অসম – নাগালেণ্ড সীমান্তৰ নামদাং নদীৰ বাঢ়নী পানীয়ে উতাই নিলে কালৰ্ভাট : বৃস্তিৰ্ণ অঞ্চল প্লাৱিত 

যোৱা এসপ্তাহৰ ধৰি মুচলধাৰ বৰষুণৰ ফলত নাজিৰা মহকুমাৰ বিভিন্ন অঞ্চলত কৃত্ৰিম বানৰ লগতে জান – জুৰি , উপনৈ সমূহত পানীয়ে উপচাই পেলাইছে ।আজি কাহিলী পুৱাৰে পৰা ধাৰাসাৰ বৰষুণৰ ফলত নাজিৰা মহকুমাৰ অসম – নাগালেণ্ড সীমান্তৰ গেলেকী আৰক্ষী থানাৰ অন্তৰ্গত ৰজাভেটা গাঁও পঞ্চায়তৰ ৫ নং ৱাৰ্ডৰ লক্ষ্মীজান – নাইজুংটি পথৰ এটা কালভাৰ্ট নামদাং নদীৰ বাঢ়নী পানীয়ে উতাই নিয়াৰ ফলত ৰজাভেটা , শিঙিবিল , ওখটিং , লক্ষ্মীজান আদি বিভিন্ন অঞ্চল প্লাৱিত হৈ বহু পৰিয়ালৰ ঘৰ – লোৱাৰ উপচাই পেলায় ।

নাগালেণ্ডৰ নাইজুংটি অঞ্চলৰ ওখ পাহাৰৰ পৰা প্ৰৱাহিত পানী নামদাং নদী ফেনে – ফুটুকাৰে উফন্দি অহাৰ ফলত লক্ষ্মীজান – নাইজুংটি পথৰ ৰজাভেটাৰ উক্ত কালভাৰ্টতো উতাই নিয়াত বিস্তৃত অঞ্চল প্লাৱিত হৈ পৰে। 

Related Articles