ঘৰ চলোৱা বহু সাংবাদিকো আছে।

ৰাজ্যৰ এগৰাকী আগশাৰীৰ সাংবাদিক আৰু ছেটেলাইট চেনেলটোৱে উত্থাপন কৰা অভিযোগ নিঃসন্দেহে টিলিকতে উৰুৱাই দিব পৰা অভিযোগ নহয়। কাৰণ এনে অভিযোগ এগৰাকী সন্মানীয় সাংবাদিকে কৰিছে, এনে অভিযোগ এটা আগশাৰীৰ ছেটেলাইট চেনেলে কৰিছে। সেয়ে এনে অভিযোগে সমগ্ৰ সংবাদমাধ্যমৰে গাত লগা চেকা দূৰ কৰিবলৈ আৰক্ষীয়ে তদন্ত কৰিব লাগে বুলি বহুতে দাবী জনাইে। বহুতে এই বুলি দাবী কৰিছে যে আৰক্ষীৰ তদন্ততহে কোন বাঘা সাংবাদিকে, ছেটেলাইট চেনেলে বা পোৰ্টেলে বিশাল-চুমি-দীপাংকৰৰ ধন লাভ কৰিছিল সেই তথ্য উদ্ঘাটন কৰিব পাৰিব। তেতিয়াই তেনে ধন লোৱা সাংবাদিক,ছেটেলাইট চেনেল বা পোৰ্টেলৰ নাম পোহৰলৈ আনিব পৰা যাব বুলি বহুতে মন্তব্য কৰিছে(Satellite Channel Journalists)।

লক্ষ্যণীয় কথাটো হ’ল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অনলাইন ট্ৰেডিঙৰ সমগ্ৰ ঘটনাক্ৰম পোহৰলৈ অনাত মুখ্য ভূমিকা গ্ৰহণ কৰিছিল(Assam Chief Minister Himanta Biswa Sarma)। এই কেলেংকাৰিৰ প্ৰায় সকলো কথাই মুখ্যমন্ত্ৰীৰ অৱগত যদিও ইয়াৰ সৈতে যে একাংশ সাংবাদিকো জড়িত সেই কথা হয়তো তেওঁৰ কৰ্ণগোচৰ হোৱা নাই বুলি বহুতে সন্দেহ কৰিছে। মুখ্যমন্ত্ৰীয়ে অনলাইন ট্ৰেডিঙৰ ধন লোৱা সাংবাদিক, পোৰ্টেল, ছেটেলাইট চেনেলৰ সমগ্ৰ তথ্য ফাদিল কৰিবলৈ আৰক্ষী আৰু তদন্তকাৰী সংস্থাক নিৰ্দেশ দিলে সকলো কথাৰ গোঁমৰফাঁক হৈ পৰিব বুলি বহুতে মন্তব্য কৰিছে। মুখ্যমন্ত্ৰীৰ তৎপৰতাতে সমগ্ৰ বিষয়টোৰ ৰহস্য উদ্ঘাটন হ’লে সেয়া হৈ পৰিব চুমিৰ চুনামীৰ ফলতে পোহৰলৈ অহা দেশ সত্য প্ৰথম খবৰ। তেনে এক দেশ সত্য প্ৰথম খবৰৰ অপেক্ষাই কৰিছে এতিয়া বহুজনে।

Comments are closed.