Breaking

পেৰিছ অলিম্পিক ২০২৪ত অংশগ্ৰহণকাৰী লাভলীনা বৰগোহাঁইৰ লগতে ভাৰতীয় দলটোক শুভেচ্ছা জ্ঞাপন অসম অলিম্পিক সন্থাৰ…

0 47

পেৰিছ অলিম্পিক ২০২৪’ত অংশগ্ৰহণকাৰী অসমী আইৰ সু-সন্তান লাভলীনা বৰগোহাঁইৰ লগতে ভাৰতীয় দলটোক শুভেচ্ছা জ্ঞাপন কৰিবলৈ অসম অলিম্পিক সন্থাই আজি আয়োজন কৰে বিশেষ কাৰ্যসূচী। উক্ত কাৰ্যসূচীত উপস্থিত থাকে মন্ত্ৰী পীয়ূষ হাজৰিকা।

অসম কন্যা লাভলীনা আৰু ভাৰতীয় দলটোৰ খেলুৱৈসকলে সফল প্ৰদৰ্শনেৰে যাতে দেশলৈ গৌৰৱ কঢ়িয়াই আনিব পাৰে, তাৰ বাবে প্ৰতিগৰাকী খেলুৱৈক আন্তৰিক শুভকামনা জনাই মন্ত্ৰীগৰাকীয়ে।

আজিৰ এই অনুষ্ঠানত অৰ্জুন বঁটাপ্ৰাপক মনালিছা বৰুৱা মেহতা, অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰ, বক্সিং ফেডাৰেচন অৱ ইণ্ডিয়াৰ সাধাৰণ সম্পাদক হেমন্ত কুমাৰ কলিতা প্ৰমুখ্যে বহুকেইগৰাকী স্বনামধন্য খেলুৱৈ আৰু বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.